শাসকসকলৰ হাতৰ পৰা মুক্ত কৰিবলৈ এক জাতীয়তাবাদী আন্দোলনৰ সূত্ৰপাত ঘটে। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত অধীৰাজ্যআৰু পাকিস্তান অধিৰাজ্যৰ স্বাধীনতা অৰ্জনৰ মাধ্যমত এই আন্দোলনৰ পৰিসমাপ্তি ঘটে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ পাছত ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হয়। স্বাধীনতা অৰ্জনৰ পাছত ভাৰত শাসনৰ বাবে প্ৰয়োজনীয় আইনৰ নীতি এই সংবিধানত ঘোষিত হয়। সংবিধান কাৰ্যকৰী হোৱাৰ দিনৰ পৰা ভাৰত ব্ৰিটিছ ৰাজশক্তিৰ অধিৰাজ্যৰ পৰিবৰ্তে পূৰ্ণ সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে পৰিণত হয়।
১৮৫৭ চনৰ মহাবিদ্ৰোহৰ পাছত ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ভাৰতৰ শাসনভাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা নিজৰ হাতলৈ তুলি লয়। ইয়াৰ ফলত ব্ৰিটিছ ভাৰত ব্ৰিটিছ ৰাজশক্তিৰ প্ৰত্যক্ষ শাসনাধীন হয়। ১৮৫৮ চনৰ ভাৰত শাসন আইন বুলি ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ভাৰতত ব্ৰিটিছ চৰকাৰেৰ ৰূপৰেখাটি চূড়ান্ত কৰে। ইংলেণ্ডৰ ভাৰত সচিব বা ছেক্ৰেটেৰী অৱ ষ্টেট ফ’ৰ ইণ্ডিয়াৰ পদটো সৃষ্টি কৰা হয়। ইয়াৰ যোগেদি ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাৰত শাসন কৰে। ছেক্ৰেটেৰী অৱ ষ্টেটক সহায়তা কৰিছিল ভাৰতীয় কাউঞ্চিলে (কাউঞ্চিল অৱ ইণ্ডিয়া)। ভাৰতীয় গৱৰ্নৰ জেনেৰেলৰ পদটোৱো সৃষ্টি কৰা হয় এই সময়তে। সেইদৰে ব্ৰিটিছ চৰকাৰৰ উচ্চ পদাধিকাৰীসকলৰ বাবে ভাৰতত এখন কাৰ্যনিৰ্বাহী পৰিষদো (এক্সিকিউটিভ কাউঞ্চিল) সৃষ্টি কৰা হয়। ১৮৬১ চনৰ ভাৰতীয় কাউঞ্চিল আইন বুলি কাৰ্যনিৰ্বাহী পৰিষদসকলৰ সদস্য আৰু অ-পদাধিকাৰী সদস্যসকলৰ বাবে আইন পৰিষদ বা লেজিছলেটিভ কাউঞ্চিল স্থাপিত হয়। ১৮৯২ চনৰ ভাৰতীয় কাউঞ্চিল আইন বুলি দেশত প্ৰাদেশিক আইনসভা প্ৰতিষ্ঠিত হয় আৰু আইন পৰিষসকলৰ ক্ষমতা বৃদ্ধি কৰা হয়। এই সকলোবোৰ আইনৰ যোগেদি চৰকাৰ ব্যৱস্থাত ভাৰতীয়সকলৰ অংশগ্ৰহণ বৃদ্ধি পালেও তেখেতসকলৰ ক্ষমতা যথেষ্ট সীমিত আছিল। ১৯০৯ আৰু ১৯১৯ চনৰ ভাৰত শাসন আইন দুটি চৰকাৰ ব্যৱস্থাৰে ভাৰতীয়সকলৰ অংশগ্ৰহণৰ সুযোগ আৰু প্ৰসাৰিত কৰা হৈছিল।
১৯৪৭ চনৰ ১৮ জুলাইত ভাৰতীয় স্বাধীনতা আইন কাৰ্যকৰী হয়। এই আইনৰ যোগেদি ব্ৰিটিছ ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান ৰাষ্ট্ৰৰ সৃষ্টি কৰা হয়। সংবিধান প্ৰবৰ্তন পৰ্যন্ত এই দুই ৰাষ্ট্ৰ কমনৱেলথ অৱ নেশ্যনছৰ দুটি অধিৰাজ্যৰ ময্যদা পাব বুলি স্থিৰ কৰা হয়। এই আইনৰ ফলত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাৰত