সুলোচনা |
---|
১৯২০ৰ দশকত সুলোচনা |
জন্ম |
ৰুবি মায়াৰ্ছ্ ১৯৭০ পুণে, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
---|
মৃত্যু |
১০ অক্টোবৰ ১৯৮৩[1] মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
---|
পেচা |
অভিনয় |
---|
সক্ৰিয় হৈ থকা সময় |
১৯২০ৰ দশকৰ পৰা ১৯৮০ৰ দশকলৈ |
ৰুবি মায়াৰ্ছ (ইংৰাজী: Ruby Myers; ১৯০৭- ১০ অক্টোবৰ ১৯৮৩) বাগদাদী ইহুদী সম্প্ৰদায়ৰ এগৰাকী ভাৰতীয় নিৰ্বাক ছবিৰ অভিনেত্ৰী। তেওঁক ছবিজগতৰ নাম সুলোচনা বুলিহে বেছি ভালকৈ জনা যায়। ১৯২০-১৯৩০ দশকৰ তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল। ৫৩খন ছবিত অভিনয় কৰা মায়াৰ্ছে এগৰাকী অনন্য চলচ্চিত্ৰ তাৰকাৰ ভাবমূৰ্তি তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।[2] তেওঁৰ সময়ৰ তেৱেঁ আটাইতকৈ অধিক টকা পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী আছিল, যেতিয়া তেওঁ ইম্পেৰিয়েল ষ্টুডিঅ’ত দিনশ্ব বিলিমৰীয়াৰ সৈতে জোঁটবন্ধন কৰিছিল। ১৯৩০ৰ দশকৰ মধ্যভাগত ৰুবি পিকচ্ নামৰে এটা চলচ্চিত্ৰ প্ৰডাকচন হাউচ খুলিছিল।[3]
মায়াৰ্ছক জীৱনজোৰা চলচ্চিত্ৰৰ সাধনাৰ বাবে ১৯৭৩ চনত ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ ডাঙৰ সন্মান দাদাচাহেব ফাল্কে বঁটা বঁটাৰে সন্মানিত কৰা হৈছিল।[4] তেওঁ এজনী ছোৱালী তুলি লৈছিল। তাইৰ নাম দিছিল চাৰাহ মায়াৰ্ছ, যাৰ বিয়াৰ পিছৰ নাম হৈছিল বিজয়লক্ষ্মী শ্ৰেষ্ঠ। মায়াৰ্ছৰ ১৯৮৩ চনত মুম্বাইত মৃত্যু হৈছিল।[2]
কৰ্মজীৱন
ৰুবি মায়াৰ্ছৰ জন্ম ১৯০৭ চনত পুণেত হৈছিল।[6]
স্ব-নামাংকিত সুলোচনা ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালৰ ইউৰেছিয় মহিলা তাৰকা। তেওঁ এগৰাকী টেলিফোন অপাৰেটৰ হিচাপে কাম কৰিছিল। কহিনুৰ ফিল্মছৰ মোহন ভাৱনানীয়ে তেওঁক ছবিত কাম কৰিবলৈ আহ্বান জনাইছিল। সেই সময়ত মহিলাৰ কাৰণে অভিয়ন এক যথেষ্ট সন্দেহজনক বৃত্তি আছিল। ভাৱনানীয়ে তথাপিও আশা এৰি নিদিলে। অৱশেষত অভিনয়ৰ কোনো জ্ঞান নাছিল যদিও তেওঁ মান্তি হ’ল। আৰ্দেশৰ ইৰাণীৰ ইম্পেৰিয়েল ফিল্ম কোম্পানীলৈ যোৱাৰ আগয়ে ভাৱনানী পৰিচালিত কহিনুৰ ছবিত অভিনয় কৰি মায়াৰ্ছ তাৰকালৈ পৰিণত হয়। তেওঁৰ জনপ্ৰিয় ছবিবোৰৰ ভিতৰত টাইপিষ্ট গাৰ্ল (১৯২৬), বলিদান (১৯২৭), ৱাইল্ডকেট অফ বোম্বে (১৯২৭) আদি।[4][7] কহিনুৰ ফিল্মছত নখন ছবি কৰাৰ পিছত তেওঁ ইম্পেৰিয়েল ফিল্ম কোম্পানীলৈ আহিছিল। ইম্পেৰিয়েলৰ অধীনত তেওঁ ৩৭খন ছবিত অভিনয় কৰিছিল।[4]
১৯২৮-২৯ চনত আৰ.এচ. চৌধুৰী পৰিচালিত নিৰ্বাক চলচ্চিত্ৰ যুগৰ তিনিখন ৰোমাণ্টিক ছবি ‘মাধুৰী’ (১৯২৮), ‘আনাৰকলী’ (১৯২৮) আৰু ‘ইন্দিৰা বি.এ.’-এ (১৯২৯) তেওঁক খ্যাতিৰ শিখৰলৈ লৈ গৈছিল।[2] অন্য দুখন ছবি আছিল পেচি কৰ্ণী পৰিচালিত 'হীৰ ৰানঝা' (১৯৩১) আৰু ভাৱনানী পৰিচালিত 'মেজিক ফ্লুট'।[4]
ইম্পেৰিয়েল ফিল্ম কোম্পানীয়ে ভাৰতৰ প্ৰথম সবাক ছবি আলম আৰাৰ মুক্তি দিয়ে। সবাক চলচ্চিত্ৰ যুগ আৰম্ভ হোৱাত অভিনয় শিল্পীসকলে হিন্দুস্তানী ভাষাত দক্ষতা অৰ্জন কৰাটো বাধ্যতামূলক হ’ল। এবছৰ অভিনয় জগতৰ পৰা আঁতৰি থাকি তেওঁ ভাষাটো শিকি লৈ ‘মাধুৰী’ (১৯৩২) ছবিৰ সবাক সংস্কৰণেৰে অভিনয় জগতত প্ৰত্যাবৰ্তন কৰিলে আৰু জনপ্ৰিয়তাৰ ক্ষেত্ৰত এক নতুন উচ্চতা প্ৰদান কৰিলে। মতি গিডৱানী পৰিচালিত আৰু দিনশ্ব বিলিমৰীয়া অভিনীত 'ডাকু কী লড়কী', হোমী মাষ্টাৰ পৰিচালিত 'দিল সোণোবৰ' আৰু অন্যান্য বহু সবাক ছবিয়ে ভাৰতীয় চলচ্চিত্ৰলৈ প্ৰথম তাৰকাৰ দল উপহাৰ দিলে।[4]
দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হোৱাত বহুতো নতুন নতুন অভিনয় শিল্পীৰ আগমন হ'ল, মায়াৰ্ছে বাধ্য হৈ স্পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিবলৈ বাধ্য হৈ পৰিল। ১৯২৫-১৯৩৯ৰ তেওঁৰ গৌৰৱজ্বল সময়চোৱাক 'হিন্দী ছবিৰ সুলোচনাৰ যুগ' বুলি অভিহিত কৰিব পাৰি।[4]
তথ্য উৎস
বাহ্যিক সংযোগ
|
---|
| ১৯৬৯-১৯৮০ | | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১-বৰ্তমানলৈ | |
---|
|