মকৰধ্বজ হৈছে পৌৰাণিক হিন্দু কিংবদন্তিৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ হনুমান পুত্ৰ। হনুমানৰ ঘামৰ পৰা তেওঁৰ জন্ম হৈছে। ৰামায়ণৰ বিভিন্ন আঞ্চলিক সংস্কৰণত তেওঁৰ উপস্থিতি বৰ্ণনা কৰা হৈছে। [1][2]
জন্ম
লংকা দহনৰ পিছত হনুমানে সাগৰৰ পানীত ডুব মাৰিছিল, তেওঁৰ ঘামৰ টোপাল এটা শক্তিশালী মকৰৰ মুখত পৰিছিল আৰু ইয়াৰ পৰাই মকৰৰ গৰ্ভৰ পৰা মকৰধ্বজৰ জন্ম হৈছিল। [1][2][3]
আন এটা কাহিনী অনুসৰি, লংকা জ্বলোৱাৰ পিছত নিজকে শীতল কৰিবলৈ যেতিয়া হনুমানে সাগৰত ডুব মাৰিছিল, তেওঁৰ কৰ্ম-কাণ্ডৰ ফলত তেওঁৰ শৰীৰত সৃষ্টি হোৱা অত্যধিক গৰমৰ বাবে তেওঁৰ ঘামৰ এটোপাল, মকৰ নামৰ এটা বিশাল মাছ খোৱা সৰীসৃপৰ মুখত পৰিছিল, এনেদৰেই মকৰে গৰ্ভধাৰণ কৰিছিল। [4]
মকৰটো পাতালৰ ৰজা অহিৰাৱাণৰ লোকসকলে ধৰিছিল। ইয়াক কাটোতে পেটত মকৰধ্বজক পোৱা গৈছিল। সেইবাবে মকৰৰ নাম অনুসৰিয়েই তেওঁৰ নামকৰণ কৰা হৈছিল আৰু তেওঁলোকৰ তত্ত্বাৱধানত মকৰধজ ডাঙৰ-দীঘল হৈছিল।
তেওঁ ডাঙৰ দীঘল হোৱাৰ পিছত, অহিৰাৱাণে তেওঁৰ শক্তি আৰু পৌৰুষত্ব দেখি তেওঁক তেওঁৰ ৰাজ্যৰ প্ৰৱেশদ্বাৰৰ ৰখীয়া পাতিছিল [1][2][4]
ৰামায়ণৰ কাহিনী
বাল্মীকিৰ ৰামায়ণত এই কাহিনীটোৰ কোনো উল্লেখ পোৱা নাযায়। অৱশ্যে, স্থানীয় লোককাহিনীৰে এই কাহিনীটো সম্পৰ্কিত। যেতিয়া অহিৰাৱণে ৰাম আৰু লক্ষ্মণক পাতাললৈ লৈ গৈছিল, হনুমানে তেওঁলোকক উদ্ধাৰ কৰিবলৈ অনুসৰণ কৰিছিল।[5] তেওঁক পাতালাৰ প্ৰৱেশদ্বাৰত এজন সৈনিকে প্ৰত্যাহ্বান জনাইছিল, যাৰ এটা অংশ বান্দৰৰ আৰু অংশ এটা অংশ সৰীসৃপৰ আছিল অৰ্থাৎ এক মকৰৰ দৰে। তেওঁ নিজকে মকৰধ্বজ আৰু শক্তিশালী যোদ্ধা হনুমানৰ পুত্ৰ বুলি পৰিচয় দিছিল।[1][2]
হনুমানে এই কথাত আমোদ পাইছিল আৰু কৈছিল যে, মই নিজেই হনুমান কিন্তু তেওঁ তেওঁৰ পুত্ৰ হ'ব নোৱাৰে কিয়নো তেওঁ জন্মৰ পৰাই সম্পূৰ্ণ ব্ৰহ্মচাৰী আছিল। অৱশ্যে, হনুমানে তাৰ পিছত মকৰধ্বজৰ জন্ম সম্পৰ্কীয় ঘটনাবোৰ চাবলৈ চকুমুদি ধ্যানৰত হৈছিল।
