এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে।
ইছলামৰ সৰ্বশেষ নবী মুহাম্মাদ محمد صلی اللہ علیہ وسلم
আৰু এটা উল্লেখযোগ্য তথ্যসূত্ৰ হ'ল হাদিছ সংকলন, মুহাম্মাদ (ছাঃ)-ৰ মৌখিক আৰু কাৰ্যগত শিক্ষা আৰু ঐতিহ্য। মুহাম্মাদ (ছাঃ)-ৰ মৃত্যুৰ পাছত বিভিন্ন উল্লেখযোগ্য ব্যক্তিয়ে বহু প্ৰজন্মব্যাপী হাদীছ সংকলন কৰিছে। সিহঁতৰ ভিতৰত অন্যতম হ'ল মুহাম্মাদ আল বুখাৰী, মুহাম্মাদ ইবনে ইছা আত-তিৰমিজি প্ৰভৃতি।[19]
কিছু পাশ্চাত্য শিক্ষাবিদেও হাদিছ সংকলনক সম্পূৰ্ণ নিৰ্ভুল ঐতিহাসিক তথ্যসূত্ৰ বুলি ভাবে।[19] আকৌ ম্যাডেল্যাঙৰ নিচিনা পণ্ডিতসকলে পৰৱৰ্তী যুগত সংগৃহীত হাদিছৰ বিবৃতিক প্ৰত্যাখ্যান নকৰিলেও সেইসমূহ ঐতিহাসিক পৰিস্থিতি সাপেক্ষে আৰু প্ৰসঙ্গ ও ব্যক্তিৰ সৈতে সামঞ্জস্যৰ ভিত্তিত বিচাৰ কৰি থাকে।[20]
ইছলামী চৰিতাভিধান অনুসৰি জীৱনী
জন্ম
মুহাম্মাদ (ছাঃ)য়ে বৰ্তমান চৌদি আৰৱত অৱস্থিত মক্কা নগৰীৰ কুৰাইশ্ব বংশৰ বনু হাশ্বিম গোত্ৰত জন্ম গ্ৰহণ কৰিছিল[21][22]। প্ৰচলিত ধাৰণা মতে, তেখেত ৫৭০ খ্ৰীষ্টাব্দৰ ২৯ আগষ্ট বা আৰবী ৰবিউল আউয়াল মাহৰ ১২ তাৰিখে জন্মগ্ৰহণ কৰিছিল।[23]। প্ৰখ্যাত ইতিহাসবিদ মণ্টগোমাৰি ওয়াটএ তেওঁৰ কিতাপত ৫৭০ চন বুলি উল্লেখ কৰিছে; কিন্তু প্ৰকৃত তাৰিখ উদঘাটন সম্ভৱপৰ হোৱা নাই। ইয়াৰ উপৰিও মুহাম্মাদে (ছাঃ) নিজে কোনো মন্তব্য কৰিছে বুলি নিৰ্ভৰযোগ্য কোনো প্ৰমাণ পোৱা যোৱা নাই; সেয়েহেই এইটোক লৈ ব্যাপক মতবিৰোধ আছে। আনকি মাহক লৈও ব্যাপক মতবিৰোধ পোৱা যায়। যেনেকৈ, এটা বৰ্ণনাত এইটো ৫৭১ চনৰ ৯ ৰবিউল আউয়াল এপ্ৰিল ২৬ হ'ব; চাইয়েদ ছোলাইমান নদভী, চালমান মনসুৰপুৰী আৰু মোহাম্মদ পাশ্বা ফালাকিৰ গৱেষণাত এই তথ্য ওলাই আহিছে। কিন্তু তেখেতৰ জন্মৰ বছৰতেই হস্তী যুদ্ধৰ ঘটনা ঘটিছিল[24][25] আৰু সেই সময়ত সম্ৰাট নৰশ্বেৰওয়াৰ সিংহাসনত আৰোহণৰ ৪০ বছৰ পূৰ্ণ হৈছিল ইয়াক লৈ কাৰোৰ মাজত দ্বিমত নাই।
শৈশৱ আৰু কৈশোৰ কাল
মুহাম্মাদ (ছাঃ)-ৰ পিতা আব্দল্লাহ ইবনে আব্দল মুত্তালিব তেওঁৰ জন্মৰ প্ৰায় ছয় মাহ পূৰ্ৱতেই মৃত্যুবৰণ কৰে[26]। তৎকালীন আৰৱৰ ৰীতি আছিল যে সিহঁতে মৰুভূমিৰ মুক্ত জলবায়ুত বাঢ়ি উঠাৰ মাধ্যমেৰে সন্তানসকলৰ সুস্থ দেহ আৰু সুঠাম গঠন সৃষ্টিৰ বাবে জন্মৰ পিছতেই গাখীৰ পান কৰোৱাবৰ বাবে নিয়োজিত বেদুইন মহিলাসকলৰ ওচৰত দি দিয়া হৈছিল আৰু নিৰ্দিষ্ট সময়ৰ পাছত