২৪ অক্টোবৰ (ইংৰাজী: 24 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৭তম (অধিবৰ্ষত ২৯৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৮টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৫৭৭ - মোগল সম্ৰাট আকবৰে আবণ্টন দিয়া ভূমিত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰে।
- ১৬০৫ - চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ সিংহাসনত আৰোহণ কৰে।
- ১৮৫১ - কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি কৰা হয়।
- ১৯৪৫ - ৫০খন দেশৰ অন্তৰ্ভুক্তিৰে বিশ্ব শান্তিৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়।
- ১৯৮৪ - কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে'ল ব্যৱস্থাৰ বা বামে'ট্ৰো ৰে'ল মুকলি কৰা হয়।
জন্ম
- ১৬৩২ - এণ্টনী ভন লিউৱেনহুক, ইংলেণ্ডৰ স্বভাৱ বিজ্ঞানী , অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক।
- ১৭৭৫ - বাহাদুৰ শ্বাহ (দ্বিতীয়), শেষ মোগল সম্ৰাট।
- ১৯০৩ - প্ৰমথেশ চন্দ্ৰ বৰুৱা, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক।
- ১৯১৪ - লক্ষ্মী সেহগল, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বিপ্লৱী, ‘আজাদ হিন্দ ফৌজ’ৰ কেপ্তেইন।
- ১৯২১ - ৰাচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ, ভাৰতীয় কাৰ্টুনিষ্ট, চিত্ৰকৰ আৰু ব্যংগ লেখক।
- ১৯৯২ - ৰবিন গুৰুং, ভাৰতীয় ফুটবল খেলুৱৈ।
মৃত্যু
- ১৬০১ - টাইকো ব্ৰাহে, ছুইডেনৰ জ্যোৰ্তিবিজ্ঞানী।
- ১৯৯১ - ইস্মত চুগতাই, ভাৰতীয় উৰ্দু ঔপন্যাসিক, চুটিগল্প লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা।
- ২০১৩ - মান্না দে, ভাৰতীয় ধ্ৰপদী সংগীতৰ কণ্ঠশিল্পী।
- ২০১৭ - গিৰিজা দেৱী, বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
দিৱস
বাহ্যিক সংযোগ