এই প্ৰবন্ধটো ন্যায়াধীশ জনৰ বিষয়ে। অভিনেতা জনৰ বাবে
বাহাৰুল ইছলাম চাওক।
ন্যায়াধীশ বাহাৰুল ইছলাম (Baharul Islam) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ আছিল।[1][2] উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া৷
১৯১৮ চনৰ ১ মাৰ্চ তাৰিখে অসমৰ নলবাৰী জিলাত তেওঁৰ জন্ম হৈছিল।
শিক্ষা
তেওঁ নলবাৰীৰ গুৰ্দন হাই স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। তেতিয়া নলবাৰী কামৰূপ জিলাৰ অন্তৰ্গত আছিল। তাৰ পিছত তেওঁ গুৱাহাটীৰ কটন কলেজত অধ্যয়ন কৰে। পিছলৈ তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
ইছলামে প্ৰথমে ১৯৫১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত (পূৰ্বে অসম উচ্চ ন্যায়ালয়) অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ ১৯৫৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে যোগ দিয়ে।
২০ জানুৱাৰী ১৯৭২ চনত তেওঁ অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ত (বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়) ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰে। ১১ মাৰ্চ ১৯৭৯ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ পদ অলংকৃত কৰে। পিছলৈ ৭ জুলাই ১৯৭৯ৰ পৰা ১ মাৰ্চ ১৯৮০লৈ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যকাল সম্পন্ন কৰি অৱসৰ গ্ৰহণ কৰে।
শেষলৈ ৪ ডিচেম্বৰ ১৯৮০ চনত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১২ জানুৱাৰী ১৯৮৩ চনত তেওঁ এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1]
১৯৬২ আৰু ১৯৬৮ চনত তেওঁ দুবাৰকৈ ৰাজ্য সভালৈ নিৰ্বাচিত হয়।
তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ সদস্য আছিল যদিও সভাপতিৰ পদত সেৱা আগবঢ়োৱা নাছিল।[3]
কমিটি
বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ অধিকাৰ, সমান সা-সুবিধা আৰু প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে আইন প্ৰণয়ন কৰিবলৈ ১৯৮৭ চনত বাহাৰুল ইছলাম কমিটি গঠন কৰা হৈছিল।[4]
তথ্য সংগ্ৰহ