আকৌ ঘূৰাই লোৱা হৈছিল[27]। এই ৰীতি অনুসৰি হজৰত মুহাম্মাদ (ছাঃ) কো হালিমা বিনতে আবু জুয়াইবেৰ (অন্য নাম হালিমা ছাদিয়া) হাতত দি দিয়া হয়[28]। এই শিশুক ঘৰলৈ অনাৰ পাছত দেখা যায় হালিমাৰ সচ্ছলতা ঘূৰি আহে আৰু সিহঁতে শিশুপুত্ৰক সঠিকভাৱে লালন-পালন কৰিবলৈ সমৰ্থ হয়। তেতিয়াৰ এটি ঘটনা উল্লেখযোগ্যঃ শিশু মুহাম্মাদ (ছাঃ)এ কেৱল হালিমাৰ এটা স্তনেই পান কৰিছিল আৰু অন্যটো তেওঁৰ অন্য দুধভাইৰ(হালিমাৰ নিজৰ সন্তানৰ) বাবে ৰাখি দিছিল। দুই বছৰ লালন-পালনৰ পাছত হালিমাই শিশু মুহাম্মাদ (ছাঃ) ক আমিনাৰ ওচৰলৈ ওভতাই দিয়ে। কিন্তু ইয়াৰ পিছতেই মক্কাত মহামাৰীয়ে দেখা দিয়ে আৰু শিশু মুহাম্মাদ (ছাঃ) ক হালিমাৰ ওচৰলৈ ঘূৰাই দিয়া হয়। হালিমাও শিশুটিক ঘূৰাই পাবলৈ বিছাৰিছিল। ফলত তেখেতৰ আশাও পূৰ্ণ হ'ল। ইছলামী বিশ্বাসমতে ইয়াৰ কেইদিনমান পাছতেই এটা অলৌকিক ঘটনা ঘটে - এদিনখন শিশু নবীৰ বুকু ফালি কলিজাৰ এটি অংশ বাহিৰ কৰি সেয়া জমজম কোৱাৰ পানিৰে ধুই আকৌ যথাস্থানে স্থাপন কৰি দিয়ে ফৰিষ্টাজিব্ৰাইল আৰু ফৰিষ্টা মিকাইলে। এই ঘটনাটো ইছলামৰ ইতিহাসত বক্ষ বিদাৰণৰ ঘটনা হিচাপে খ্যাত।
এই ঘটনাৰ পিছতেই হালিমাই মুহাম্মাদ (ছাঃ) ক মাক আমিনাৰ ওচৰলৈ ওভতাই দিয়ে। ছয় বছৰ বয়স পূৰ্ণ হোৱালৈকে তেওঁ মাৰ লগতেই কটায়। এই সময়ত এদিন লৰাক লগতলৈ মদিনাতলৈ যাবৰ বাবে মাক আমিনাৰ ইচ্ছা হয়। সম্ভৱত কোনো আত্মীয়ৰ লগত দেখা কৰা আৰু স্বামীৰ কবৰ জিয়াৰত কৰাই ইয়াৰ কাৰণ আছিল। মা আমিনা, লৰা, শশুৰ আৰু সঙ্গী উম্মে আয়মনক লৈ ৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি মদিনাত উপস্থিত হয়। তেখেত মদিনাত একমাহ সময় অতিবাহিত কৰে। একমাহৰ পাছত মক্কালৈ ওভতাৰ পথত আৰওয়া নামৰ স্থানত আহি তেখেত গুৰুতৰ অসুস্থ হৈ পৰে আৰু সেই ঠাইতেই মৃত্যুবৰণ কৰে[28][29]। মাতাৰ মৃত্যুৰ পাছত ককা আব্দল মুত্তালিবয়ে শিশু মুহাম্মাদক লৈ মক্কাত আহে। ইয়াৰ পাছৰ পৰাই ককায়েকেই হজৰত মুহাম্মাদ (ছাঃ)ক দেখাশোনা কৰি থাকে[25][28]। মুহাম্মদ (ছাঃ)-ৰ বয়স যেতিয়া ৮ বছৰ ২ মাহ১০ দিন আছিল তেতিয়া তেওঁৰ ককায়েকৰো মৃত্যু হয়। মৃত্যুৰ আগতে তেখেতে তেখেতৰ পুত্ৰ আবু তালিবক মুহাম্মাদ (ছাঃ)-ৰ দায়িত্ব দি যায়।
