ৰেৱতী মোহন দত্তচৌধুৰী

ৰেৱতী মোহন দত্তচৌধুৰী
জন্ম ৰেৱতী মোহন দত্তচৌধুৰী
১৮ ছেপ্টেম্বৰ, ১৯২৪
গৌৰীপুৰ,ধুবুৰী, অসম
মৃত্যু ২৯ ফেব্ৰুৱাৰী, ২০০৮
ছদ্মনাম শীলভদ্ৰ
পেচা সহিত্যিক, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি মধুপুৰ বহুদূৰ
আকৌ মধুপুৰ
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৯৪)[1]
অসম উপত্যকা সাহিত্য বঁটা (২০০১)

ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ (ইংৰাজী: Rebati Mohan Dutta Choudhury) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ। আশী আৰু নব্বৈৰ দশকত তেখেতে, তেখেতৰ জন্মস্থানক লৈ কিছুমান গল্প লিখিছিল। তেখেতে ১৯৯৪ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০১ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তেওঁ শীলভদ্ৰই বহু গল্প-উপন্যাস হিন্দী, বঙালী আদি ভাষালৈ অনূদিত কৰে। ভাৰতীয় জ্ঞানপীঠে 'অনুুসন্ধান' আৰু 'অপৰাজেয়' উপন্যাস হিন্দীলৈ আৰু নেচনেল বুক ট্ৰাষ্টে 'অবিচ্ছিন্ন' আৰু 'গধূলি' উপন্যাস বঙালী আৰু হিন্দীলৈ অনুবাদ হৈছে।[2]

জন্ম আৰু শিক্ষা

১৯২৪ চনৰ ১৮ ছেপ্টেম্বৰত গৌৰীপুৰত শীলভদ্ৰৰ জন্ম হয়। পিতৃৰ নাম আছিল ৰমনী মোহন দত্তচৌধুৰী আৰু মাকৰ নাম আছিল অমিয়লতা দত্তচৌধুৰী। গৌৰীপুৰৰ পি. চি. ইনষ্টিটিসনৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা আই.এচ.ছি পৰীক্ষাত উত্তীৰ্ণ হয়। পূৰ্ববংগৰ ৰংপুৰকাৰমাইকেল কলেজৰ পৰা বি.এছ.ছি আৰু কলকাতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম.এছ.ছি পাছ কৰে।

কৰ্মজীৱন

চাকৰিৰ বাবে শীলভদ্ৰলৈ প্ৰথম আহ্বান আহে এম.চি. কলেজৰ পৰা। পিছত প্ৰৱক্তা কটন মহাবিদ্যালয় ১৯৪৭ চনৰ পৰা ১৯৪৯ চনলৈ চাকৰি কৰে যদিও চাকৰি ইস্তফা দি ঠিকাদাৰ (১৯৪৯-৫৪) হয়। তাৰপিচতে তেওঁ দ্যা আছাম ট্ৰিবিউন (১৯৫৫)ৰ কামত যোগদান দিয়ে যদিও কিছুদিন চাকৰি কৰি এছিচটেণ্ট মেনেজাৰ ৰূপে চাহ-বাগানত সোমায়। চাহ বাগিচাত ১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ কাম কৰে। ইয়াৰ পিচত ৰেৱতী মোহন দত্তচৌধুৰীয়ে অসম অভিযান্ত্ৰিক কলেজত গণিতৰ শিক্ষক হিচাপে যোগদান কৰে। অসম অভিযান্ত্ৰিক কলেজত তেওঁ ১৯৫৭ চনৰ পৰা ১৯৮২ চনলৈকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়তো (১৯৬৫ - ৮৫) অংশকালীন শিক্ষক হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়ায়।[3]

গ্ৰন্থৰাজী

১৯৬৪ চনত 'অসম বাতৰি' কাকতত প্ৰকাশিত 'অভিযোগ' চুটিগল্পৰে আত্মপ্ৰকাশ।[4]

উপন্যাস

শীলভদ্ৰই ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰে ১৯৭১ চনত প্ৰকাশিত 'মধুপুৰ আৰু তৰংগিনী' উপন্যাসখনৰ জৰিয়তে। তেওঁৰ বাকী উপন্যাসকেইখন হ'ল: 'আগমনীৰ ঘাট' (১৯৭৩), 'আহঁতগুৰি' (১৯৭৩), 'অবিচ্ছিন্ন' (১৯৮০) 'প্ৰাচীৰ' (১৯৮০), 'গধূলি' (১৯৮১), 'অনুসন্ধান' (১৯৮৭), উপন্যাস সমগ্ৰ।[5]

