উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হল। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বোলা হৈছিল। ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে কৰা জৰীপ অনুসৰি এই মন্দিৰৰ মাটিকালি ১৩ বিঘা ৩ কঠা।
ধৰ্মীয় কাহিনীমতে
উমানন্দ নাম উমা আৰু আনন্দ এই দুই শব্দৰে গঠিত। উমা পাৰ্বতীৰ আন এটি নাম। হিন্দু শাস্ত্ৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱয়ে এই দ্বীপ সৃষ্টি কৰিছিল। জন বিশ্বাস মতে শিৱয়ে ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান।
কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ললে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱই কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য এক নাম হল ভস্মাঞ্চল।