আবু তালিব ব্যৱসায়ী আছিল আৰু আৱবসকলৰ নিয়ম অনুযায়ী বছৰত এবাৰকৈ চিৰিয়ালৈ ছফৰ সূত্ৰে গৈছিল। মুহাম্মাদ (ছাঃ)-ৰ বয়স যেতিয়া ১২ বছৰ আছিল তেতিয়া তেওঁ খুড়াৰ সৈতে চিৰিয়ালৈ যোৱাৰ বাবে বায়না(জোৰকৈ ধৰিলে। প্ৰগাঢ় মমতাৰ কাৰণে আবু তালিবে নিষেধ কৰিব নোৱাৰিলে। যাত্ৰাপথত বছৰালৈ উপস্থিত হোৱাৰ পাছত কাফেলাসহ আবু তালিবে তান্বু পেলালে(অস্থায়ী বাসস্থান)। সেই সময়ত আৰৱ উপদ্বীপৰ ৰোম অধিকৃত ৰাজ্যৰ ৰাজধানী বছৰা বহুত দিশৰ পৰা অন্যতম আছিল। কথিত আছে, চহৰটোত জাৰজিছ নামৰ এজন খ্ৰীষ্টান পাদ্ৰি আছিল; যিজন বুহাইৰা বা বহিৰা নামেৰে অধিক পৰিচিত আছিল। তেখেত তেখেতৰ গিৰ্জাৰ পৰা বাহিৰলৈ আহি কাফেলাৰ মুছাফিৰ সকললৈ মেহমানদাৰী কৰে। এই সময়ত তেখেতে বালক মুহাম্মাদ (ছাঃ) ক দেখি শেষ নবী হিচাপে চিহ্নিত কৰে[30]। ফিজাৰৰ যুদ্ধ যেতিয়া আৰম্ভ হয় তেতিয়া নবীৰ বয়স ১৫ বছৰ আছিল। এই যুদ্ধত তেওঁ স্বয়ং অংশগ্ৰহণ কৰে। যুদ্ধৰ নিৰ্মমতাত তেওঁ অত্যন্ত ব্যথিত হয়। কিন্তু তেওঁ একোৱেই কৰিব পৰা নাছিল। সেই সময়ৰ পৰাই তেওঁ কিবা এটা কৰাৰ চিন্তাভাবনা আৰম্ভ কৰে। তেওঁৰ উত্তম চৰিত্ৰ আৰু সদাচৰণৰ কাৰণে পৰিচিত মহলৰ সকলোৱেই তেওঁক "আল-আমিন" (আৰবী : الامين, অৰ্থ : "বিশ্বস্ত, বিশ্বাসযোগ্য, আস্থাভাজন") "আছ-ছাদিক" (অৰ্থ : "সত্যবাদীl") বুলি সম্বোধন কৰিছিল।[7][22][31][32]
নবুওৱত-পূৰ্ৱ জীৱন
আৰৱ সকলৰ মাজত বিদ্যমান হিংস্ৰতা, খেয়ানতপ্ৰৱণতা আৰু প্ৰতিশোধস্পৃহা দমনৰ বাবেই হিলফুল ফুজুল নামৰ এটি সংগঠন প্ৰতিষ্ঠিত হয়। মুহাম্মাদ (ছাঃ) ইয়াত যোগদান কৰে আৰু এই সংঘক আগুৱাই লৈ যাৱলৈ তেওঁ বিৰাট ভূমিকা ৰাখে। বিভিন্ন সূত্ৰৰ পৰা জনা যায় তৰুণ বয়সত মুহাম্মাদ (ছাঃ)-ৰ তেনেকোৱা কোনো উপাৰ্জন নাছিল। কিন্তু তেওঁ বকৰি(ছাগলী) পুহিছিল বুলি বহুতেই উল্লেখ কৰি। সাধাৰণতে তেওঁ যে বকৰিবোৰ পুহিছিল সেইবোৰ আছিল বনি ছা'দ গোত্ৰৰ। কেই কিৰাত পাৰিশ্ৰমিকৰ বিনিময়ত তেওঁ মক্কাত বসবাস কৰা বিভিন্ন ব্যক্তিৰ বকৰিও পুহি দিছিল। ইয়াৰ পাছত তেওঁ ব্যৱসায় আৰম্ভ কৰে। খুব কম সময়ৰ মাজতেই এইকামত তেওঁ ব্যাপক সফলতা লাভ কৰে। ব্যৱসায় উপলক্ষে তেওঁ চিৰিয়া, বচৰা, বাহৰেইন আৰু য়েমেনলৈ কেইবাবাৰো ভ্ৰমণ কৰে। মুহাম্মাদ (ছাঃ)-ৰ সুখ্যাতি যেতিয়া চাৰিওফালে বিয়পি পৰে তেতিয়া খাদিজা বিনতে খুওয়াইলিদে (ৰাঃ) সেয়া অৱহিত হৈ তেওঁক নিজৰ ব্যৱসায়ৰ বাবে ছজৰলৈ যোৱাৰ অনুৰোধ জনায়। মুহাম্মাদ (ছাঃ)এ সেই প্ৰস্তাৱ গ্ৰহণ আৰু খাদিজাৰ পণ্য লৈ চিৰিয়াৰ অন্তৰ্খত বছৰা লৈকে যায়।