আৰু পাকিস্তান সংক্ৰান্ত বিষয়বোৰৰ অব্যহতি দিয়া হয় আৰু উভয় ৰাষ্ট্ৰৰ ওপৰত সংশ্লীষ্ট গণপৰিষসকলৰ সাৰ্বভৌমত্ব মানি লোৱা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান প্ৰবৰ্তিত হোৱাত ভাৰতীয় স্বাধীনতা আইন প্ৰত্যাহাৰ কৰা আৰু ভাৰত ব্ৰিটিছ ৰাজশক্তিৰ অধিৰাজ্যেৰ সলনি সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ ময্যদা অৰ্জন কৰে। সেইবাবে ১৯৪৯ চনৰ ২৬ জানুৱাৰী দিনটো ভাৰতীয় জাতীয় আইন দিৱস হিচাপেও পৰিচিত।
১৯৪৭ চনৰ ১৪ আগষ্টত পৰিষদসকলৰ অধিবেশনত একাধিক কমিটি গঠন কৰাৰ প্ৰস্তাৱ দিয়া হয়। এই কমিটিসমূহৰৰ মাজত উল্লেখযোগ্য আছিল মৌলিক অধিকাৰ কমিটি, কেন্দ্ৰীয় ক্ষমতা কমিটি আৰু কেন্দ্ৰীয় সংবিধান কমিটি। ১৯৪৭ চনৰ ২৯ আগষ্টত ডক্টৰ বি. আৰ. আম্বেদকাৰৰ নেতৃত্বত খচৰা কমিটি গঠিত হয়। ড॰ আম্বেদকৰৰ বাদেও এই কমিটিত আৰু ৬ জন সদস্য আছিল। কমিটিখনে এখন খচৰা সংবিধান প্ৰস্তুত কৰি সেইখন ১৯৪৭ চনৰ ৪ নৱেম্বৰৰ মাজভাগত গণপৰিষদত উত্থাপন কৰে।
গণপৰিষদ সংবিধান ৰচনা কৰিবলৈ ২ বছৰ ১১ মাহ আৰু ১৮ দিনসময় লাগিছিল। এই সময়কালৰ মাজত ১৬৬ দিন গণপৰিষসকলৰ অধিবেশন বহে।[3] একাধিকবাৰ পৰ্যালোচনা আৰু সংশোধন কৰাৰ পাছত ১৯৫০ চনৰ ২৪ জানুৱাৰীত গণপৰিষসকলৰ মুঠ ৩০৮ জন সদস্যই সংবিধান নথিৰ দুটি হস্তলিখিত প্ৰতিলিপিত (এখন ইংৰাজী আৰু আনখন হিন্দী) চহী কৰে। দুদিন পাছত এই নথিখনেই ভাৰতীয় সৰ্বোচ্চ আইন স্বৰূপে ঘোষণা কৰা হয়।
পৰবৰ্তী ৬০ বছৰত অৰ্থাত ২০১০ চনলৈকে ভাৰতীয় সংবিধানত মুঠ ১১৩টি সংশোধনী অনা হৈছিল।এই সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধান খন আৰু উন্নত কৰা হয়।[এই তথ্য 9কীতাপ পৰা লোৱা হৈছে 1]
গঠন
বৰ্তমানৰ ভাৰতীয় সংবিধানত এখন প্ৰস্তাৱনা, ২৫টা অংশত বিভক্ত ৪৭০টা ধাৰা, ১২টি তফছিল, ৫টি পৰিশিষ্ট[9] আৰু মুঠ ১১৩টা সংশোধনী সন্নিবিষ্ট।[10]এই সংবিধান 1950চনত ডʼভীমৰাও আম্বেদকাৰৰ নেতৃত্বত প্ৰকাশ কৰা হয়।এই সংবিধান খচৰা কমিটি খনত বিভিন্ন গুনী জ্ঞানী ব্যক্তি আছিল।[এই তথ্য 9কীতাপ পৰা লোৱা হৈছে 2]
অংশ
সংবিধানৰ পৃথক পৃথক অধ্যায়সমূহ অংশসমূহৰ নামেৰে পৰিচিত। প্ৰত্যেকটো অংশত আইনৰ একো একোটা ক্ষেত্ৰ হিচাপে আলোচিত হয়। অংশৰ ধাৰাসমূহৰ উপজীৱ্য হ’ল নিৰ্দিষ্ট বিষয়সমূহৰ।
একাদশ অনুসূচী (ধাৰা ২৪৩-ছ) — পঞ্চায়ত বা গ্ৰামীণ স্বায়ত্ত্বশাসন।
দ্বাদশ অনুসূচী (ধাৰা ২৪৩-প) — পৌৰসভা।
চৰকাৰ ব্যৱস্থা
ড॰ আম্বেদকাৰৰ মতে, ভাৰতীয় সংবিধানত বৰ্ননা কৰা কেন্দ্ৰীয় চৰকাৰৰ মূল ৰূপটো হৈছে:
A democratic executive must satisfy three conditions:
