ছোহৰাব মেৰৱানজী মোদী |
---|
১৯৩১ চনত মোদী |
জন্ম |
০২ নৱেম্বৰ, ১৮৯৭ বোম্বে, বোম্বে প্ৰেচিডেঞ্চি, বৃটিছ ভাৰত |
---|
মৃত্যু |
২৮ জানুৱাৰী, ১৯৮৪ (৮৬ বছৰ) বোম্বে, মহাৰাষ্ট্ৰ |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
সংস্থা |
মিনাৰ্ভা মোভীটোন |
---|
উল্লেখযোগ্য কৰ্ম |
ছিকন্দৰ, পুকাৰ, পৃথ্বীবল্লভ, ঝাঁসী কী ৰাণী, মিৰ্জা গালিব |
---|
দাম্পত্যসঙ্গী |
মেহতাব (বি. ১৯৪৬) |
---|
বঁটা, সন্মান, পুৰস্কাৰ আদি |
দাদাচাহেব ফাল্কে বঁটা (১৯৮০) |
ছোহৰাব মেৰৱানজী মোদী (ইংৰাজী: Sohrab Merwanji Modi ; ২ নৱেম্বৰ ১৮৯৭ – ২৮ জানুৱাৰী ১৯৮৪) এজন ভাৰতীয় মঞ্চাভিনেতা, চলচ্চিত্ৰাভিনেতা, পৰিচালক আৰু প্ৰযোজক আছিল।[1] তেওঁৰ ছবিসমূহৰ ভিতৰত উল্লেখযোগ্য- শ্বেইক্সপীয়েৰৰ হেলমেটৰ চলচ্চিত্ৰীয় সংস্কৰণ খুন কা খুন, ছিকন্দৰ, পুকাৰ, পৃথ্বীবল্লভ, ঝাঁসী কী ৰাণী, মিৰ্জা গালিব, জেইলৰ আৰু নৌশেৰৱান-এ-আদিল। তেওঁৰ ছবিসমূহত সদায় সামাজিক আৰু জাতীয় বিষয়ৰ প্ৰতি দৃঢ় দায়বদ্ধতাৰ বাৰ্তা আছিল।[2]
প্ৰাৰম্ভিক জীৱন
১৮৯৭ চনৰ ২ নৱেম্বৰত বোম্বাইত ছোহৰাব মেৰৱানজী মোডীৰ জন্ম হৈছিল।[2] ১৬ বছৰ বয়সত তেওঁ গোৱালিয়ৰৰ টাউন হলত প্ৰজেক্টৰ ব্যৱহাৰ কৰি চলচ্চিত্ৰ প্ৰদৰ্শন কৰে আৰু ২৬ বছৰ বয়সত তেওঁৰ আৰ্য সুবোধ থিয়েটাৰিকেল কোম্পানী স্থাপন কৰে।[3]
নিৰ্বাক চলচ্চিত্ৰত কাম কৰাৰ কিছু অভিজ্ঞতাৰে মোদীয়ে পাৰ্চী থিয়েটাৰত অভিনেতা হিচাপে কাম কৰিবলৈ লয়। তেওঁ শ্বেক্সপীয়েৰিয়ান অভিনেতা হিচাপে যথেষ্ট সুনাম অৰ্জন কৰে আৰু ভায়েকৰ নাটক কোম্পানীটোৰ সৈতে সমগ্ৰ ভাৰত ভ্ৰমণ কৰে। ১৯৩১ চনত সবাক চলচ্চিত্ৰৰ আগমণৰ লগে লগে ভ্ৰাম্যমাণ থিয়েটাৰৰ অৱনতি ঘটে। এই মৃত্যুমুখী শিল্পক উদ্ধাৰৰ বাবে মোদীয়ে ১৯৩৫ চনত ষ্টেজ ফিল্ম কোম্পানী গঠন কৰে। তেওঁৰ প্ৰথম দুখন ছবি আছিল নাটকৰ চলচ্চিত্ৰীয় সংস্কৰণ। খুন কা খুন (১৯৩৫) আছিল হেমলেটৰ অভিযোজন আৰু এই ছবি যোগে নাচিম বানুৱে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। দ্বিতীয়খন ছবি সঈদ-এ-হাৱাচ (১৯৩৬) শ্বেক্সপীয়েৰৰ কিং জনৰ আধাৰত নিৰ্মিত। দুয়োখন ছবিয়ে বক্স অফিচত বিফল হয়।[2]
কৰ্মজীৱন
