ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী(Indian Institute of Information Technology,Guwahati বা IIIT-G) অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত(PPP-mode)[3] প্ৰতিষ্ঠা কৰা হৈছে।
শিক্ষা
ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীয়ে কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰম(Computer Science and Engineering) আৰু অণুবিদ্যুৎ আৰু দুৰসংযোগ পাঠ্যক্ৰমৰ(Electronics and Communication Engineering) প্ৰযুক্তিবিদ্যাৰ স্নাতক(B.Tech) ডিগ্ৰী প্ৰদান কৰে।[4] উপৰোক্ত সকলো বিভাগত নামভৰ্তি সংযুক্ত প্ৰৱেশ পৰীক্ষা-মুখ্যৰ(JEE-MAIN) দ্বাৰা কৰা হয়।
২০১৫ চনৰ পৰা প্ৰতিষ্ঠানখনে প্ৰযুক্তিবিদ্যাৰ স্নাতক অথবা স্নাতকোত্তৰ(B.Tech বা M.Tech) সম্পূৰ্ণ কৰা শিক্ষাৰ্থীক গৱেষণামুলক ডক্টৰেট পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণৰ সুবিধা আগবঢ়াইছে।[5]
বিভাগসমূহ
- কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ (Department of Computer Science and Engineering)
- অণুবিদ্যুৎ আৰু দুৰসংযোগ অভিযান্ত্ৰিক বিভাগ (Department of Electronics & Communication Engineering)
- গণিত বিভাগ (Department of Mathematics)
- অৰ্থনীতি বিভাগ (Department of Economics)
- ইংৰাজী বিভাগ(Department of English)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ |
---|
| গৱেষণা কেন্দ্ৰ | |
---|
| বিশ্ববিদ্যালয় | |
---|
| অভিযান্ত্ৰিক মহাবিদ্যালয় | |
---|
| চিকিৎসা মহাবিদ্যালয় | |
---|
| ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান | |
---|
| অন্যান্য মহাবিদ্যালয় | |
---|
|