তিচৰী কছম (ইংৰাজী: Teesri Kasam , হিন্দী: तीसरी कसम) ১৯৬৬ চনত মুক্তিপ্ৰাপ্ত, বাসু ভট্টাচাৰ্য পৰিচালিত আৰু গীতিকাৰ শৈলেন্দ্ৰ প্ৰযোজিত এখন হিন্দী ভাষাৰ ড্ৰামা চলচ্চিত্ৰ। হিন্দী উপন্যাসিক ফণীশ্বৰনাথ ৰেণুৰ চুটিগল্প মাৰে গয়ে গুলফামৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনৰ শীৰ্ষ চৰিত্ৰ দুটাত অভিনয় কৰিছে ৰাজ কাপুৰ আৰু ৱাহীদা ৰহমানে। সংগীত পৰিচালক যুটী শংকৰ-কিষাণে তিচৰী কচমৰ সংগীত ৰচনা কৰিছে। চিত্ৰগ্ৰহণ সুব্ৰত মিত্ৰই। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে ক্ৰমে নবেন্দু ঘোষ আৰু ফণীশ্বৰনাথ ৰেণুৱে।
ভাৰতীয় গ্ৰাম্য সমাজক চিত্ৰিত কৰা তিচৰী কচম এখন অপৰম্পৰাগত চলচ্চিত্ৰ। ই এজন সহজ-সৰল গাৰোৱান হীৰামনে নৌটংকী শিল্পী হীৰাবাইৰ প্ৰেম-কাহিনী। ইয়াত পৰিবেশ্য কলাৰ সৈতে, বিশেষকৈ ভ্ৰাম্যমাণ লোকনাট্য দলৰ সৈতে জড়িত মহিলাক কৰা শোষণৰ বিষয়টোক উত্থাপন কৰা হৈছে। বক্সঅফিছত বিফল হৈছিল যদিও ছবিখনে ১৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ স্বৰ্ণ পদক লাভ কৰিছিল।[2]
কাহিনীৰ সাৰাংশ
বিহাৰৰ এখন দুৰণীবতীয়া গাঁৱৰ বাসিন্দা হীৰামন এজন গাৰোৱান। পৰিস্থিতিৰ পাকচক্ৰত পৰি সি তিনিটা প্ৰতিজ্ঞা কৰিছিল, প্ৰথমটো সি তাৰ গৰুগাড়ীত চোৰাং বজাৰৰ সামগ্ৰী নকঢ়িয়ায়, দ্বিতীয়টো বাঁহ নকঢ়িয়ায় আৰু তৃতীয়টো সি কেতিয়াও নৌটংকীৰ বাইক তাৰ গাড়ীত উঠিব নিদিয়ে। এই তৃতীয় প্ৰতিজ্ঞাটোক কেন্দ্ৰ কৰিয়ে ছবিৰ কাহিনীভাগ আৱৰ্তিত হৈছে।
হীৰামনে তাৰ গৰুগাড়ীখনেৰে এজনী নৌটংকীৰ শিল্পী হীৰাবাইক এখন মেলালৈ কঢ়িয়াই নিছিল। প্ৰায় ত্ৰিশঘণ্টীয়া এই যাত্ৰাটোত হীৰামনে পৰীৰ লেখীয়া চেহেৰাৰ, এটা সংবেদী মনৰ গৰাকী হীৰাবাইৰ প্ৰেমত পৰে। হীৰাবাইৰ বুকুতো সৰল অন্তঃকৰণৰ হীৰামনৰ প্ৰতি অনুকম্পাৰ সৃষ্টি হয়। মেলা চলি থকা দিনকেইটাত হীৰাবায়ে হীৰামনক তাতেই থাকিবলৈ অনুৰোধ জনায় আৰু প্ৰতি নিশা নৌটংকী চাবলৈ বিনামূলীয়া পাছ দিয়ে।
নৌটংকী চাবলৈ গৈ হীৰামনে দেখে যে সকলো মানুহে হীৰাবাইক এজনী বেশ্যাৰ দৃষ্টিৰ চায়। কিন্তু হীৰামনৰ দৃষ্টিত তাই এজনী নিষ্কলুষ, কুমাৰী নাৰী। সি তাইক এই সন্মান নাইকিয়া নৌটংকীৰ এই বৃত্তিটো এৰিব দিয়ে। কিন্তু হীৰাবাইৰ বাবে যে এই বৃত্তি ত্যাগ কৰা কোনোমতে সম্ভৱ নহয়। এদিন মেলা শেষ হয়। নৌটংকীৰ দলটো দূৰণীৰ আন এখন মেলালৈ যাত্ৰা কৰে। হীৰামনেও হীৰাবাইক গধুৰ মনেৰে বিদায় জনায় আৰু প্ৰতিজ্ঞা কৰে যে আৰু কেতিয়াও তাৰ গাড়ীৰে কোম্পানীৰ বাই নকঢ়িয়ায়।
অভিনয় শিল্পী
|
- এ কে হংগল (হীৰামনৰ ককায়েক)
- অসিত সেন (নৌটংকীৰ প্ৰচাৰক)
- চি.জে.ডুবে (বিৰ্জু)
- শৈলেন্দ্ৰ
|
সংগীত
গীত ৰচনা হছৰত জয়পুৰী আৰু শৈলেন্দ্ৰৰ। সংগীত শংকৰ-জয়কিষাণৰ।
|
|
1. |
"আ আ ভাই যা" | শৈলেন্দ্ৰ | লতা মংগেশকাৰ |
৫:০৩ |
2. |
"চলত মুছাফিৰ" | শৈলেন্দ্ৰ | মান্না দে |
৩:০৪ |
3. |
"দুনীয়া বনানেৱালে" | হছৰত জয়পুৰী | মুকেশ |
৫:০৩ |
4. |
"হায়ে গজব কহীঁ তাৰা তুতা" | শৈলেন্দ্ৰ | আশা ভোঁচলে |
৪:১৩ |
5. |
"মাৰে গয়ে গুলফাম" | হছৰত জয়পুৰী | লতা মংগেশকাৰ |
৪:০০ |
6. |
"পান খায়ে সৈয়া হামাৰো" | শৈলেন্দ্ৰ | আশা ভোঁচলে |
৪:০৮ |
7. |
"সাজনা বৈৰী হো গয়ে হমাৰ" | শৈলেন্দ্ৰ | মুকেশ |
৩:৫১ |
8. |
"সাজন ৰে ঝুঠ মত বোলো" | শৈলেন্দ্ৰ | মুকেশ |
৩:৪৩ |
9. |
