পূৰ্ণ স্বৰাজৰ ঘোষণা (হিন্দী: पूर्ण[1], পূৰ্ণ, অৰ্থ "সম্পূৰ্ণ", হিন্দী: स्व, স্ব, অৰ্থ "নিজৰ" আৰু হিন্দী: राज, ৰাজ, অৰ্থ "শাসন")[2], বা ভাৰতৰ স্বাধীনতা ঘোষণা, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা কৰা হৈছিল। এই ঘোষণাৰ যোগেদি কংগ্ৰেছ আৰু ভাৰতীয় জাতীয়তাবাদীসকলে সম্পূৰ্ণ স্বৰাজৰ, বা ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা সম্পূৰ্ণ স্বাধীন স্ব-শাসনৰ বাবে আহ্বান কৰিছিল।
১৯২৯ চনৰ ৩১ ডিচেম্বৰত আধুনিক পাকিস্তানৰ লাহোৰৰ ৰবি নদীৰ পাৰত জৱাহৰলাল নেহৰুৱে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। কংগ্ৰেছে ভাৰতীয়সকলক ২৬ জানুৱাৰীটো স্বাধীনতা দিৱস হিচাপে পালন কৰিবলৈ কৈছিল। ভাৰতৰ প্ৰতাকাখন সমগ্ৰ ভাৰতত কংগ্ৰেছৰ স্বেচ্ছাসেৱক, জাতীয়তাবাদী আৰু জনসাধাৰণে ৰাজহুৱাভাৱে উত্তোলন কৰিছিল
পটভূমি
১৯২৮ চনত হোৱা কংগ্ৰেছৰ কলিকতা অধিবেশনত মহাত্মা গান্ধীৰ চেষ্টাত ব্ৰিটিছ শাসনে ভাৰতক অংগৰাজ্যৰ (dominion) মৰ্যাদা দিয়াৰ দাবী তোলে, ইয়াৰ অন্যথা অন্য এক অসহযোগ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰে যাৰ লক্ষ্য হ'ব ভাৰতৰ পূৰ্ণ স্বাধীনতা। কংগ্ৰেছৰ ডেকা নেতা সুভাষ চন্দ্ৰ বসু আৰু জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বাধীনতাৰ বাবে আন্দোলন কৰাৰ পক্ষপাতী আছিল। কিন্তু গান্ধীয়ে তেওঁলোকক সৈমান কৰাবলৈ সক্ষম হয়, কিন্তু আন্দোলনৰ বাবে তেখেতে নিজে বিচৰা অপেক্ষাৰ দুবছৰৰ পৰিৱৰ্তে এবছৰ কৰে। [3]
ব্ৰিটিছ চৰকাৰে এই দাবীৰ প্ৰতি কোনো মন্তব্য কৰা নাছীল ১৯২৯ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে লাহোৰত ভাৰতৰ পতাকা উন্মোচন কৰা হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা দিৱস পালন কৰে। প্ৰায় প্ৰতিটো ভাৰতীয় দলেই এই দিনটোক বিভিন্ন ধৰণে উদ্যাপন কৰে। ইয়াৰ পাছতে গান্ধীয়ে নিমখৰ (লোণ) ওপৰত আৰোপ কৰা কৰৰ বিৰূদ্ধে এক নতুন সত্যাগ্ৰহ গঢ়ি তোলে। এই সত্যাগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১২ মাৰ্চৰপৰা ৬ এপ্ৰিললৈ দাণ্ডী যাত্ৰা কৰে। এই যাত্ৰাত গান্ধীয়ে পদব্ৰজে ৩৮৮ কি.মি. (৩৮৮ kilometre (241 মাইল)) ভ্ৰমণ কৰি আহমেদাবাদৰপৰা দাণ্ডীৰ সাগৰতীৰত উপস্থিত হয়, আৰু নিজহাতে নিমখ তৈয়াৰ কৰি যাত্ৰাৰ সমাপ্তি কৰে। কেবাহাজাৰ ভাৰতীয়ই গান্ধীৰ এই যাত্ৰাত অংশ লৈছিল। ভাৰতত ব্ৰিটিছৰ খোপনি দুৰ্বল কৰি জনসাধাৰণক উদ্বুদ্ধ কৰাত এই যাত্ৰাই বিশেষ ভূমিকা লৈছিল। চৰকাৰে ৬০,০০০-ৰো অধিক ব্যক্তিক এই যাত্ৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।[4]