আদি শংকৰাচাৰ্য (ইংৰাজী: Adi Shankaracharya) ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত জি ভি আয়াৰ পৰিচালিত এখন সংস্কৃত ভাষাৰ চলচ্চিত্ৰ। অদ্বৈত বেদান্ত (অদ্বৈতবাদ) মতবাদক হিন্দু দৰ্শনত সুদৃঢ় কৰি তোলা হিন্দু দাৰ্শনিক আদি শংকৰাচাৰ্যৰ জীৱন আৰু তেওঁৰ সময়ক ছবিখনত চিত্ৰিত কৰা হৈছে। এই ছবিখন কানাড়া চলচ্চিত্ৰ উদ্যোগত সংঘটিত পৰীক্ষামূলক চলচ্চিত্ৰ যুগৰ এক মুখ্য উদাহৰণ আৰু সংস্কৃত ভাষাত নিৰ্মিত ভাৰতৰ প্ৰথমখন ছবি।[1] ১৯৮৩ চনত আদি শংকৰাচাৰ্যই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফী আৰু শ্ৰেষ্ঠ অডিঅ'গ্ৰাফীকে ধৰি চাৰিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (৩১তম) লাভ কৰিবলৈ সক্ষম হয়।[2][3]
আদি শংকৰাচাৰ্যৰ পিছত ১৯৮৬ আৰু ১৯৮৯ চনত আয়াৰে শংকৰাচাৰ্যৰ শিষ্য ক্ৰমে মাধৱাচাৰ্য্ আৰু ৰামানুজাচাৰ্যৰ জীৱনৰ আধাৰত একে নামেৰে আন দুখন ছবি পৰিচালনা কৰিছিল।
অভিনয়শিল্পী
- সৰ্বদমন ডি বেনাৰ্জী (আদি শংকৰাচাৰ্য)
- শ্ৰীনিবাস প্ৰভু (প্ৰাজ্ঞনা)
- টি এচ নাগবৰণ (মৃত্যু)
- ভাৰত ভূষণ (শংকাচাৰ্যৰ পিতৃ)
- মঞ্জুনাথ ভাট (পদ্মপদ)
- গোপাল (থোতাকা)
- ভি আৰ কে প্ৰসাদ (হস্তমলাকা)
- এম ভি নাৰায়ণ ৰাও (সুৰেশ্বৰ)
- গোপীনাথ দাস (গোবিন্দ ভাগৱতপদ)
- এল ভি সাৰদা ৰাও (শংকাৰচাৰ্যৰ মাতৃ)
- লীলা নাৰায়ণ ৰাও (অভয় ভাৰতী)
বঁটা
তথ্যউৎস
বাহ্যিক সংযোগ
|
---|
| ১৯৫৩-১৯৫৭ অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট | |
---|
| ১৯৫৩-১৯৬০ | |
---|
| ১৯৬১-১৯৮০ | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১- বৰ্তমানলৈ | |
---|
|