সন্দিকৈ ছোৱালী মহাবিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়[1]। এইখন অসম তথা গুৱাহাটীৰ পুৰণি মহাবিদ্যালয়সমূহৰ ভিতৰত এখন, য'ত বিজ্ঞান আৰু কলা শাখাত অধ্যয়নৰ সুবিধা আছে। মহাবিদ্যালয়খন গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অৱস্থিত৷ উত্তৰ-পূব ভাৰতৰ নাৰী শিক্ষাৰ অন্যতম কেন্দ্ৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়খন ১৯৩৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল, অসমত নাৰী শিক্ষাৰ ক্ষেত্ৰখনৰ অগ্ৰণী নাৰী প্ৰয়াতৰাজাবালা দাসৰ নোতৃত্বত এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰয়াত ৰাধাকান্ত সন্দিকৈৰ পৃষ্ঠপোষকতা আৰু দান-বৰঙণিৰ দ্বাৰা প্ৰথম পৰ্যায়ত এই মহাবিদ্যালয়খনৰ শুভাৰম্ভ কৰা হয়৷[2]
সন্দিকৈ ছোৱালী মহাবিদ্যালয় স্থাপিত কৰা হৈছিল ১৯৩৯ চনত গুৱাহাটী ছোৱালী মহাবিদ্যালয় নামেৰে। ৰাজাবালা দাস মহাবিদ্যালয়খনৰ প্ৰথম অধ্যক্ষা আছিল। মহাবিদ্যালয়খন এতিয়া গুৱাহাটী মহানগৰৰ পাণবজাৰ এলেকাত অৱস্থিত। ১৯৪০ চনত মহাবিদ্যালয়খনৰ নাম সন্দিকৈ ছোৱালী মহাবিদ্যালয় নামলৈ সলনি কৰা হয় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ হয়। গুৱাহটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ কৰা হয়।
১৯০১ চনৰ পৰা ২০১৪ চনলৈকে মুঠ ১১ জন অধ্যক্ষই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে৷