1. It must be a stable executive, and
2. It must be a responsible executive.
3. It must be impartial to all religion, caste and community.
Unfortunately, it has not been possible so far to devise a system which can ensure both conditions in equal degree. ..... The daily assessment of responsibility, which is not available in the American system is, it is felt, far more effective than the periodic assessment and far more necessary in a country like India. The Draft Constitution in recommending the parliamentary system of Executive has preferred more responsibility to stability.[20]
যুক্তৰাষ্ট্ৰীয় গঠন
ভাৰতীয় সংবিধানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰৰ মাজত ক্ষমতা আবণ্টন কৰি দিয়া হৈছে।
সংসদ আৰু ৰাজ্য বিধানসভাসমূহৰৰ ক্ষমতাসমূহক শ্ৰেণীবিভক্ত কৰি তিনিখন তালিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাসমূহৰ হ’ল কেন্দ্ৰ তালিকা, ৰাজ্য তালিকা আৰু যুগ্ম তালিকা। জাতীয় প্ৰতিৰক্ষা, বিদেশনীতি, মুদ্ৰাব্যৱস্থাৰ দৰে বিষয়সমূহ কেন্দ্ৰ তালিকাৰ অন্তৰ্গত। আইনশৃঙ্খলা ৰক্ষা, স্থানীয় চৰকাৰ আৰু কিছুমান কৰব্যৱস্থা ৰাজ্যৰ তালিকাভুক্ত। ব্যতিক্ৰমী পৰিস্থিতিৰ বাদে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহত আইন প্ৰণয়ন কৰিব নোৱাৰে। আকৌ শিক্ষা, পৰিবহণ, অপৰাধমূলক আইনৰ দৰে কেইবাটাও বিষয় যুগ্ম তালিকাভুক্ত। এই সকলো ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়েই আইন প্ৰণয়ন কৰিব পাৰে। অৱশিষ্ট ক্ষমতা ভাৰতীয় সংসদসকলৰ হাতত ন্যস্ত থাকে।
ভাৰতীয় সংসদসকলৰ উচ্চকক্ষ ৰাজ্যসভা, যিটো ৰাজ্যৰ প্ৰতিনিধিসকলক লৈ গঠিত, সেইটোৱো ভাৰতীয় যুক্তৰাষ্ট্ৰীয় প্ৰৱণতাৰ এটা নিদৰ্শন।
সংসদীয় গণতন্ত্ৰ
ভাৰতৰ ৰাষ্ট্ৰপতিক জনগণৰ দ্বাৰা প্ৰত্যক্ষভাবে নিৰ্বাচিত কৰা নহয়, তেওঁক সংসদ আৰু ৰাজ্য বিধানসভাসমূহৰৰ সদস্যসকলৰ ভোটৰ দ্বাৰাহে নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি ৰাষ্ট্ৰৰ প্ৰধান মুৰব্বী। শাসনবিভাগৰ সকলো কামৰ সম্পাদনা আৰু সংসদসকলৰ প্ৰত্যেকখন আইনৰ লগতে তেওঁ জড়িত হৈ থাকে। অৱশ্যে এই সকল ক্ষমতা নামসৰ্বস্ব। ৰাষ্ট্ৰপতিজনে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীপৰিষসকলৰ পৰামৰ্শ অনুযায়ীহে কাম কাজ চলাই নিয়ে।
ভাৰতীয় সংসদসকলৰ নিম্নকক্ষ লোকসভাৰ সদস্যসকল প্ৰত্যক্ষভাৱে জনগণৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদে লোকসভাৰ সংখ্যাগৰিষ্ঠ অংশৰ সমৰ্থন লাভ কৰাত সক্ষম হ’লেহে ক্ষমতাত বৰ্তী থাকিব পাৰে। মন্ত্ৰীসকল সংসদসকলৰ উভয় কক্ষৰ ওচৰত জবাবদিহি কৰিবলৈ বাধ্য থাকে। ইয়াৰ বাদেও সংসদকলৰ কোনো একোটি কক্ষৰ নিৰ্বাচিত সদস্যসকলে মন্ত্ৰিত্বৰ পদ গ্ৰহণ কৰিব পাৰে। এইদৰে ভাৰতৰ আইনবিভাগ আৰু শাসনবিভাগক নিয়ন্ত্ৰণ কৰি থাকে।
