তীৰ্থনাথ শৰ্মা
| এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।
|
তীৰ্থনাথ শৰ্মা (ইংৰাজী: Tirtha Nath Sharma) একাধাৰে সু-সাহিত্যিক, সফল শিক্ষাবিদ আৰু সংস্কৃতৰ বিদগ্ধ পণ্ডিত, সমালোচক, গল্পকাৰ,কবি, জীৱনী লেখক, শিশু সাহিত্যিক, সাংবাদিক আৰু ভাৰতত্ত্ববিদ আছিল। শৰ্মাদেৱে প্ৰায় কুৰিখন উচ্চ প্ৰশংসিত গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। ছাত্ৰ অৱস্থাৰ পৰাই স্বদেশী আন্দোলনত যুক্ত শৰ্মাদেব কলিকতাৰ এ এচ এল ক্লা, গান্ধী সাহিত্য পৰিষদ, বিশ্বহিন্দু পৰিষদ আদিৰ সক্ৰিয় সদস্য আছিল। শৰ্মা দেৱে কামধেনু নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল। তেওঁ ১৯৮৬ চনত বেণুধৰ শৰ্মা গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। গান্ধীজীৰ আদৰ্শ আৰু জীৱন দৰ্শনৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছিল। সেয়ে ১৯২৯ চনত শৰ্মাদেৱে মহাবিদ্যালয় ত্যাগ কৰি মহাত্মাগান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত গঢ়ি উঠা আইন অমান্য আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল আৰু কাৰাবৰণো খাটিবলগীয়া হৈছিল। তীৰ্থনাথ শৰ্মা দেৱ একেৰাহে সংগীত, অভিনয়, বাদ্য-যন্ত্ৰ, ছন্দ অলংকাৰ কথা, নাট্য-সাহিত্য, দৰ্শন-নৰ্তন, শ্ৰুতি-স্মৃতি, কোষ-অভিধান নিৰুক্ত, ধৰ্ম-কৰ্ম, ভক্তি-মুক্তি, সুকুমাৰ কলা, চাৰু কাৰু কলা, ৰাজনীতি-প্ৰজানীতি-সমাজনীতি সকলোতে দক্ষ ব্যক্তি আছিল।[উদ্ধৃতিৰ প্ৰয়োজন][2]
জন্ম আৰু প্ৰাৰম্ভিক জীৱন
তীৰ্থনাথ শৰ্মাৰ জন্ম হৈছিল ২৩ অক্টোবৰ ১৯১১ চনত শিৱসাগৰৰ আমগুৰি সমষ্টিৰ ভূঞাহাট পঞ্চায়তৰ অন্তৰ্গত জৰাবাৰী বামুণ গাঁৱত। পিছত জাঁজীৰ ঢেকিয়াল চাউদাং গাঁৱত স্থায়িভাৱে থাকিবলৈ লয়। তেওঁৰ পিতৃৰ নাম গোলাপ চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম চেনেহী দেৱী। তীৰ্থনাথ শৰ্মাই যোৰহাট ১ নং প্ৰেকটিচিং স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত যোৰহাট চৰকাৰী হাইস্কুল, জাঁজী হাইস্কুলত হাইস্কুলীয়া শিক্ষা লাভ কৰে আৰু ১৯২৯ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। একে বছৰতে তেওঁ কটন কলেজত নামভৰ্তি কৰে। ১৯৩২ চনত প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৪ চনত কটনৰ পৰা সংস্কৃতত অনাৰ্ছসহ বি এ পাছ কৰে। ১৯৩৬ চনত নিৰ্মলা দেৱীৰ লগত বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ এবছৰৰ পিছত, অৰ্থাত ১৯৩৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীসহ সংস্কৃতত এম এ ডিগ্ৰী লাভ কৰে।[3]