"লালী লালী দুনীয়া মেঁ লালী ৰে" | শৈলেন্দ্ৰ | আশা ভোঁচলে |
৩:১১ |
10. |
"কিচ্চা হোতা হ্যায় চুৰু" | হছৰত জয়পুৰী | মুবাৰক বেগম, শংকৰ-শম্ভু |
২:৫৭ |
সঁহাৰি
তিচৰী কচমক সমালোচকসকলে ভালকৈ গ্ৰহণ কৰিছিল আৰু এইখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈও সক্ষম হৈছিল যদিও বক্সঅফিচত বেয়াকৈ মাৰ খাইছিল। বিগত বৰ্ষবোৰত ভাৰতীয় চলচ্চিত্ৰ জগতৰ এখন ধ্ৰুপদী চলচ্চিত্ৰ ৰূপে পৰিগণিত হয়।
কাপুৰ আৰু ৰহমান উভয়ে ছবিখনত কৰা অভিনয়ৰ বাবে প্ৰশংসিত হৈছিল। সমালোচকসকলে ভাবে যে জাগতে ৰহোৰ (১৯৫৬) পিছত ৰাজ কাপুৰে তিচৰী কচমত তেওঁৰ কৰ্মজীৱনৰ আটাইতকৈ সংবেদনশীল প্ৰদৰ্শন কৰিছিল। ১৯৭৭ত কাপুৰে ইণ্ডিয়া টুডেক কৈছিল যে ছবিখন তেওঁ ভাল পোৱা নাছিল।[6]
এই চলচ্চিত্ৰখনৰ আধাৰত প্ৰস্তুত কৰা তিচৰী কচম কে শিল্পকাৰ (तीसरी कसम के शिल्पकार शैलेंद्र) শীৰ্ষক অধ্যায় চিবিএচচিৰ দশম শ্ৰেণীৰ হিন্দী বিষয়ৰ পাঠ্যপুথি স্পৰ্শ ভাগ-২ত অন্তৰ্ভুক্ত কৰা হৈছিল। ২০১৯ চনৰ পৰা অৱশ্যে পাঠ্যক্ৰমৰ পৰা এই অধ্যায়টো আঁতৰাই দিয়া হয়।[7]
বঁটা
- ১৯৬৬ চনৰ ১৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক।
- বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এচোছিয়েন (BFJA) বঁটা
- শ্ৰেষ্ঠ পৰিচালক: বাসু ভট্টাচাৰ্য
- শ্ৰেষ্ঠ অভিনেতা: ৰাজ কাপুৰ
- শ্ৰেষ্ঠ অভিনেত্ৰী: ৱাহীদা ৰহমান
তথ্যসূত্ৰ
গ্ৰন্থপঞ্জী
- Kaur, Raminder; Sinha, Ajay J (2005). Bollyworld: Popular Indian Cinema Through A Transnational Lens. SAGE Publications. ISBN 978-0-7619-3321-2. https://books.google.com/books?id=glDZKHgyoAoC&pg=PA131.
- Hangal, A. K. (1999). Life and Times of A.K. Hangal. Sterling Publishers. ISBN 978-81-207-2163-0. https://books.google.com/books?id=ju51hH5wyFQC&pg=PA95.
- Gulazāra; Nihalani, Govind; Chatterjee, Saibal (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. ISBN 978-81-7991-066-5. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT556.
- Singh, Indubala (2007). Gender Relations and Cultural Ideology in Indian Cinema: A Study of Select Adaptations of Literary Texts. Deep & Deep Publications. ISBN 978-81-7629-989-3. https://books.google.com/books?id=lQVqy8f7q-sC&pg=PA58.
- Banerjee, Shampa; Srivastava, Anil (1988). One Hundred Indian Feature Films: An Annotated Filmography. Taylor & Francis. ISBN 978-0-8240-9483-6. https://books.google.com/books?id=zX4GY37rG8kC&pg=PA178.
- Patel, Bhaichand (2012). Bollywood's Top 20: Superstars of Indian Cinema. Penguin Books India. ISBN 978-0-670-08572-9. https://books.google.com/books?id=RQL4dkVAnPIC&pg=PA97.
- Kabir, Nasreen Munni; Rehman, Waheeda (2014). Conversations with Waheeda Rehman. Penguin Books Limited. ISBN 978-93-5118-642-7. https://books.google.com/books?id=tqfzAgAAQBAJ&pg=PT94.
বাহ্যিক সংযোগ
|
---|
| ১৯৫৩-১৯৫৭ অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট | |
---|
| ১৯৫৩-১৯৬০ | |
---|
| ১৯৬১-১৯৮০ | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১- বৰ্তমানলৈ | |
---|
|