মণিলাল মোহনদাস গান্ধী (ইংৰাজী: Manilal Mohandas Gandhi; ২৮ অক্টোবৰ ১৮৯২ – ৫ এপ্ৰিল ১৯৫৬)[1][2] আছিল এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা ইণ্ডিয়ান অপিনিয়নৰ সম্পাদক। তেঁও আছিল মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ দ্বিতীয় সন্তান। তেওঁৰ তিনিজন ককায়েক ভায়েক আছিল- হৰিলাল গান্ধী, ৰামদাস গান্ধী আৰু দেৱদাস গান্ধী।
জীৱনৰ সময়ছোৱা
ব্ৰিটিছ ভাৰতৰ ৰাজকোটত মণিলালৰ জন্ম হৈছিল। তেওঁৰ প্ৰাৰম্ভিক বছৰ ৰাজকোটত অতিক্ৰম কৰিছিল, আৰু ১৮৯৭ চনত তেওঁ প্ৰথমবাৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিছিল। পৰিয়ালটো এসময়ত দুৰ্বান আৰু জহান্সবাৰ্গত বাস কৰিছিল[3] ১৯০৬ চনৰ পৰা ১৯১৪ চনৰ ভিতৰত তেওঁ তেওঁৰ পিতৃৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা দুয়োটা বসতি ৰখা হয়।[3]
ভাৰতলৈ এক চমু ভ্ৰমণৰ পিছত, ১৯১৭ চনত মণিলালে দুৰ্ৰবানৰ ফিক্সত গুজৰাটী-ইংৰাজী সাপ্তাহিক প্ৰকাশন ইণ্ডিয়ান অপিনিয়ন ছপা কৰাত সহায় কৰিবলৈ দক্ষিণ আফ্ৰিকালৈ উভতি আহে। ১৯১৮ চনৰ ভিতৰত, মণিলালে প্ৰেছৰ বাবে বেছিভাগ কাম কৰি আছিল আৰু ১৯২০ চনত সম্পাদক হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল।
১৯২৭ চনত, মণিলালে সুশীলা মাশ্ৰুৱালাক (২৪ আগষ্ট ১৯০৭-১৯৮৮),[4] বিবাহ কৰে আৰু তেওঁৰ দুগৰাকী কন্যা আছিল, সীতা (বি ১৯২৮) আৰু ইলা (বি ১৯৪০); আৰু এটা সন্তান, অৰুণ (বি ১৯৩৪)।
তেওঁৰ পিতৃৰ দৰে, মণিলালক বহুবাৰ আইনৰ বিৰোধিতাৰ অপৰাধত বহুবাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। তেওঁ ১৯৩০ চনৰ ছল্ট মাৰ্চত গান্ধীৰ সৈতে যোৱা প্ৰাৰম্ভিক ৭৯জন মাৰ্চাৰসকলৰ ভিতৰৰ এজন আছিল, যাৰ বাবে তেওঁ বন্দী হৈছিল।[3]
তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে অৰ্থাৎ ১৯৫৬ চনলৈকে ইণ্ডিয়ান অপিনিয়নৰ সম্পাদক আছিল।[5] ষ্ট্ৰ'ক হোৱাৰ পিছত চেৰিব্ৰেল থ্ৰমবোচিছৰ ফলত মণিলালৰ মৃত্যু হয়।
পূৰ্বৱৰ্তী
মণিলালৰ সন্তান অৰুণ আৰু ইলাও সামাজিক-ৰাজনৈতিক কৰ্মী। শেহতীয়াকৈ সীতাৰ কন্যা উমা ডি মেষ্টৰীই অলপতে মণিলালৰ ওপৰত জীৱনী প্ৰকাশ কৰিছে।[6]
টোকা
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
---|
| জীৱনৰ ঘটনাৱলী আৰু আন্দোলন | |
---|
| দৰ্শন | |
---|
| প্ৰকাশন | |
---|
| প্ৰভাৱিত হয় | |
---|
| সহযোগী | |
---|
| প্ৰবাদ | |
---|
| পৰিয়াল | |
---|
| প্ৰভাৱিত কৰে | |
---|
| স্মাৰক |
মূৰ্তি |
- ভাৰত
- দক্ষিণ আফ্ৰিকা
- ইংলেণ্ড
- আমেৰিকা
|
---|
| উদযাপন | |
---|
| অন্যান্য | |
---|
|
---|
| মিডিয়া | |
---|
|