অশোক কুমাৰ |
---|
প্ৰায় ১৯৪২ চনত কুমাৰ |
জন্ম |
কুমুদলাল গাংগুলী ১৩ অক্টোবৰ, ১৯১১ ভগলপুৰ, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ বিহাৰ, ভাৰত) |
---|
মৃত্যু |
১০ ডিচেম্বৰ, ২০০১ (৯০ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
---|
অন্য নাম |
দাদুমণি |
---|
পেচা |
অভিনেতা, প্ৰযোজক, চিত্ৰশিল্পী, গায়ক |
---|
সক্ৰিয় হৈ থকা সময় |
১৯৩৪–১৯৯৭ |
---|
দাম্পত্যসঙ্গী |
শোভা দেৱী (বি. ১৯৩৫) |
---|
সন্তান |
প্ৰীতি গাংগুলীৰ সৈতে চাৰিজন |
---|
আত্মীয়-স্বজন |
গাংগুলী পৰিয়াল মুখাৰ্জী - সমৰ্থ পৰিয়াল |
---|
বঁটা, সন্মান, পুৰস্কাৰ আদি |
সংগীত নাটক একাডেমী বঁটা (১৯৫৯)
শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা (দুবাৰ)
শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৯)
দাদাচাহেব ফাল্কে বঁটা (১৯৮৮)
শ্ৰেষ্ঠ অভিনেতাৰ বিফজেএ বঁটা (দুবাৰ)
পদ্মশ্ৰী (১৯৬২) পদ্মভূষণ (১৯৯৯) |
অশোক কুমাৰ (জন্মসূত্ৰে কুমুদলাল গাংগুলী; জন্ম:১৩ অক্টোবৰ ১৯১১ – মৃত্যু: ১০ ডিচেম্বৰ, ২০০১), এগৰাকী ভাৰতীয় অভিনেতা যাক ভাৰতীয় চলচ্চিত্ৰৰ ‘আইকন’ (icon) আখ্যা দিয়া হয়। তেওঁ হিন্দী চিনেমাত স্বাভাৱিক অভিনয় আৰম্ভ কৰিছিল। ৪০ আৰু ৫০ৰ দশকৰ ক'লা-বগা ছবিৰ যুগৰ তেওঁ আছিল প্ৰথমগৰাকী ছুপাৰষ্টাৰ। খলনায়ক চৰিত্ৰত অভিনয় কৰা তেৱেঁই প্ৰথমগৰাকী নায়ক আছিল। চৰিত্ৰাভিনেতা ৰূপে কাম কৰা তেৱেঁই আছিল প্ৰথমগৰাকী তাৰকা অভিনেতা। তেওঁ চলচ্চিত্ৰ জগতৰ নামজ্বলা গাংগুলী পৰিয়ালৰ বংশধৰ।[1]
১৯৮৮ চনত, ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফালকে বঁটাৰে তেওঁক সন্মানিত কৰা হয়।,[2] ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯৯ চনত তেওঁলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হয়।[3]
জন্ম আৰু ব্যক্তিগত জীৱন
কৰ্মজীৱন
শেষ সময়ছোৱা
৮০ আৰু ৯০ৰ দশকত তেওঁৰ চলচ্চিত্ৰীয় অভিনয় কমিছিল। এই সময়ছোৱাত তেওঁক মাজে মাজে দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰা দেখা গৈছিল। জনপ্ৰিয় টিভি চিৰিয়েল বাহাদুৰ চাহ জাফৰৰ মূখ্য চৰিত্ৰত আৰু তেহকিকাতত সৌৰভ শুক্লাৰ সৈতে তেওঁ অভিনয় কৰিছিল।[4]
১৯৭০ চনত, আঁখৌ ম্যে তুম হৌ চলচ্চিত্ৰত কৰা অভিনয়েই তেওঁৰ চলচ্চিত্ৰ জগতৰ শেষ অভিনয় আছিল। কেৱল অভিনয় ক্ষেত্ৰতে নহয়, এগৰাকী চিত্ৰশিল্পী আৰু হোমিঅ’পেথি ঔষধদাতা ৰূপেও তেওঁ নিজ দক্ষতাৰ পৰিচয় দিছিল।[5] সৰ্বমুঠ ২৭৫ খন চিনেমাত তেওঁ কাম কৰিছিল ।
মৃত্যু
২০০১ চনৰ ১০ ডিচেম্বৰত, ৯০ বছৰ বয়সত, মুম্বাইৰ চেম্বুৰত থকা নিজা বাসগৃহত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অশোক কুমাৰৰ মৃত্যু হয়। তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মতে কুমাৰ "... বহু প্ৰজন্মৰ উচ্চাকাংক্ষী অভিনেতাৰ বাবে এক অনুপ্ৰেৰণা" আছিল।[6]
লিগেচি
স্বীকৃতি
- ১৯৫৯ – সংগীত নাটক একাডেমী বঁটা
- ১৯৬২ – শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা, ৰাখী (১৯৬২ চনৰ ছবি)
- ১৯৬২ – পদ্মশ্ৰী
- ১৯৬৩ – মনোনয়ন–শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা গুমৰাহ (১৯৬৩ চনৰ ছবি)
- ১৯৬৩ – বেংগল ফিল্ম জাৰ্নেলিষ্ট এছ’চিয়েচন বঁটা ( বিএফজিএ বঁটা ) – শ্ৰেষ্ঠ অভিনেতাৰ বঁটা (হিন্দী), গুমৰাহ
- ১৯৬৬ – শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা, অফচা্না
- ১৯৬৭ – মনোনয়ন – শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা, মেহেৰবান
- ১৯৬৯ – শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা, আশীৰ্বাদ
- ১৯৬৯ – শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আশীৰ্বাদ
- ১৯৬৯ – শ্ৰেষ্ঠ অভিনেতাৰ বেংগল ফিল্ম জাৰ্নেলিষ্ট এছ’চিয়েচন এৱাৰ্ড (হিন্দী), Aashirwaad
- ১৯৬৯ – মনোনয়ন – শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা, আশীৰ্বাদ
- ১৯৭৩ – মনোনয়ন – শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা, ভিক্টোৰিয়া নম্বৰ দৌশ তিন
- ১৯৭৭ – মনোনয়ন – শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা, ছ’টি চী বাত
- ১৯৮৮ – দাদাচাহেব ফাল্কে বঁটা, চলচ্চিত্ৰীয় উৎকৃষ্টতাৰ বাবে ভাৰতৰ সৰ্বোচ্চ সন্মান
- ১৯৯৪ – স্ক্ৰীণ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড
- ১৯৯৫ – ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড
- ১৯৯৯ – পদ্মভূষণ [7]
- ২০০১ – অৱধ সন্মান, (উত্তৰ প্ৰদেশ চৰকাৰৰ স্বীকৃতি)
- ২০০৭ – স্ক্ৰীণ স্পেচিয়েল এৱাৰ্ড,[8]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
---|
| ১৯৬৭–১৯৮০ | |
---|
| ১৯৮১–২০০০ | |
---|
| ২০০১–বৰ্তমান | |
---|
|
|
---|
| ১৯৬৯-১৯৮০ | | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১-বৰ্তমানলৈ | |
---|
|