দেৱ আনন্দ |
---|
দেৱ আনন্দ, প্ৰায় ২০০৫ |
জন্ম |
ধৰমদেৱ পিশোৰীমল আনন্দ ২৬ ছেপ্টেম্বৰ, ১৯২৩ শংকৰগড় তেহচিল, পাঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পাঞ্জাব, পাকিস্তানত) |
---|
মৃত্যু |
০৩ ডিচেম্বৰ, ২০১১ (৮৮ বছৰ) লণ্ডন, ইংলেণ্ড |
---|
অন্য নাম |
|
---|
শিক্ষানুষ্ঠান |
গৱৰ্মেণ্ট কলেজ, লাহোৰ (কলা স্নাতক) |
---|
পেচা |
- অভিনেতা
- প্ৰযোজক
- পৰিচালক
- লেখক
|
---|
সক্ৰিয় হৈ থকা সময় |
১৯৪৬-২০১১ |
---|
সংস্থা |
নৱকেতন ফিল্মছ্ |
---|
দাম্পত্যসঙ্গী |
কল্পনা কাৰ্তিক (বি. ১৯৫৪) |
---|
সন্তান |
সুনীল আনন্দকে ধৰি ২জন |
---|
আত্মীয়-স্বজন |
চাওক আনন্দ-সাহনি পৰিয়াল |
---|
বঁটা, সন্মান, পুৰস্কাৰ আদি |
সম্পূৰ্ণ তালিকা |
---|
স্বাক্ষৰ |
---|
|
দেৱ আনন্দ ( ইংৰাজী: Dev Anand; জন্ম: ধৰমদেৱ পিশোৰীমল আনন্দ ; ২৬ ছেপ্টেম্বৰ ১৯২৩ – ৩ ডিচেম্বৰ ২০১১) হিন্দী চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা, লেখক, পৰিচালক আৰু প্ৰযোজক। আনন্দক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু সফল অভিনেতা হিচাপে গণ্য কৰা হয়।[1] ছয় দশকৰো অধিক সময়ৰ কৰ্মজীৱনৰ জৰিয়তে তেওঁ শতাধিক ছবিত কাম কৰিছিল। আনন্দে শ্ৰেষ্ঠ অভিনেতা শিতানত দুটাকে ধৰি মুঠ চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ভাৰত চৰকাৰে তেওঁক ২০০১ চনত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ আৰু ২০০২ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰে।[2]
১৯৪৬ চনত আনন্দে প্ৰভাত ফিল্মছৰ হিন্দু-মুছলমান ঐক্যৰ ভিত্তিত নিৰ্মিত ছবি হম এক হ্যায় ত মুখ্য চৰিত্ৰত অভিনয়ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। তেওঁ জিদ্দি (১৯৪৮) ছবিখনত প্ৰথম বাণিজ্যিক সফলতা লাভ কৰে আৰু ব্লকবাষ্টাৰ ক্ৰাইম থ্ৰিলাৰ বাজীৰ (১৯৫১) জৰিয়তে ব্যাপক স্বীকৃতি লাভ কৰে, যিখন ছবিক ১৯৫০ দশকত বলীউডত আহিবলগীয়া Bombay noir শৃংখলাৰ অগ্ৰদূত হিচাপে গণ্য কৰা হয়।[3][4] পিছৰ বছৰবোৰত তেওঁ শীৰ্ষ উপাৰ্জনকাৰী ছবি, যেনে জাল (১৯৫২),টেক্সি ড্ৰাইভাৰ (১৯৫৪), ইনচানিয়ত (১৯৫৫), মুনিমজী (১৯৫৫), চি.আই.ডি. (১৯৫৬), পেয়িং গেষ্ট (১৯৫৭), কালাপানী (১৯৫৮) আৰু কালা বজাৰত (১৯৬০) অভিনয় কৰে। আনন্দে মঞ্জিল (১৯৬০), জব প্যাৰ কিছি ছে হোতা হ্যায় (১৯৬১), হম দোনো (১৯৬১), আচলি-নকলী (১৯৬২) আৰু তেৰে ঘৰ কে সামনে (১৯৬৩) আদি ছবিৰে ৰোমান্টিক ভাবমূৰ্তি অৰ্জন কৰিছিল।[5]