ৰাজ্যৰ সংসদীয় গঠনো একেধৰণৰ। ইয়াত বিধানসভাৰ সদস্য বা বিধায়কসকল প্ৰত্যক্ষভাৱে নিৰ্বাচিত হয়। মুখ্যমন্ত্ৰী আৰু ৰাজ্য মন্ত্ৰীসভাৰ ওপৰত বিধানসভাৰ কৰ্তৃত্ব দেখুৱাব পাৰে।
স্বাধীন বিচাৰব্যৱস্থা
ভাৰতীয় বিচাৰব্যৱস্থা শাসনবিভাগ বা সংসদসকলৰ নিয়ন্ত্ৰণৰ পৰা সম্পূৰ্ণ মুক্ত। বিচাৰবিভাগ কেৱল মাত্ৰ সংবিধানৰ ব্যাখ্যাকৰ্তাই নহয়, দুই বা ততোধিক ৰাজ্য অথবা কেন্দ্ৰীয়-ৰাজ্যৰ বিবাদবোৰৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকাও পালন কৰে। সংসদ বা বিধানসভা পৰা উত্তীৰ্ণ হোৱা যি কোনো আইনৰ বিচাৰবিভাগীয় পৰ্যালোচনাত থাকে। আনকি বিচাৰবিভাগে যদি মন কৰে যে, কোনো আইন সংবিধানৰ কোনো আদৰ্শৰ পৰিপন্থী, তেন্তে তেওঁলোকে সেই আইনক অসাংবিধানিক বুলিও ঘোষণা কৰিব পাৰে।
ভাৰতীয় সংবিধানত ঘোষিত কোনো নাগৰিকৰ মৌলিক অধিকাৰ চৰকাৰৰ দ্বাৰা লঙ্ঘিত হ’লে উচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়ত সাংবিধানিক প্ৰতিবিধান বিচাৰি গোচৰ তৰিব পাৰে।
↑Ahir, D.C. (1990). The legacy of Dr Ambedkar (10th সম্পাদনা). South Asia Books. পৃষ্ঠা. 75–76. ISBN978-8170186038.
12 ় গঠন শেষ অংশ নৱম শ্ৰেণীৰ ছাত্ৰ দ্বাৰা সংগহিত
গ্ৰন্থ সম্ভাৰ
Baruah, Aparajita (2007). Preamble of the Constitution of India : An Insight & Comparison. Eastern Book Co. ISBN9788176299960.
Basu, Durga Das (1965). Commentary on the constitution of India : (being a comparative treatise on the universal principles of justice and constitutional government with special reference to the organic instrument of India). 1 - 2. S. C. Sarkar & Sons (Private) Ltd.
Basu, Durga Das (1984). Introduction to the Constitution of India (10th সম্পাদনা). South Asia Books. ISBN0836410971.
Basu, Durga Das (1981). Shorter Constitution of India. Prentice-Hall of India. ISBN9780876922002.
Das, Hari Hara (2002). Political System of India. Anmol Publications. ISBN8174886907.
Dash, Shreeram Chandra (1968). The Constitution of India; a Comparative Study. Chaitanya Pub. House.
Ghosh, Pratap Kumar (1966). The Constitution of India: How it Has Been Framed. World Press.
Jayapalan, N. (1998). Constitutional History of India. Atlantic Publishers & Distributors. ISBN8171567614.