শ্ৰুতকীৰ্তি হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা[1] ৰামৰ সৰু ভায়েক শত্ৰুঘ্নৰ পত্নী আছিল।
শ্ৰুতকীৰ্তি আছিল সংকস্যৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ সৰু জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। শ্ৰুতকীৰ্তিৰ মাণ্ডবী নামৰ এগৰাকী ডাঙৰ ভগ্নী আছিল।[2]
শ্ৰুতকীৰ্তি অযোধ্যাৰ ৰজা দশৰথৰ চতুৰ্থ আৰু কনিষ্ঠ পুত্ৰ শত্ৰুঘ্নাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ সুবাহু আৰু শত্ৰুঘাতী নামৰ দুটা পুত্ৰ সন্তান আছিল। [3] যেতিয়া তেওঁৰ জ্যেষ্ঠ ভগ্নী সীতা আৰু ৰাম-লক্ষ্মণক নিৰ্বাসিত কৰা হৈছিল সেই সময়ত দশৰথৰ স্বাস্থ্যৰ অৱনতি ঘটে শ্ৰুতকীৰ্তিয়ে তেওঁৰ ভগ্নী মাণ্ডৱীৰ সৈতে শহুৰেকৰ যত্ন লৈছিল। পিছলৈ যেতিয়া তেওঁৰ স্বামী শত্ৰুঘ্নই লৱণাসুৰক হত্যা কৰে, শ্ৰুতকীৰ্তি মধুপুৰ (মথুৰা)ৰ ৰাণী হয়।[4]
তথ্য সংগ্ৰহ
|
---|
| ঈক্ষ্বাকু বংশ | |
---|
| বানৰ | |
---|
| ৰাক্ষস | |
---|
| ঋষি | |
---|
| আন চৰিত্ৰ | |
---|
| স্থান | |
---|
| সপ্তকাণ্ড | |
---|
| আনুষঙ্গিক কাৰ্য | |
---|
|