শিৱদৌল শিৱসাগৰ জিলাৰ, শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ ক'লচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল[উদ্ধৃতিৰ প্ৰয়োজন]। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় ১৮০ ফুট(প্ৰায় ৫৫.৫১ মিটাৰ) আৰু ভেটিৰ প্ৰস্থ প্ৰায় ১৯৫ ফুট (৬০.১৪ মিটাৰ) ।দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় ৮ ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায়ে শিৱৰ পূজা অৰ্চনা হয়। শিৱৰাত্ৰিত এই দৌলৰ কাষতে এখন ডাঙৰ মেলা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
অৱস্থান
শিৱসাগৰ শিৱদৌল ২৬°৫৯'১৮" উত্তৰ আৰু ৯৪°৩৭'৫৯"পূবত, উত্তৰ-পূব ভাৰতৰ উজনি অসমৰ শিৱসাগৰ জিলাৰ শিৱসাগৰ চহৰৰ মাজমজিয়াত অৱস্থিত।[1][4][5]
ইতিহাস
শিৱসাগৰ, ঐতিহাসিকভাৱে আহোম ৰাজ্য-ৰ ৰাজধানী আছিল। আহোম সকলে ১২২৮ চনত দক্ষিণ চীনৰ পৰা প্ৰব্ৰজন কৰি ১২৫৩ চনত বৰ্তমানৰ শিৱসাগৰৰ পৰা ২৮ কিলোমিটাৰ দুৰত্বত অৱস্থিত চৰাইদেউত প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। প্ৰথমতে তেওঁলোক তাও (Taoism) আৰু শ্বিণ্টো (Shinto) ধৰ্মৰ অনুগামী আছিল। বৰ্তমান এই প্ৰথাৰ এক অংশ বৌদ্ধ মহাযান (Mahayana) আৰু থেৰাবাদ (Theravada)ৰ কিছুমান পৰম্পৰাত দেখা পোৱা যায়। পৰৱৰ্ত্তীকালত তেওঁলোকৰ মাজত হিন্দু ধৰ্ম প্ৰচলিত হ'ল। ভাৰতত ব্ৰিটিছ ৰাজ প্ৰতিষ্ঠা হোৱাৰ আগলৈকে চৰাইদেউ আহোম ৰাজ্যৰ ৰাজধানী আছিল। ১৭৩১ চনৰ পৰা ১৭৩৮ চনৰ ভিতৰত শিৱসাগৰ পুখুৰী নিৰ্মাণ কৰা হৈছিল আৰু ১৭৩৪ চনত আহোম ৰজাৰ ৰাণী স্বৰ্গদেউ শিৱ সিংহ ৰ ৰাণী অম্বিকাই দৌল আৰু মন্দিৰসমূহ নিৰ্মাণ কৰিছিল।[5]
নিৰ্মাণ শৈলী
শিৱদৌল বা শিৱমন্দিৰ শিখৰা স্থাপত্য ( Shikhara architecture)ৰ আৰ্হিত নিৰ্মিত বুলি জনা যায়। ইয়াৰ কেন্দ্ৰত এটা গম্বুজ বা টাৱআৰ আছে। এই গম্বুজৰ উচ্চতা ১০৪ ফুট বা ৩২ মিটাৰ।[1] দৌলটোৰ তলৰ অংশৰ পৰিধি ১৯৫ ফুট (৫৯ মিটাৰ)।[1] মন্দিৰটো শিল আৰু ইটাৰে নিৰ্মাণ কৰা হৈছে। দৌলৰ ভিতৰচ'ৰাত এটা শিৱ লিংগ আছে। লিংৰ ওপৰলৈ থকা গম্বুজ বা শিখৰাত চাৰিমহলীয়া, ৮ ফুট (২.৪ মিটাৰ) দৈৰ্ঘ্যৰ মস্তক (mastaka) আছে। ইয়াৰ মুকুটত সোণেৰে নিৰ্মিত কলচী আছে। গম্বুজটোত সমান্তৰাল শিখৰ আৰু খাদেৰে নিৰ্মাণ কৰা হৈছে। গম্বুজৰ তলৰ অংশৰ কাষে কাষে চাৰিটা সৰু সৰু একে ধৰণৰ গম্বুজ আছে, এইবোৰক অংগশিকাৰ বুলি জনা যায়। মন্দিৰৰ বাহিৰৰ দেৱালবোৰ ভাস্কৰ্য্য আৰু ফুলৰ ডিজাইনেৰে সজাই তোলা হৈছে।[1]
উৎসৱ
প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ সময়ত শিৱদৌলত বিশাল মেলা আয়োজন কৰা হয় আৰু ভাৰতৰ সকলো প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকলে পূজা আগবঢ়ায়।
তথ্য সংগ্ৰহ