দীপান্বিতা শৰ্মা |
---|
দীপান্বিতা শৰ্মা |
জন্ম |
দীপান্বিতা শৰ্মা ০২ নৱেম্বৰ, ১৯৭৬ (৪৮ বছৰ) দুলীয়াজান, অসম, ভাৰতবৰ্ষ |
---|
পেচা |
অভিনেত্ৰী তথা ছুপাৰ মদেল |
---|
উচ্চতা |
৫' ৯" |
---|
ওজন |
৫৫ কেজি |
---|
দাম্পত্যসঙ্গী |
দিলশ্বেৰ সিং অটৱাল |
দীপান্বিতা শৰ্মা (ইংৰাজী: Dipannita Sharma) বলিউডত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল।[1][2]
১৯৯৮ চনত অনুষ্ঠিত ফেমিনাৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত থাকি তেখেতে দৃষ্টি আকৰ্ষণ কৰে। ২০০২ চনৰ '১৬ ডিচেম্বৰ' চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা তেখেতে চলচ্চিত্ৰজগতত খোজ দিয়ে।
ব্যক্তিগত জীৱন
দীপান্বিতা শৰ্মাৰ ১৯৭৬ চনৰ ২ নৱেম্বৰ তাৰিখে অসমৰ দুলীয়াজানত জন্ম হয়। তেখেতৰ পিতৃ ভাৰতীয় তৈল নিগমৰ এগৰাকী চিকিৎসক আছিল। দীপান্বিতা শৰ্মা গুৱাহাটীৰ কৃষ্ণ নগৰৰ হ'লি চাইল্ড বিদ্যালয়ৰ ছাত্ৰী আছিল, নৱম শ্ৰেণীলৈ এই বিদ্যালয়ত পঢ়াৰ পাছত তেখেতে নাহৰকটীয়াৰ ছেইণ্ট মেৰী স্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষা সাং কৰে।[3]
দিল্লীৰ ব্যৱসায়ী দিলশ্বেৰ সিং অটৱাল নামৰ এজন ব্যক্তিৰ সৈতে বিবাহত বহে,[4]
তেখেতসকল বৰ্তমান ভাৰতৰ মুম্বাই চহৰ বাসিন্দা।
চলচ্চিত্ৰ
টেলিভিছন ধাৰাবাহিক
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