মকৰধ্বজে হনুমানৰ আশীৰ্বাদ বিচাৰিছিল। অৱশ্যে, তেওঁ হনুমানক কৈছিল যে তেওঁ পাতালত প্ৰৱেশ কৰিবলৈ তেওঁৰ সৈতে যুঁজ দিব লাগিব, কিয়নো তেওঁ তেওঁৰ ৰজাৰ বিশ্বাসঘাতকতা কৰিব নোৱাৰে। হনুমানে দ্বৈত যুদ্ধত মকৰধ্বজক পৰাস্ত কৰে আৰু তাৰ পিছত তেওঁ অহিৰাৱণক হত্যা কৰি ৰাম আৰু লক্ষ্মণক উদ্ধাৰ কৰে। পাতাল লোকৰ পৰা উভতি অহাৰ সময়ত শ্ৰী ৰামে বেদনাত মকৰধ্বজলৈ এবাৰ চকু ফুৰালে, হনুমানে অনুসন্ধান কৰাৰ পিছত মকৰধ্বজৰ জন্ম কাহিনীটো শ্ৰী ৰামৰ ওচৰত বৰ্ণনা কৰিলে। শ্ৰী ৰাম মকৰধ্বজৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁক পাতাল লোকৰ ৰজা বুলি ঘোষণা কৰে।[1][2]
বংশ
ক্ষত্ৰিয়সকলৰ জেঠৱা গোত্ৰই মকৰধ্বজৰ পৰাই তেওঁলোকৰ অৱতৰণৰ দাবী কৰে। তেওঁলোকৰ বংশৰ লোককাহিনী অনুসৰি, মকৰধ্বজৰ মোদ-ধ্বজ নামৰ এটা পুত্ৰ আছিল আৰু তেওঁৰ জেঠী-ধ্বজ নামৰ এটা পুত্ৰ আছিল। জেঠৱা সকলে জেঠী-ধ্বজ আৰু হনুমানক তেওঁলোকৰ ইষ্ট-দেৱতা হিচাপে উপাসনা কৰে। গুজৰাটৰ জেঠৱা ৰাজবংশ, যি এসময়ত কঠীয়াৱাৰৰ মুখ্য অংশ আৰু পিছলৈ ৰাজকীয় ৰাজ্য পোৰবন্দৰ শাসন কৰিছিল, সেয়েহে তেওঁলোকৰ ৰাজকীয় পতাকাত হনুমানৰ প্ৰতিচ্ছবি আছিল।[4]
মন্দিৰসমূহ
ভাৰতত মকৰধ্বজৰ বাবে উৎসৰ্গিত মন্দিৰ কিছুমান পোৱা যায়, বিশেষকৈ গুজৰাটত, য'ত এসময়ত জেঠৱাসকলে শাসন কৰিছিল। গুজৰাটৰ কিছুমান প্ৰখ্যাত মকৰধ্বজ মন্দিৰ হৈছে:
- পোৰবন্দৰৰ ওচৰৰ ওডাদাৰ গাঁৱৰ মন্দিৰ
- বেট দ্বাৰকাৰ হনুমান-দাণ্ডী, য'ত মকৰধ্বজ আৰু হনুমানৰ মূৰ্তি একেলগে উপাসনা কৰা হয়।[6]
- মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ ওচৰত কাৰাহিয়াৰ মকৰধ্বজ মন্দিৰ
- ৰাজস্থানৰ বিয়াৱাৰৰ বালাজী মকৰধ্বজ মন্দিৰ - যি বালাজী হনুমান আৰু মকৰধ্বজ ৰূপত পিতৃ-পুত্ৰ দুয়োৰে বাবে উৎসৰ্গিত।
তথ্য সংগ্ৰহ
|
---|
| ঈক্ষ্বাকু বংশ | |
---|
| বানৰ | |
---|
| ৰাক্ষস | |
---|
| ঋষি | |
---|
| আন চৰিত্ৰ | |
---|
| স্থান | |
---|
| সপ্তকাণ্ড | |
---|
| আনুষঙ্গিক কাৰ্য | |
---|
|