ঊনৈশে এপ্ৰিল |
---|
চিত্ৰগৃহত মুক্তিৰ বাবে তৈয়াৰ কৰা পোষ্টাৰ |
পৰিচালক |
ঋতুপৰ্ণ ঘোষ |
---|
ৰচনা |
ঋতুপৰ্ণ ঘোষ |
---|
প্ৰযোজক |
ৰেণু ৰায় |
---|
অভিনয়ত |
অপৰ্ণা সেন দেৱশ্ৰী ৰায় প্ৰসেনজিৎ চেতাৰ্জী দীপাংকৰ দে |
---|
চিত্ৰগ্ৰহণকাৰী |
সুনিৰ্মল মজুমদাৰ |
---|
সংগীত পৰিচালক |
জ্যোতিস্ক দাশগুপ্ত |
---|
প্ৰযোজনা কোম্পানী |
|
---|
মুক্তি |
১৯৯৪ (1994) |
---|
দৈৰ্ঘ্য |
১৩৮ মিনিট |
---|
দেশ |
ভাৰত |
---|
ভাষা |
বঙালী |
---|
বাজেট |
est. ₹২০ লাখ[2] |
ঊনিশে এপ্ৰিল (ইংৰাজী: Unishe April ), অনু. ঊনৈশ এপ্ৰিল) ১৯৯৪ চনত মুক্তি পোৱা ঋতুপৰ্ণ ঘোষ পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। স্পন্দন ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ৰেণু ৰায়ে। ইয়াত অপৰ্ণা সেন আৰু দেৱশ্ৰী ৰায়ে মুখ্য ভূমিকাত অভিনয় কৰাৰ বিপৰীতে প্ৰসেনজিৎ চেটাৰ্জী আৰু দীপাংকৰ দেই সহযোগী চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ সংগীতৰ ৰচনা জ্যোতিষ্ক দাসগুপ্তৰ।
হীৰেৰ আঙঠিৰ (১৯৯২)ৰ পিছত এইখন আছিল ঘোষৰ দ্বিতীয় পৰিচালনা। ইঙ্গমাৰ বাৰ্গমেনৰ ছবি অটাম ছ'নাটাৰ[3] (১৯৭৮)প্ৰভাৱ পৰা ছবিখনৰ চিত্ৰনাট্য আৰু বিশেষকৈ সেন আৰু ৰায়ৰ অভিনয়ে ব্যাপক প্ৰশংসা লাভ কৰে।[3] দেৱশ্ৰী ৰায়ে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ঘোষে ছবিখনৰ পৰিচালনাৰ উপৰিও চিত্ৰনাট্যও লিখিছিল আৰু চিত্ৰগ্ৰহণ কৰিছিল সুনিৰ্মল মজুমদাৰে।
ছবিখনৰ কাহিনীটো পিতৃ-মাতৃ আৰু কন্যাৰ মাজৰ উত্তেজনাপূৰ্ণ সম্পৰ্কক লৈ আৱৰ্তিত হৈ থাকে। তেওঁলোকৰ ব্যক্তিগত বিষয়বোৰে জীৱনৰ এটা তিক্ত দিশ কেনেকৈ উদঙাই দিয়ে, তাক চিত্ৰিত কৰা হৈছে।[4] নিজৰ সময়তকৈ বহু আগবাঢ়ি থকা বুলি বিবেচিত ছবিখনৰ বিপুল সফলতাই বঙালী চলচ্চিত্ৰ জগতৰ একচন ছবিৰ যুগৰ অন্ত পেলোৱাত আৰু কলাত্মক ছবিৰ ধাৰাটোক সজীৱ কৰি তোলাত সহায় কৰিছিল। দেৱশ্ৰী ৰায়ৰ অভিনয়ে ‘বঙালী চলচ্চিত্ৰৰ অবিসম্বাদী ৰাণী’ হিচাপে তেওঁৰ স্থিতি আৰু অধিক সুদৃঢ় কৰি তুলিছিল। ঊনিশে এপ্ৰিলেই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটালাভ কৰে আৰু ১৯৯৬ চনৰ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিউ কাৰেণ্টছ বঁটাৰ বাবে মনোনীত হয়।
অভিনয় শিল্পী
কাহিনীৰ সাৰাংশ
সৰোজিনী এগৰাকী প্ৰখ্যাত নৃত্যশিল্পী, যাৰ কলাৰ প্ৰতি সমৰ্পিত প্ৰাণ। সন্মান আৰু প্ৰশংসাৰে বুৰাই পেলোৱা সৰোজিনী কিন্তু ঘৰুৱা জীৱনত বিফল। এফালে তেওঁৰ বৰ্ধিত জনপ্ৰিয়তা, আনফালে স্বামী মণিষৰ ক্ৰমবৰ্দ্ধমান অসন্তুষ্টি। মণিষে তেওঁলোকৰ একমাত্ৰ সন্তান, জীয়েক অদিতিৰ লালন-পালনৰ দায়িত্ব লয়। সৰোজিনীয়ে নৃত্যৰ জৰিয়তে তেওঁৰ বৈবাহিক জীৱনৰ শূন্যতা পুৰাব বিচাৰে। মণিষৰ আকস্মিক মৃত্যুৰ বাবে সৰোজিনীয়ে জীয়েকক হোষ্টেলত ৰাখিবলৈ বাধ্য হয়। কিন্তু অদিতি আৰু তাইৰ দেউতাকক সময় দিবলৈ অক্ষম হোৱা মাকৰ স্মৃতি জাজ্বল্যমান হৈ থকাত তাইৰ মাকৰ প্ৰতি তিক্ততা ওপজে।
বঁটা
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
---|
| ১৯৫৩-১৯৫৭ অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট | |
---|
| ১৯৫৩-১৯৬০ | |
---|
| ১৯৬১-১৯৮০ | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১- বৰ্তমানলৈ | |
---|
|