খাদিজা (ৰাঃ)এ মাইছাৰৰ মুখত মুহাম্মাদ (ছাঃ)-ৰ সততা আৰু ন্যায়পৰায়ণতাৰ ভূয়সী প্ৰশংশা শুনি অভিভূত হয়। ইয়াৰ বাহিৰেও ব্যৱসায়ৰ সফলতা দেখি তেখেতে তেওঁৰ যোগ্যতা সম্বন্ধেও অৱহিত হয়। এক পৰ্যায়ত তেখেতে মুহাম্মাদ (ছাঃ)ক বিবাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেখেতে স্বীয় বান্ধৱী নাফিছা বিনতে মুনব্বিহৰৰ ওচৰত বিয়াৰ ব্যাপাৰে তেখেতৰ মনৰ কথা ব্যক্ত কৰে। নাফিছাৰ পৰা শুনি মুহাম্মাদ (ছাঃ)এ কয় যে তেওঁ তেওঁৰ অভিভাবকসকলৰ সৈতে কথা পাতি জনাব। মুহাম্মাদ (ছাঃ)এ তেওঁৰ খুড়াৰ সৈতে কথা পাতি বিয়াৰ সম্মতি জ্ঞাপন কৰে। বিয়াৰ সময়ত খাদিজা (ৰাঃ)ৰ বয়স আছিল ৪০ বছৰ আৰু মুহাম্মাদ (ছাঃ)-ৰ বয়স আচিল ২৫ বছৰ। খাদিজা (ৰাঃ)ৰ জীৱদ্দশাত তেওঁ আৰু কোনো বিয়া কৰোৱা নাই। খাদিজা (ৰাঃ)ৰ গৰ্ভত মুহাম্মাদ (ছাঃ)-ৰ ছয়জন সন্তান জন্মগ্ৰহণ কৰে, যাৰ মাজত চাৰিজনী ছোৱালী আৰু দুজন লৰা। সিহঁতৰ নাম যথাক্ৰমে কাছিম, জয়নাব, ৰুকাইয়া, উম্মে কুলছুম, ফাতিমা আৰু আব্দুল্লাহ। লৰা সন্তান দুজনেই শৈশৱত মৃত্যু হয়। ছোৱালীৰ মাজত সকলোৱেই ইছলামী যুগ পায় আৰু ইছলাম গ্ৰহণ কৰে আৰু একমাত্ৰ ফাতিমা (ৰাঃ)ৰ বাহিৰে সকলোৱেই নবীৰ জীৱদ্দশাতেই মৃত্যুবৰণ কৰে।
মুহাম্মাদ (ছাঃ)-ৰ বয়স যেতিয়া ৩৫ বছৰ তেতিয়া কা'বা গৃহৰ পুনঃনিৰ্মাণৰ প্ৰয়োজনীয়তা দেখা দিয়ে। ভালে কেইটামান কাৰণত কাবা গৃহৰ সংস্কাৰ কাম আৰম্ভ হয়। পুৰণা ইমাৰত ভাঙি পেলাই নতুনকৈ তৈয়াৰ কৰা আৰম্ভ হয়। এনেকৈ পুনঃনিৰ্মাণৰ সময়ত যেতিয়া হাজৰে আছওয়াদ (পৱিত্ৰ কলা পাথৰ) পৰ্য্যন্ত নিৰ্মাণৰ কাম শেষ হয় তেতিয়াই বিপত্তি দেখা দিয়ে। মূলত কোন গোত্ৰৰ লোকে সেই কামটো কৰিব তাকলৈ আছিল কন্দল। নিৰ্মাণকাম সকলো গোত্ৰৰ মাজত ভাগ কৰি দিয়া হৈছিল। কিন্তু হাজৰে আছওয়াদ স্থাপন আছিল এজনৰ কাম। কোনে স্থাপন কৰিব তাক লৈ বিবাদ আৰম্ভ হয় আৰু চাৰি-পাঁচ দিনলৈ এই বিবাদ অব্যাহত থকাত এক পৰ্যায়ত এইটো ইমানেই মাৰাত্মক ৰূপ ধাৰণ কৰে যে হত্যাকাণ্ড পৰ্যন্ত ঘটাৰ সম্ভাৱনাই দেখা দিয়ে। সেই অৱস্থাত আবু উমাইয়া মাখজুমিএ এটা সমাধান নিৰ্ধাৰণ কৰে যে পিছৰ দিনে প্ৰত্যুষে মছজিদ হাৰামৰ দৰ্জায়েদি যিজনে প্ৰথমে প্ৰৱেশ কৰিব তেওঁৰ সিদ্ধান্তই সকলোৱে মানি ল'ব। পৰৱৰ্তী দিনা মুহাম্মাদ (ছাঃ)এ প্ৰথমে কাবাত প্ৰৱেশ কৰে। ইয়াত সকলোৱেই অতি সন্তুষ্ট হয় আৰু তেওঁক বিচাৰক