হিন্দ স্বৰাজমহাত্মা গান্ধীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। এই গ্ৰন্থ ১৯০৯ত লিখা হৈছিল। তেওঁ এই গ্ৰন্থত নিজৰ স্বৰাজ, আধুনিক সভ্যতা আৰু যান্ত্ৰিকীকৰণৰ বিষয়ে মত দাঙি ধৰিছে।[1]
পটভূমি
গান্ধীয়ে এই গ্ৰন্থ নিজৰ মাতৃভাষা গুজৰাটীত লিখিছিল ১৩ নৱেম্বৰৰপৰা ২২ নৱেম্বৰলৈ এছএছ কিল্ডনান কেচেলত লণ্ডনৰপৰা দক্ষিণ আফ্ৰিকা যাত্ৰা কৰাৰ সময়ত। এই গ্ৰন্থত গান্ধীয়ে আধুনিক বিশ্বৰ সমস্যা, সেই সমস্যাসমূহৰ কাৰণ আৰু তেওঁৰ বিচাৰত সমাধানৰ বিষয়ে আলোচনা কৰিছে। কিতাপখনৰ গুজৰাটী সংস্কৰণ ব্ৰিটিছ প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰিছিল। তাৰ পাছত গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰা হ'ল। এই ইংৰাজী অনুবাদ নিষিদ্ধ কৰা নহ'ল কাৰণ প্ৰশাসনৰ মতে এই গ্ৰন্থই ব্ৰিটিছ বিচাৰধাৰা ইতিমধ্যেই গ্ৰহণ কৰা ইংৰাজী জনা ভাৰতীয়ৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'ব। পাছলৈ এই গ্ৰন্থ ফৰাচী ভাষালৈও অনুবাদ কৰা হ'ল।[2]
মুখ্য যুক্তি
এই গ্ৰন্থ দুই চৰিত্ৰৰ কথোপকথন ৰূপে প্ৰকাশিত- পাঠক (সেই সময়ৰ গাঁৱলীয়া ভাৰতীয়) আৰু সম্পাদক (গান্ধী)। ভাৰতৰ স্বাধীনতাৰ বিষয়ে সেই সময়ত সাধাৰণতে প্ৰচলিত বিচাৰধাৰাসমূহৰ বিষয়ে এই গ্ৰন্থত আলোচনা কৰা হৈছে।
চাৰি ধৰণৰ যুক্তি ব্যৱহাৰ কৰা হৈছে:
প্ৰথমে গান্ধীয়ে যুক্তি দিছিল যে "গৃহ ৰাজ হ'ল "স্বৰাজ"। তেওঁৰ মতে কোনো কোনোৱে ইংৰাজ লোকবিহীন ইংৰাজ শাসন বিচাৰিছিল- ভাৰতীয় লোকেই শাসন কৰিব কিন্তু ব্ৰিটিছ ব্যৱস্থা ব্যৱহাৰ কৰি। তেওঁ তেনে শাসনক সমৰ্থন কৰা নাছিল।
তেওঁ যুক্তি দাঙি ধৰিছিল যে অহিংস পথেৰেহে ভাৰতে স্বাধীনতা লাভ কৰিব পাৰিব। তেওঁ হিংসাক কেৱল লাভহীন জ্ঞান কৰা নাছিল, তেওঁ ভাবিছিল যে ই ক্ষতিকাৰক। "প্ৰেম আৰু দয়াৰ বল অস্ত্ৰৰ বলতকৈ গণনাবিহীন গুণে অধিক"। এই যুক্তি সমগ্ৰ গ্ৰন্থতেই গুৰুত্বপূৰ্ণভাৱে বিদ্যমান।
অহিংস প্ৰতিবাদ ৰূপে গান্ধীয়ে ভাৰতীয়ক আত্ম-নিৰ্ভৰ হ'বলৈ কৈছিল। তেওঁ ব্ৰিটিছৰ সৈতে বাণিজ্য নকৰিবলৈ কৈছিল। তেওঁ ব্ৰিটিছক উদ্দেশ্যি লিখিছিল "যদি আপুনি আমাৰ দাবী নামানে, আমি আবেদনকাৰী হৈ নাথাকো। আপুনি আমাক তেতিয়াহে শাসন কৰিব পাৰে যেতিয়া আমি শাসিত হৈ থাকোঁ; আমি আপোনাৰ লগত আৰু কোনো কাৰোবাৰ নকৰো। " গান্ধীয়ে এক আশ্চৰ্যকৰ যুক্তি আগবঢ়াইছে, যদি ব্ৰিটিছে ভাৰতৰ সৈতে বাণিজ্য বিচাৰে, সমীকৰণৰপৰা বাণিজ্য আঁতৰাওক।
গান্ধীয়ে তৰ্ক আগবঢ়াইছিল যে ভাৰতে পশ্চিমীয়া সভ্যতাক নাকচ কৰিহে স্বাধীনতা লাভ কৰিব পাৰিব। তেওঁ পশ্চিমীয়া সভ্যতাক বিশেষভাৱে সমালোচনা কৰিছিল- এই সভ্যতা কেৱল ভাৰতৰ বাবে অস্বাস্থ্যকৰ নহয়, এনেই অস্বাস্থ্যকৰ। মাথোঁ ধৈৰ্য ৰখাৰ প্ৰয়োজন, আৰু পশ্চিমীয়া সভ্যতা নিজে নিজেই ধ্বংস হৈ পৰিব।