লম্বোদৰ বৰা |
---|
|
জন্ম |
১৮৬০ খালিপোকীয়া গাঁও, দৰং জিলা, অসম |
---|
মৃত্যু |
১২ এপ্ৰিল, ১৮৯২ |
---|
পেচা |
আইনজ্ঞ, লিখক |
---|
ভাষা |
অসমীয়া |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
নাগৰিকত্ব |
ভাৰত |
---|
শিক্ষা |
বি এ, বি এল |
---|
সময় |
অসমীয়া সাহিত্যৰ জোনাকী যুগ |
লম্বোদৰ বৰা (ইংৰাজী: Lambodar Bora) (১৮৬০-১৮৯২) অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক আছিল। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম[1]। অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠাৰ আঁৰত এখেতৰ অৱদান অতিকৈ উল্লেখযোগ্য[2]।
চমু জীৱনী
লম্বোদৰ বৰা জন্ম হয় ১৮৬০ চনত দৰং জিলাৰ গমিৰি মৌজাৰ খালিপোকীয়া গাঁৱত হৈছিল[2]৷ তেখেতৰ পিতৃৰ নাম বৃকোদৰ কাকতি৷ ১৮৭৭ চনত তেজপুৰৰ মজলীয়া বিদ্যালয়ৰ পৰা ছাত্ৰ বৃত্তি পৰীক্ষা উত্তীৰ্ণ হয় আৰু তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ পৰৱৰ্তী সময়ত তেখেতে কলিকতাৰ মেট্ৰোপলিটান ইনষ্টিটিউচনত নাম ভৰ্ত্তি কৰে৷ কলিকতাৰ পৰাই এফ.এ. আৰু ১৮৮৭ চনত স্নাতক উপাধি অৰ্জন কৰে৷ আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ পাছতে তেখেতে "কোহিমা হাইস্কুল"ৰ প্ৰধান শিক্ষক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে৷ দুবছৰ তেওঁ সেই পদতে কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ কলিকতালৈ গৈ আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু বি.এল. ডিগ্ৰী লাভ কৰি তেজপুৰলৈ আহি আইনজ্ঞ ৰূপে অধিষ্ঠিত হয়[2]৷
সাহিত্যিক অৱদান
লম্বোদৰ বৰাই বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰা সাহিত্য-চৰ্চা আৰম্ভ কৰিছিল৷ আসাম বিলাসিনী, "আসাম তৰা", আসাম নিউজ আদি কাকত আলোচনীত নিয়মিতভাৱে লিখামেলা কৰিছ্লি[2]৷ আসাম বন্ধুত প্ৰকাশিত ’সদানন্দৰ কলা ঘূমটি’, ’সদানন্দ নতুন অভিধান’ ’সদানন্দৰ সমাচাৰ’ আদি ব্যংগ সাহিত্য ৰচনা কৰিছিল৷ ’শকুন্তলা’ নাটকখন তেখেতে সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছিল[2]৷ ’ল’ৰাবোধ’ আৰু ’জ্ঞানোদয়’ বৰাৰ দুখন প্ৰকাশিত পাঠ্যপুথি[3]৷ ’ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জীৱন চৰিত’ আৰু ’সমাজ দৰ্পন’ নামৰ পুথি দুখন অসমাপ্ত অৱস্থাত থাকোতেই ১৮৯২ চনৰ ১২ এপ্ৰিলত হাইজা ৰোগত আক্ৰান্ত হৈ মৃত্যুৱৰণ কৰে[2]৷
তথ্য সংগ্ৰহ