হিচাপে মানি লয়। আৰু তেওঁৰ প্ৰতি সকলোৰৰ সুগভীৰ আস্থাও আছিল। যিয়েই নহওক এই দায়িত্ব পাই মুহাম্মাদ (ছাঃ)এ অত্যন্ত সুচাৰুৰূপে সমাধান কৰে। তেওঁ এটা চাদৰ পেলাই লৈ তাৰ ওপৰত নিজ হাতেৰে হাজৰে আছওয়াদ ৰাখে আৰু বিবদমান প্ৰত্যেক গোত্ৰৰ নেতাসকলক মাতি আনি সিহঁতক চাদৰৰ বিভিন্ন কোণত ধৰি যথাস্থানলৈ লৈ যাৱলৈ কয় আৰু সিহঁতে সেয়াই কৰে। ইয়াৰ পাছত তেওঁ পাথৰ উঠাই লৈ নিৰ্দিষ্ট স্থানত স্থাপন কৰে।
↑There are smaller sects which too believe Muhammad to be not the last Prophet: The Nation of Islam considers Elijah Muhammad to be a prophet (source: African American Religious Leaders – Page 76, Jim Haskins, Kathleen Benson – 2008). United Submitters International consider Rashad Khalifa to be a prophet. (Source: Daniel Pipes, Miniatures: Views of Islamic and Middle Eastern Politics, page 98 (2004))
↑The Ahmadiyya Muslim Community considers Muhammad to be the "Seal of the Prophets" (Khātam an-Nabiyyīn) and the last law-bearing Prophet but not the last Prophet. See:
↑"the original of the letter was discovered in 1858 by Monsieur Étienne Barthélémy, member of a French expedition, in a monastery in Egypt and is now carefully preserved in Constantinople. Several photographs of the letter have since been published. The first one was published in the well-known Egyptian newspaper Al-Hilal in November 1904" Muhammad Zafrulla Khan, Muhammad: Seal of the Prophets, Routledge & Kegan Paul, London, 1980 (chapter 12). The drawing of the document published in Al-Hilal was reproduced in David Samuel Margoliouth, Mohammed and the Rise of Islam, London (1905), p. 365, which is the source of this image.
↑Elizabeth Goldman (1995), p. 63, gives 8 June 632, the dominant Islamic tradition. Many earlier (mainly non-Islamic) traditions refer to him as still alive at the time of the invasion of Palestine. See Stephen J. Shoemaker,The Death of a Prophet: The End of Muhammad's Life and the Beginnings of Islam, University of Pennsylvania Press, 2011.