নিৰ্মল্যম |
---|
পোষ্টাৰ |
পৰিচালক |
এম টি বাসুদেৱন নায়াৰ[1] |
---|
ৰচনা |
এম টি বাসুদেৱন নায়াৰ |
---|
ভিত্তি |
পল্লিভালুম কালচিলাম্বুম লেখক: এম টি বাসুদেৱন নায়াৰ |
---|
প্ৰযোজক |
এম টি বাসুদেৱন নায়াৰ |
---|
অভিনয়ত |
পি জে এণ্টনি সুমিত্ৰা ৰবি মেনন |
---|
চিত্ৰগ্ৰহণকাৰী |
ৰামচন্দ্ৰ বাবু |
---|
সম্পাদনা |
ৰবি |
---|
সংগীত পৰিচালক |
গীত: কে ৰাঘৱন সংগীত: এ বি শ্ৰীনিৱাসন |
---|
প্ৰযোজনা কোম্পানী |
নোৱেল ফিল্মছ্ |
---|
পৰিবেশক |
নোৱেল ফিল্মছ্ |
---|
মুক্তি |
২৩ নৱেম্বৰ ১৯৭৩ (1973-11-23) |
---|
দৈৰ্ঘ্য |
১৩৪ মিনিট |
---|
দেশ |
ভাৰত |
---|
ভাষা |
মালয়ালম |
নিৰ্মল্যম (মালয়ালম: നിര്മ്മാല്യം; ইংৰাজী: Nirmalyam) ১৯৭৩ চনত মুক্তি পোৱা এম বাসুদেৱন নায়াৰ ৰচিত আৰু পৰিচালিত, পি জে এণ্টনি, সুমিত্ৰা আৰু ৰবি মেনন অভিনীত এখন মালয়ালম ভাষাৰ চলচ্চিত্ৰ।[1][2] এই ছবিখনত পি জে এণ্টনিয়ে এজন পুৰোহিত ‘ৱেলিচাপ্পাড়ু’ৰ ভাওত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[3] লগতে ছবিখন লগতে ছবিখনে লাভ কৰে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা।[4] পৰিচালক হিচাপে এম টি বাসুদেৱন নায়াৰ আৰু অভিনয়শিল্পী হিচাপে সুকুমাৰন আৰু সুমিত্ৰাৰ নিৰ্মল্যম প্ৰথম ছবি। ইয়াৰ পূৰ্বে হিন্দী চলচ্চিত্ৰত অভিনয় কৰা ৰবি মেননৰ এইখন দ্বিতীয ছবি তেওঁৰ অভিনয় জীৱনৰ এক অগ্ৰগতি।
ছবিখন এম টি বাসুদেৱন নায়াৰৰ পল্লিভালুম কালচিলাম্বম নামৰ চুটিগল্পৰ অভিযোজন।
কাহিনী
প্ৰাচীন ধ্বংসপ্ৰায় মন্দিৰটোত গাঁওবাসীয়ে কেতিয়াবাহে পূজা-সেৱা আগবঢ়ায়। মন্দিৰটোৰ উন্নয়নৰ প্ৰতি ট্ৰাষ্টীসকলৰ কোনো আগ্ৰহ নাই। মন্দিৰৰ আজীৱন পুৰোহিত ৱেলিচাপ্পাড়ুৱে বিশ্বাস কৰে যে এদিন হলেও এদিন মন্দিৰটোৱে প্ৰাচীন মৰ্যদা ওভতাই পাব।দেৱীয়ে তেওঁৰ মাহাত্ম্য দেখুৱাব।
আৰ্থিক দুৰ্দশাত বিধ্বস্ত পুৰোহিতে জীয়াই থকাৰ বাবে অন্য জীৱিকা গ্ৰহণ কৰে। মন্দিৰৰ ট্ৰাষ্টীয়ে তেওঁৰ ৰান্ধনীজনৰ পুতেকক মন্দিৰৰ তদাৰক কৰিবলৈ দায়িত্ব দিয়ে। কিন্তু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা এই ডেকাল’ৰাটোৱে পুৰোহিতালীৰ কাম অলপো ভাল নাপায় যদিও ট্ৰাষ্টীৰ নিৰ্দেশ অমান্য কৰিব নোৱাৰে। ৱেলিচাপ্পাড়ুৰ কিশোৰী জীয়াৰী আম্মিনিয়ে তেওঁক মন্দিৰৰ কামকাজত সহায় কৰে আৰু এনেকৈয়ে দুয়োৰো মাজত অন্তৰংগতা গঢ় লৈ উঠে।