কৰ্মজীৱন
১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা আৰম্ভ কৰা শৰ্মাদেৱে সেই বছৰৰ পৰাই ১৯৫০ চনলৈ সুদীৰ্ঘ বাৰ বছৰ বিশ্ববিদ্যালয়ৰ এম আই এল বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯৫১ চনত "আছাম ব'ৰ্ড অৱ মিউজিক" স্থাপন কৰা শৰ্মাদেৱে ১৯৫৪ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি অবৈতনিক অধক্ষ্যৰূপে নিয়োজিত হয়। ১৯৫৬ চনত তেওঁ কলেজখনৰ স্থায়ী অধ্যক্ষৰূপে নিয়োজিত হয়। ১৯৬৭ চনত বিশ্ব হিন্দু পৰিষদ (অসম শাখা)ৰ কাৰ্যকৰী সভাপতি হয়। ১৯৭১ চনত তীৰ্থনাথ শৰ্মাই মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গহণ কৰে। ৰাজনীতিৰ প্ৰতি থকা আস্থাৰ বাবে তেওঁ ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত সংসদীয় আসনৰ বাবে প্ৰতিদ্বণ্ডিতা কৰে।[3]
সাহিত্যিক জীৱন
১৯৭১ চনত শৰ্মাদেৱে অসম সাহিত্য সভাৰ মাকুম অধিৱেশনৰ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰে[4]। ১৯৮৭ চনৰ ফেব্ৰুৱাৰী মাহত মৰোণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।[3] তেখেতে বিভিন্ন শ্ৰেণীৰ গ্ৰন্থ ৰচনা কৰাৰ উপৰিও কামধেনু নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল। সংস্কৃত সাহিত্যত অগাধ ব্যুতপত্তি থকা পণ্ডিত শৰ্মাই কৰা উপনিষদৰ অসমীয়া ৰূপান্তৰ অসমীয়া সাহিত্যলৈ এক উল্লেখযোগ্য অৱদান।
- কামসেন্দূৰ(কবিতা সংকলন)
- পঞ্চপুষ্প (প্ৰবন্ধ সংকলন)
- সাহিত্য বিদ্যা পৰিক্ৰমা
- আউনিআটী সত্ৰৰ বুৰঞ্জী
- বেণুধৰ শৰ্মা (সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত গ্ৰন্থ)
- ভক্তিবাদ
- ঝান্সীৰ ৰাণী লক্ষীবাঈ
- কামাখ্যাৰাম বৰুৱা
- প্ৰৱেশিকা কথা চানেকি
- চানেকি পাঠ
- গান্ধী-শিক্ষা সাৰ
- মহাত্মাৰ বাণী
মৃত্যু
১৯৮৬ চনৰ ২৩ অক্টোবৰ।
তথ্যসূত্ৰ
|
---|
| ১৯৫৫-১৯৭০ | |
---|
| ১৯৭১-১৯৯০ |
– (১৯৭১)
চৈয়দ আব্দুল মালিক (অঘৰী আত্মাৰ কাহিনী, ১৯৭২)
– (১৯৭৩)
সৌৰভ কুমাৰ চলিহা (গোলাম, ১৯৭৪)
নৱকান্ত বৰুৱা (ককাদেউতাৰ হাড়, ১৯৭৫)
ভবেন্দ্ৰ নাথ শইকীয়া (শৃংখল, ১৯৭৬)
আনন্দ চন্দ্ৰ বৰুৱা (বকুল বনৰ কবিতা, ১৯৭৭)
হোমেন বৰগোহাঞি (পিতা-পুত্ৰ, ১৯৭৮)
ভবেন বৰুৱা (সোণালী জাহাজ, ১৯৭৯)
যোগেশ দাস (পৃথিৱীৰ অসুখ, ১৯৮০)
নীলমণি ফুকন (কবিতা, ১৯৮১)
মামণি ৰয়ছম গোস্বামী (মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, ১৯৮২)
