ভুৱন সোম |
---|
ছবিৰ পোষ্টাৰ |
পৰিচালক |
মৃণাল সেন |
---|
ৰচনা |
বলাই চান্দ মুখোপাধ্যায় |
---|
প্ৰযোজক |
মৃণাল সেন প্ৰডাকচনছ |
---|
অভিনয়ত |
উৎপল দত্ত সুহাসিনী মূলে |
---|
সূত্ৰধাৰ |
অমিতাভ বচ্চন |
---|
চিত্ৰগ্ৰহণকাৰী |
কে কে মহাজন |
---|
সংগীত পৰিচালক |
বিজয় ৰাঘৱ ৰাও |
---|
মুক্তি |
১২ মে' ১৯৬৯ (1969-05-12) |
---|
দৈৰ্ঘ্য |
৯৬ মিনিট |
---|
দেশ |
ভাৰত |
---|
ভাষা |
হিন্দী |
ভুৱন সোম (ইংৰাজী: Bhuvan Shome ) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ এখন ড্ৰামা চলচ্চিত্ৰ। পৰিচালক মৃণাল সেন। মূল ভূমিকাত অভিনয় কৰিছে উৎপল দত্ত আৰু সুহাসিনী মুলেই। বনফুল ছদ্মনামেৰে জনাজাত বলাই চান্দ মুখোপাধ্যায় ৰচিত বঙালী চুটিগল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[1]
[2] এইখন সুহাসিনী মুলেৰ প্ৰথম ছবি। নেপথ্য কণ্ঠ দিছিল অমিতাভ বচ্চনে।[3]
কাহিনীৰ সাৰাংশ
বিপত্নীক আৰু সমৰ্পিতপ্ৰাণ অসামৰিক সেৱাৰ বিষয়া ভুৱন সোম ভাৰতীয় ৰেলৱেৰ এজন কঠোৰ, আপোচহীন "ডাঙৰ বিষয়া।" নীতি-নিয়মৰ ক্ষেত্ৰত ইমানে কঠোৰ আছিল যে তেওঁ নিজৰ পুত্ৰকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। তেওঁৰ ওচৰলৈ টিকট পৰীক্ষক এজনৰ দুৰ্নীতিৰ অভিযোগ আহিছিল। ইতিমধ্যে অভিযোগৰ অনুসন্ধান চলাই ৰিপোৰ্ট আদি তৈয়াৰ কৰাও হৈছিল। পিছে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে সোমে কেইদিনমানৰ ছুটি লৈ চিকাৰৰ উদ্দেশ্যে গুজৰাটলৈ যাত্ৰা কৰে।[1]
তাত তেওঁৰ সাক্ষাৎ হয় গৌৰী নামৰ এজনী কম বয়সীয়া ছোৱালীৰ সৈতে। গৌৰী তেওঁৰ তদাৰকৰ দায়িত্বত আছিল আৰু তেনেই অপটু চিকাৰী সোমক তাই চিকাৰৰ ক্ষেত্ৰত সহায় কৰিছিল। প্ৰাণচঞ্চল গৌৰীৰ সান্নিধ্যত তেওঁ লাহেলাহে কঠোৰ আৰু বয়সীয়া ব্যক্তিৰ মানসিকতাৰ পৰা মুকলি হ’বলৈ আৰম্ভ কৰে। প্ৰসংগক্ৰমে সোমে জানিব পাৰিলে যে গৌৰী সেই দুৰ্নীতিৰ অভিযোগত অভিযুক্ত টিকট পৰীক্ষকজনৰ বাকদত্তা।[1]
চিকাৰৰ ছুটিৰ সমাপ্তিৰ পিছত ভুৱন সোম পুনৰ নিজৰ কাৰ্যালয়লৈ উভতি আহে। এইবাৰ তেওঁ এজন বেছ ৰঙিয়াল মানুহ। পূৰ্বৰ সেই কঠোৰ, নীতি-সৰ্বস্ব মানুহজনৰ অকণো চিন-মোকাম নাই। টিকট পৰীক্ষকজনকো সাধাৰণ সকিয়নী এটা দি পূৰ্বৰ সকলো অভিযোগৰ পৰা মুক্ত কৰি দিয়ে।[1]
অভিনয় শিল্পী
বঁটা
১৯৬৯ চনৰ ১৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ভুৱন সোমে তিনিটাকৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল।
- শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্য ছবিৰ 'ৰাষ্ট্ৰপতিৰ সোণৰ পদক'।
- শ্ৰেষ্ঠ অভিনেতাৰ ভাৰত পুৰস্কাৰ: উৎপল দত্ত।
- শ্ৰেষ্ঠ পৰিচালক: মৃণাল সেন।[1]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
---|
| ১৯৫৩-১৯৫৭ অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট | |
---|
| ১৯৫৩-১৯৬০ | |
---|
| ১৯৬১-১৯৮০ | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১- বৰ্তমানলৈ | |
---|
|