পুৰোহিতৰ পুত্ৰ অপ্পুৱে গাঁৱৰে কিছু অবাঞ্চিত ব্যক্তিৰ সংগত অধিক সময় কটায়। এদিন সি দেউতাৰ পবিত্ৰ তৰোৱালখন আৰু মন্দিৰৰ ঘণ্টা চুৰ কৰে। কিন্তু এই পবিত্ৰ সামগ্ৰী দুপদ বিকিবলৈ কোনো গ্ৰাহক বিচাৰি নাপায়। এনেতে গাঁওখন বসন্ত মহামাৰীত আক্ৰান্ত হয়। গাঁওবাসীয়ে ইয়াক দেৱীৰ অভিশাপ বুলি গণ্য কৰি দেৱীক সন্তুষ্ট কৰিবলৈ একে অনুষ্ঠানৰ আয়োজন কৰে।
অনুষ্ঠান আৰম্ভ হয়। ৱেলিচাপ্পাড়ুৱে দেৱীৰ সন্মুখত নৃত্য কৰিবলৈ প্ৰস্তুতি চলায়। তেওঁ পবিত্ৰ তৰোৱালখন আৰু নৃত্য পৰিবেশনৰ সময়ত কঁকালত পিন্ধিবলগীয় ঘণ্টা আনিবলৈ ঘৰলৈ যায়। ঘৰৰ দুৱাৰ বন্ধ। তেওঁ দেখিবলৈ পায় যে শোৱনী কোঠাৰ পৰা ওলাই আহিছে তেওঁৰ পত্নী আৰু গাঁৱৰে এজন মহাজন।
মন্দিৰত দেৱীৰ সন্মুখত পুৰোহিতৰ উদ্দাম নৃত্য আৰম্ভ হয়। তেওঁ বাৰেবাৰে তৰোৱালেৰে কপালত আঘাত কৰে। সমগ্ৰ মুখমণ্ডল ৰক্তাক্ত হৈ যায় আৰু এসময়ত তেওঁ নিথৰ হৈ পৰে।
অভিনয়শিল্পী
- পি জে এণ্টনী (ৱেলিচাপ্পাড়ু- পুৰোহিত)
- সুমিত্ৰা (পুৰোহিতৰ জীয়াৰী আম্মিনি)
- ৰবি মেনন (যুৱ পুৰোহিত ব্ৰহ্মদত্তন নাম্বুদিৰি)
- কবিয়ুৰ পোন্নাম্মা (ৱেলিচাপ্পাড়ুৰ পত্নী)
- সুকুমাৰণ (ৱেলিচাপ্পাড়ুৰ পুত্ৰ অপ্পু)
- কুঞ্জন্দি (মহাজন)
- শংকাৰাদি
- শান্তা দেৱী
- কোট্টাৰাক্কা শ্ৰীধৰণ নায়াৰ
- এম এচ নাম্বুদিৰি
- এচ পি পিল্লাই
বঁটা
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ[5]
- শ্ৰেষ্ঠ অভিনেতা- পি জে এ্ণ্টনি[5]
- শ্ৰেষ্ঠ চলচ্চিত্ৰৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ চলচ্চিত্ৰ
- শ্ৰেষ্ঠ অভিনেতা- পি জে এ্ণ্টনি
- শ্ৰেষ্ঠ সম্পাদক
- শ্ৰেষ্ঠ চিত্ৰনাট্য
তথ্যউৎস
বাহ্যিক সংযোগ
|
---|
| ১৯৫৩-১৯৫৭ অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট | |
---|
| ১৯৫৩-১৯৬০ | |
---|
| ১৯৬১-১৯৮০ | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১- বৰ্তমানলৈ | |
---|
|