নিৰ্মলপ্ৰভা বৰদলৈ (সুদীৰ্ঘ দিন আৰু ঋতু, ১৯৮৩)
দেবেন্দ্ৰ নাথ আচাৰ্য (জংগম, ১৯৮৪)
কৃষ্ণকান্ত সন্দিকৈ (কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, ১৯৮৫)
তীৰ্থনাথ শৰ্মা (বেণুধৰ শৰ্মা, ১৯৮৬)
হৰেকৃষ্ণ ডেকা (আন এজন, ১৯৮৭)
লক্ষ্মীনন্দন বৰা (পাতাল ভৈৰৱী, ১৯৮৮)
হীৰেন গোহাঁই (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১৯৮৯)
স্নেহ দেৱী (স্নেহ দেৱীৰ একুঁকি গল্প, ১৯৯০) |
---|
| ১৯৯১-২০১০ |
অজিৎ বৰুৱা (ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য, ১৯৯১)
হীৰেন ভট্টাচাৰ্য (শইচৰ পথাৰ মানুহ, ১৯৯২)
কেশৱ মহন্ত (মোৰো যে কিমান হেঁপাহ, ১৯৯৩)
শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) (মধুপুৰ বহুদূৰ, ১৯৯৪)
চন্দ্ৰপ্ৰসাদ শইকীয়া (মহাৰথী, ১৯৯৫)
নিৰুপমা বৰগোহাঞি (অভিযাত্ৰী, ১৯৯৬)
নগেন শইকীয়া (আন্ধাৰত নিজৰ মুখ, ১৯৯৭)
অৰুণ শৰ্মা (আশীৰ্বাদৰ ৰং, ১৯৯৮)
মেদিনী চৌধুৰী (বিপন্ন সময়, ১৯৯৯)
অপূৰ্ব শৰ্মা (বাঘে টাপুৰ ৰাতি, ২০০০)
মহিম বৰা (এধানী মাহীৰ হাঁহি, ২০০১)
নলিনীধৰ ভট্টাচাৰ্য (মহৎ ঐতিহ্য, ২০০২)
বীৰেশ্বৰ বৰুৱা (অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা, ২০০৩)
হীৰেন্দ্ৰ নাথ দত্ত (মানুহ অনুকুলে, ২০০৪)
য়েছে দৰজে ঠংচি (মৌন ওঁঠ মুখৰ হৃদয়, ২০০৫)
অতুলানন্দ গোস্বামী (চেনেহ জৰীৰ গাঁথি, ২০০৬)
পূৰবী বৰমুদৈ (শান্তনুকুলনন্দন, ২০০৭)
ৰীতা চৌধুৰী (দেও লাংখুই, ২০০৮)
ধ্ৰুৱজ্যোতি বৰা (কথা ৰত্নাকৰ, ২০০৯)
কেশদা মহন্ত (অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি, ২০১০) |
---|
| ২০১১-বৰ্তমান |
কবীন ফুকন (এই অনুৰাগী এই উদাস, ২০১১)
চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ, ২০১২)
ৰবীন্দ্ৰ সৰকাৰ (ধূলিয়ৰি ভৰিৰ সাঁচ, ২০১৩)
অৰূপা কলিতা পটংগীয়া (মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ২০১৪)
কুল শইকীয়া (আকাশৰ ছবি আৰু অন্যান্য গল্প, ২০১৫)
জ্ঞান পূজাৰী (মেঘমালাৰ ভ্ৰমণ, ২০১৬)
জয়ন্ত মাধৱ বৰা (মৰিয়াহোলা, ২০১৭)
সনন্ত তাঁতি (কাইলৈৰ দিনটো আমাৰ হ'ব, ২০১৮)
জয়শ্ৰী গোস্বামী মহন্ত (চাণক্য, ২০১৯)
অপূৰ্ব কুমাৰ শইকীয়া (বেংছতা, ২০২০)
অনুৰাধা শৰ্মা পূজাৰী (ইয়াত এখন অৰণ্য আছিল, ২০২১)
মনোজ কুমাৰ গোস্বামী (ভুল সত্য, ২০২২)
প্ৰণৱজ্যোতি ডেকা(ড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২৩) |
---|
|
|
|