গল্প সংগ্ৰহ

শীলভদ্ৰই মুঠ ২৬ খনমান গল্পপুথি ৰচনা কৰে। ১৯৬৪ চনত 'অসম বাতৰি' পূজা সংখ্যাত তেওঁৰ প্ৰথম গল্প 'অভিযোগ' প্ৰকাশ হৈছিল। শীলভদ্ৰই ৰচনা কৰা গল্পপুথিবোৰ হ'ল:[6]

  • বাস্তৱ
  • কোনো ক্ষোভ নাই
  • সমুদ্ৰ তীৰ
  • তৰুৱা কদম
  • বীৰ সৈনিক
  • শীলভদ্ৰৰ কুৰিটা গল্প
  • মেজাজ
  • ৰতুবাবুৰ গেৰেজ
  • প্ৰতীক্ষা
  • উত্তৰণ
  • বিশ্বাস আৰু অন্যান্য গল্প
  • দায়িত্ব আৰু অন্যান্য গল্প
  • জীৱন আৰু অন্যান্য গল্প
  • আকৌ মধুপুৰ
  • দূৰগত আৰু অন্যান্য গল্প
  • মধুপুৰ বহুদূৰ
  • তৰ্পণ
  • চিঠি আৰু অন্যান্য গল্প
  • নিৰ্বাচিত গল্প
  • লগৰীয়া
  • অন্য এক মধুপুৰ
  • মধুপুৰৰ মধুকৰ
  • উত্তৰ নাই
  • আপোন মানুহ
  • জীৱনৰ ৰং
  • সায়াহ্ন

আত্মজীৱনী

অনুবাদ গ্ৰন্থ

ৰিপ ভ্যান উইংকল আৰু অন্যান্য কেইটামান গল্প, মেটামৰফ’চিছ। তেওঁৰ বহুকেইখন গল্প সংকলন ভাৰতৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে।

স্বীকৃতি আৰু সন্মান

মৃত্যু

২০০৮ চন ২৯ ফেব্ৰুৱাৰী তাৰিখে ৰেৱতী মোহন দত্তচৌধুৰীৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. ড॰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ''শীলভদ্ৰৰ উপন্যাস' শীৰ্ষক প্ৰবন্ধ; 'এশ বছৰৰ অসমীয়া উপন্যাস (ষষ্ঠ খণ্ড),' সম্পাঃ নগেন ঠাকুৰ, ২য় প্ৰকাশ- জুলাই ২০১২।
  3. শইকীয়া, বিনয় মোহন (১ অক্টোবৰ ২০০৯). "পাতনিৰ সলনি". শীলভদ্ৰৰ উপন্যাস সমগ্ৰ. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ১-৮. 
  4. ড॰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ''শীলভদ্ৰৰ উপন্যাস' শীৰ্ষক প্ৰবন্ধ; 'এশ বছৰৰ অসমীয়া উপন্যাস (ষষ্ঠ খণ্ড),' সম্পাঃ নগেন ঠাকুৰ, ২য় প্ৰকাশ- জুলাই ২০১২।
  5. দাস, ড॰ চন্দনা (আগষ্ট ২০১৫). "শীলভদ্ৰৰ উপন্যাসত আঞ্চলিক জীৱন চেতন মধুপুৰ উপন্যাসৰ প্ৰসংগত". শীলভদ্ৰ: সৃষ্টি আৰু দৃষ্টি. প্ৰকাশক গৌৰীপুৰ: Zend Academy Publication. পৃষ্ঠা. ০১. ISBN 978-81-928411-3-7. 
  6. দাস, অতুল চন্দ্ৰ (১৫ জুন ২০১২). অসমীয়া চুটিগল্পৰ আলোচনা. প্ৰকাশক গুৱাহাটী: মানৱ বিকাশ সমাজ. পৃষ্ঠা. ৭৯-৮০. ISBN 978-73-81859-09-04. 
  7. শীলভদ্ৰৰ গল্প সমগ্ৰ
  8. সাতসৰী (২০০৬)
  9. গৰীয়সী (২০০৮)