টুক্ৰেশ্বৰী দেৱালয় হৈছে গোৱালপাৰা চহৰৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ দক্ষিণ-পূৱত টুক্ৰেশ্বৰী পাহাৰত অৱস্থিত এখন দেৱালয়।
কিম্বদন্তি তথা ইতিহাস
প্ৰাচীন এক জনশ্ৰুতি অনুসৰি এই পাহাৰতে সতীৰ দেহৰ কোনো এটুকুৰা (কোনো কোনোৰ মতে সতীৰ জিভা) পৰিছিল। 'টুকুৰা' শব্দৰ পৰাই এই পীঠস্থানৰ নাম টুক্ৰেশ্বৰী হ'ল বুলি জনশ্ৰুতিয়ে কয়। আন এক প্ৰৱাদমতে এই অঞ্চলতে টুকুৰা নামৰ এজন গৰখীয়া আছিল। তেওঁ সদায় টুক্ৰেশ্বৰী পাহাৰৰ আশে-পাশে গৰু চৰাইছিল। তেওঁ সদায় টুক্ৰেশ্বৰী পাহাৰৰ আশে-পাশে গৰু চৰাইছিল। তেওঁ চৰাই থকা গৰুজাকৰ পৰাই নিতৌ এজনী গাইগৰু সংগোপনে পাহাৰলৈ উঠি গৈ এখন চোতাল যেন বৃহৎ শিল এচটাৰ এডোখৰ নিৰ্দিষ্ট স্থানত নিজ ওহাৰৰ পৰা গাখীৰ ঢালি দিছিল। এদিন টুকুৰাই গাইজনীৰ এই কাণ্ড ধৰা পেলায়। ঘটনাটো দেখি টুকুৰা হতভম্ব হ'ল আৰু অৱশেষত এই সকলো কথা বিজনীৰ ৰজাৰ ওচৰত বিৱৰি ক'লেগৈ। ৰজাই টুকুৰাৰ কথা বিশ্বাস নকৰিলে। হতাশ হৈ তেওঁ উভতি আহিল। ইয়াৰ কিছুদিনৰ পাছত ৰজাই সপোনত নিৰ্দেশ পালে যে সেই পাহাৰত এটা মন্দিৰ সাজি পূজা কৰিব লাগে। সেই অনুসৰি ৰজাই তাত মন্দিৰ সাজি পূজা-সেৱাৰ ব্যৱস্থা কৰিলে। গৰখীয়া টুকুৰাৰ নাম অনুসৰি এই মন্দিৰৰ নাম ৰখা হয় টুক্ৰেশ্বৰী।
বৰ্তমান
দুৰ্গা পূজা আৰু বাসন্তী পূজাৰ সময়ত ইয়াত মহাসমাৰোহেৰে পূজা হয় আৰু বিৰাট মেলা বহে। দুৰ্গা পূজাৰ সময়ত ইয়াৰ ম'হ বলি দিয়াৰো পৰম্পৰা আছে। এই মন্দিৰৰ প্ৰাংগণত অসংখ্য বান্দৰৰ বসতি। বান্দৰবোৰৰ মাজত সিহঁতৰ ৰজা-ৰাণী আছে। মন্দিৰৰ পূজা-পাতলৰ ভোগ-প্ৰসাদৰ ভাগ এই বান্দৰবোৰকো দিয়া হয়। কিন্তু লক্ষণীয়ভাৱে ৰজা-ৰাণীয়ে নোখোৱাকৈ আন বান্দৰবোৰে এই ভোগ-প্ৰসাদ নাখায়। বৰ্তমানে অৱশ্যে মানুহৰ দৌৰাত্ম্যত বান্দৰৰ সংখ্যা ক্ৰমশঃ কমি আহিছে।[1]
তথ্যসূত্ৰ
- ↑ অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১০২ (১)