জেংৰাইমুখ মহাবিদ্যালয় (ইংৰাজী: Jengraimukh College) কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল।[2][3] এই মহাবিদ্যালয়খন বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজলীত অৱস্থিত।[4]
ইতিহাস
মূলতঃ মিছিং আৰু দেউৰী জনজাতি বাস কৰা অসমৰ মাজুলী জিলাৰ জেংৰাইমুখ আছিল শিক্ষা আৰু অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল।[4] প্ৰাকৃতিক সীমাৰ লগতে পৰিবহণ আৰু যোগাযোগৰ ব্যৱধানৰ বাবে এই স্থানৰ লোকসকলে তেওঁলোকৰ সন্তানক উচ্চ শিক্ষাৰ বাবে প্ৰেৰণ কৰিব নোৱাৰিছিল। স্থানীয় কিছুমান অগ্ৰণী ব্যক্তিৰ প্ৰচেষ্টাত ১৯৭৩ চনত জেংৰাইমুখ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়ৰ পৰা অনুমতি লাভ কৰে। প্ৰতিষ্ঠানটো বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপৰ শিক্ষাৰ এক প্ৰতীক হৈ পৰিছিল। শ্ৰীইন্দ্ৰেশ্বৰ পেগুৱে প্ৰথম অধ্যক্ষ হিচাপে মহাবিদ্যালয়খনত কাৰ্যনিৰ্বাহ কৰে।[3][4]