দেৱিকা ৰাণী |
---|
|
জন্ম |
দেৱিকা ৰাণী চৌধুৰী মাৰ্চ ৩০ , ১৯০৮ মাদ্ৰাছ প্ৰেসিডেন্সি, ব্ৰিটিছ ইণ্ডিয়া (বৰ্তমানৰ বিশাখাপট্টনম, অন্ধ্ৰ প্ৰদেশ) |
---|
মৃত্যু |
মাৰ্চ ৯ , ১৯৯৪ (৮৫ বছৰ) |
---|
অন্য নাম |
দ্য ড্ৰেগন লেডী |
---|
সক্ৰিয় হৈ থকা সময় |
১৯২৫ - ১৯৪৩ |
---|
দাম্পত্যসঙ্গী |
হিমাংশু ৰায় (১৯২৯- ১৯৪০) স্বেতোস্লাৱ ৰোৰিক (১৯৪৫ - ১৯৯৩) |
দেৱিকা ৰাণী (ইংৰাজী: Devika Rani; বঙালী: দেবিকা ৰাণী; জন্ম : ৩০ মাৰ্চ, ১৯০৮ – মৃত্যু : ৯ মাৰ্চ, ১৯৯৪);[1] ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী। তেওঁক ভাৰতীয় চিনেমা জগতৰ ‘ফাৰ্ষ্ট লেডী’ (প্ৰথম মহিলা) বুলি কোৱা হয়। ১৯২৯ চনত মুক্তিপ্ৰাপ্ত ‘প্ৰপঞ্চ পাস’ নামৰ ছবিখনৰ জৰিয়তে দেৱিকা ৰাণীয়ে অভিনয় জীৱনৰ পাতনি মেলিছিল। ছবিখনত তেওঁ কষ্টিউম ডিজাইনাৰ আৰু জুনিয়ৰ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। ১৯৩৩ চনত মুক্তিপ্ৰাপ্ত ‘কৰ্মা’ নামৰ ছবিখনত তেওঁ প্ৰথম বাৰৰ বাবে নায়িকা হিচাপে অভিনয় কৰে। দেৱিকাৰ অভিনয়ৰ দক্ষতা আৰু ব্যক্তিত্বই তেতিয়াৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু তেওঁ জৱাহৰলাল নেহৰু আৰু সৰোজিনী নাইডুৰ দৰে ব্যক্তিৰ প্ৰশংসা লাভ কৰিছিল।[2]
পৰিয়াল
দেৱিকাৰ পিতৃ এছ. এম. চৌধৰী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সম্পৰ্কীয় আছিল। এছ. এম. চৌধৰী ইংৰাজ সৈন্য বাহিনীৰ চিকিৎসক আছিল আৰু পিছলৈ মাদ্ৰাজৰ চাৰ্জন জেনেৰেলো হৈছিল।[4][6]
শিক্ষা আৰু কৰ্মজীৱন
দেৱিকা ৰাণীয়ে ৯ বছৰ বয়সত ইংলেণ্ডৰ আৱাসিক বিদ্যালয়ত থাকি পঢ়িছিল। পিছলৈ লণ্ডনৰ ৰয়েল একাডেমী অৱ ড্ৰেমেটিক আৰ্টচ্ আৰু ৰয়েল একাডেমী অৱ মিউজিক ইনষ্টিটিউটত অধ্যয়ন কৰিছিল। [7] শিক্ষা সমাপ্ত কৰি তেওঁ ১৯২৮ চনত লণ্ডনৰ এটি টেক্সটাইল ডিজাইনিং ষ্টুডিঅ’ত চাকৰিত সোমায়। তালৈ ছবি এখনৰ কামত যাওঁতে চলচ্চিত্ৰ নিৰ্মাতা হিমাংশু ৰায়ে তেওঁক লগ পায়। হিমাংশু ৰায়ে ১৯২৯ চনত ‘প্ৰপঞ্চ পাস’ নিৰ্মাণ কৰিছিল।
বিবাহিত জীৱন
‘প্ৰপঞ্চ পাস’ নিৰ্মাণৰ পাছতেই হিমাংশু ৰায়ৰ সৈতে দেৱিকাৰ বিবাহ হয়। ১৯৩৩ চনত তেওঁলোক ভাৰতলৈ ঘূৰি আহি ‘কৰ্মা’ নিৰ্মাণ কৰে। দেৱিকা ৰাণীৰ সফলতাৰ আঁৰৰ মানুহজন আছিল হিমাংশু ৰায়।[2] ১৯৪০ চনত হিমাংশু ৰায়ৰ মৃত্যু হয়। ১৯৪৫ চনত ৰুচ চিত্ৰশিল্পী স্বেতোস্লাভ ৰ’ৰিকৰ সৈতে দেৱিকা ৰাণী বিবাহপাশত আবদ্ধ হয়।
অভিনীত কেইখনমান ছবি
বৰ্ষ |
চলচ্চিত্ৰ |
চৰিত্ৰ |
টোকা
|
১৯৪৩ |
হমাৰী বাত |
|
|
১৯৪১ |
অঞ্জান |
ইন্দিৰা |
|
১৯৩৭ |
সাবিত্ৰী |
সাবিত্ৰী |
|
১৯৩৭ |
ইজ্জত |
|
|
১৯৩৬ |
অছুৎ কন্যা |
কস্তুৰী |
|
১৯৩৬ |
জন্মভূমি |
|
|
১৯৩৬ |
জীৱন নইয়া |
লতা |
|
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
---|
| ১৯৬৯-১৯৮০ | | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১-বৰ্তমানলৈ | |
---|
|