১৯৩৬ চনত তেওঁ মিনাৰ্ভা মুভীটোন মুকলি কৰে।[4] মদ্যপানৰ বিষময় ফল, হিন্দু মহিলাৰ বিবাহ বিচ্ছেদৰ অধিকাৰ আদি সামাজিক বিষয়ৰ আধাৰত নিৰ্মিত তেওঁৰ প্ৰাৰম্ভিক ছবি মিঠা জহৰ (১৯৩৮) আৰু তালাক (১৯৩৮) আদি মিনাৰ্ভাত নিৰ্মাণ কৰা হৈছিল। যদিও গুণগতভাবে ছবিসমূহ উৎকৃষ্ট আছিল, তথাপি তেওঁৰ মন ঐতিহাসিক ছবিৰ প্ৰতিহে ঢাল খাইছিল। তেওঁৰ ঐতিহাসিক ত্ৰিল’জী – পুকাৰ (১৯৩৯),ছিকন্দৰ (১৯৪১) আৰু পৃথ্বীবল্লভৰ (১৯৪৩) বাবে মিনাৰ্ভা প্ৰখ্যাত হৈ পৰিছিল।
পুকাৰত (১৯৩৯) মোগল সম্ৰাট জাহাংগীৰৰ ন্যায়ৰ প্ৰতি থকা নিষ্ঠাক উজ্জ্বল কৰি তুলিছে; যদিও হয়তো ছবিখনত বৰ্ণিত কাহিনীটো কাল্পনিক হ’ব পাৰে। ছবিৰ গুৰুত্বপূৰ্ণ দৃশ্যসমূহৰ চিত্ৰগ্ৰহণ মোগল ৰাজদৰবাৰ আৰু প্ৰাসাদত কৰা হৈছিল, যিয়ে ছবিখনক এক বাস্তৱৰ অনুভৱ দিছে। চন্দ্ৰমোহন আৰু নাচিম বানুৰ তাৰকাত্বৰ আকৰ্ষণ, কামাল আমৰোহীৰ সাহিত্যগন্ধী বৰ্ণনাই ছবিখনৰ জনপ্ৰিয়তা নিশ্চিত কৰিছিল। [4]
চলচ্চিত্ৰপঞ্জী
পৰিচালক ৰূপে
- খুন কা খুন (১৯৩৫)
- সঈদ-এ-হাৱাছ (১৯৩৬)
- আত্ম তৰংগ (১৯৩৭)
- খান বাহাদুৰ (১৯৩৭)
- জেইলৰ (১৯৩৮)[2][5]
- মিঠা জহৰ (১৯৩৮)[2]
- পুকাৰ (১৯৩৯)[2]
- ভৰোসা (১৯৪০)
- তাজমহল (১৯৪১)
- ছিকন্দৰ (১৯৪১)[2][5]
- ফিৰ মিলেংগে (১৯৪২)
- পৃথ্বীবল্লভ (১৯৪৩)[2]
- পৰখ (১৯৪৪)[2][4]
- এক দিন কা চুলতান (১৯৪৫)
- মঁঝধৰ (১৯৪৭)
- নৰসিংহ অৱতাৰ (১৯৪৯)
- দৌলত (১৯৪৯)
- শীশমহল (১৯৫০)[2]
- ঝান্সি কী ৰাণী (১৯৫৩)[2][4][5]
- মীৰ্জা গালিব (১৯৫৪)[2][5]
- কুন্দন (১৯৫৫)
- ৰাজ হাথ (1956)
- নৌশেৰান-এ-আদিল (১৯৫৭)[2]
- জেইলৰ (১৯৫৮)
- মেৰা ঘৰ মেৰে বচ্ছে (১৯৬০)
- সময় বড়া বলৱান (১৯৬৯)
অভিনেতাৰূপে
- খুন কা খুন (১৯৩৫)
- সঈদ-এ-হাৱাছ (১৯৩৬)
- জেইলৰ (১৯৩৮)[2][5]
- মিঠা জহৰ (১৯৩৮)[2]
- পুকাৰ (১৯৩৯)[4]
- ছিকন্দৰ (১৯৪১)[5]
- পৃথ্বীবল্লভ (১৯৪৩)[5]
- শীশমহল (১৯৫০)[2]
- ঝান্সি কী ৰাণী (১৯৫৩)
- কুন্দন (১৯৫৫)
- ৰাজ হাথ (1956)
- নৌশেৰান-এ-আদিল বা ফৰ্জ ঔৰ মোহব্বত (১৯৫৭)
- য়হুদী (১৯৫৮)[2]
- জেইলৰ (১৯৫৮)
- পেহলী ৰাত (১৯৫৯)
- ৱহ কোই ঔৰ হোগা (১৯৬৭)
- নুৰজাহান (১৯৬৭)
- জলৱা (১৯৭১)
- এক নাৰী ব্ৰহ্মচাৰী (১৯৭১)
- ৰাজিয়া চুলতান (১৯৮৩)
বঁটা
তথ্যউৎস
বাহ্যিক সংযোগ
|
---|
| ১৯৬৯-১৯৮০ | | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১-বৰ্তমানলৈ | |
---|
|
|
---|
সাধাৰণ | |
---|
ৰাষ্ট্ৰীয় পুথিভঁৰাল | |
---|