গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ (ইংৰাজী: Gupteswar Temple) হৈছে অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰৰ অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে।[1] তেজপুৰ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ আৰু ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিঙৰী পাহাৰৰ পাদদেশত এই দেৱালয় অৱস্থিত। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিল, আৰু পাছত আহোম স্বৰ্গদেউসকলে ইয়াত হাত বুলাইছিল।[2]
গঠন
গুপ্তেশ্বৰ দেৱালয়ৰ শিখৰত এটা পিতলৰ কলচী, এখন মুখ্য তোৰণ আছে। দেৱালয়ৰ চৌপাশ প্ৰাচীন কালৰ ইটাৰে নিৰ্মিত।[2]
ইতিহাস আৰু প্ৰবাদ
গুপ্তেশ্বৰ দেৱালয়ৰ নামকৰণ সংক্ৰান্তত এটা লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত শোণিতপুৰৰ ৰজা বাণাসুৰ কাশীধামলৈ গৈ শিৱৰ আৰাধনা কৰিছিল। তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যৰ ভিতৰত দ্বিতীয় এখন কাশীধাম স্থাপন কৰাৰ মনস্থ কৰি এতিয়াৰ লুহিতৰ পাৰত বিশ্বনাথ ঘাটত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। বানাসুৰৰ এই বৃহৎঅ কাশীধাম নিৰ্মাণৰ কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকল বিস্মিত হ’ল আৰু এই পৰিকল্পনা বিফল কৰিবৰ বাবে বাণৰজাই অনা এটা শিৱলিংগ চুৰ কৰি আনি শিঙৰীৰ পাহাৰৰ গুহাত লুকুৱাই থ’লে। শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবেই এই মন্দিৰ গুপ্তেশ্বৰ নামেৰে জনাজাত হ’ল।[2]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