১৯৬৫ চনৰ গাইড ছবিখনে আনন্দৰ কৰ্মজীৱনৰ এক ডাঙৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছিল।[6] আৰ কে নাৰায়ণৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত এই ছবিখন বক্স অফিচত সফলতা লাভ কৰে;[7] আৰু ৩৮তম একাডেমী বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি শিতানত মনোনয়ন পায়।[8] তেওঁ থ্ৰিলাৰ ধাৰাৰ ছবি আৰ কে নাৰায়ণ জুৱেল থিফৰ (১৯৬৭) বাবে বিজয় আনন্দৰ সৈতে পুনৰ একেলগে কাম কৰে আৰু ছবিখন বক্স অফিচত হিট হয়।[9] ৭০ৰ দশকত তেওঁ গুপ্তচৰ বিষয়ক নাট্যধৰ্মী ছবি প্ৰেম পূজাৰীৰ জৰিয়তে পৰিচালনাৰ ক্ষেত্ৰত ভৰি দিয়ে। গোটেই ৭০ আৰু ৮০ৰ দশকত তেওঁ কেইবাখনো অতি সফল ছবিত অভিনয় কৰে, যাৰ ভিতৰত আছে- জনী মেৰা নাম (১৯৭০),হৰে ৰামা হৰে কৃষ্ণ (১৯৭১), বানাৰসী বাবু (১৯৭৩), হীৰা পান্নাকে (১৯৭৩), আমিৰ গৰিব (১৯৭৪), ৱাৰেণ্ট (১৯৭৫), দেশ পৰদেশ (১৯৭৮), স্বামী দাদা (১৯৮২) আৰু লস্কৰ (১৯৮৯)। ২০১১ চনৰ চাৰ্জশ্বীট আছিল আনন্দৰ শেষ ছবি।
আনন্দৰ ক্ষীপ্ৰ সংলাপ প্ৰক্ষেপন আৰু মূৰ লৰোৱাৰ অনন্য শৈলী, চলচ্চিত্ৰত তেওঁৰ অভিনয়ৰ বিশিষ্ট পৰিচিতি হৈ পৰিছিল। তেওঁৰ শৈলী প্ৰায়ে আন অভিনেতাই নকল কৰিছিল। দেৱ আনন্দৰ বহু ছবিত বিশ্বৰ প্ৰতি তেওঁ সাংস্কৃতিক দৃষ্টিভংগী প্ৰকাশ পাইছিল আৰু প্ৰায়ে বহুতো সামাজিক প্ৰাসংগিক বিষয়ত আলোকপাত কৰা হৈছিল। আনন্দে কলা পানী আৰু গাইড ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। আনন্দৰ বিবাহ হৈছিল অভিনেত্ৰী কল্পনা কাৰ্তিকৰ সৈতে, যাৰ সৈতে তেওঁৰ সুনীল আনন্দকে ধৰি দুটা সন্তান আছে।
বঁটা আৰু সন্মান
অসামৰিক সন্মান
- ২০০১: কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে পদ্ম ভূষণ
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ফিল্মফেয়াৰ বঁটা
- ১৯৫৯: ৬ষ্ঠ ফিল্মফেয়াৰ বঁটা- শ্ৰেষ্ঠ অভিনেতা (কালাপানী)
- ১৯৬৭: ১৪তম ফিল্মফেয়াৰ বঁটা- শ্ৰেষ্ঠ অভিনেতা (গাইড)
- ১৯৬৭: ১৪তম ফিল্মফেয়াৰ বঁটা- শ্ৰেষ্ঠ চলচ্চিত্ৰ (গাইড)
- ১৯৯৩: ৩৮তম ফিল্মফেয়াৰ বঁটা- জীৱনজোৰা সাধনা বঁটা
অন্যান্য
তথ্যসূত্ৰ
অধিক জানিবলৈ পঢ়ক
বাহ্যিক সংযোগ
|
---|
| ১৯৬৯-১৯৮০ | | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১-বৰ্তমানলৈ | |
---|
|
|
---|
| ১৯৫৪–১৯৬০ | |
---|
| ১৯৬১–১৯৮০ | |
---|
| ১৯৮১–২০০০ | |
---|
| ২০০১–২০২০ | |
---|
| ২০২১–বৰ্তমান | |
---|
|