ভিজা মাটিৰ গোন্ধ (বিজ্ঞান)![]() ভিজা মাটিৰ গোন্ধ বা পেট্ৰিকোৰ (ইংৰাজী: Petrichor, /ˈpɛtrɪˌkɔr/)[1] শুষ্ক মাটিত বৰষুণ পৰিলে উৎপন্ন হোৱা সুগন্ধি। সাধৰণে শুকান বতৰৰ পিছত প্ৰথমজাক বৰষুণৰ সময়ত ভিজা মাটিৰ সুবাস উৎপন্ন হয়। এই গোন্ধ বহুতৰে প্ৰিয়। প্ৰাচীন গ্ৰীক শব্দ πέτρα (pétra) অৰ্থাৎ 'শিল', বা πέτρος (pétros) 'শিলবোৰ, আৰু ἰχώρ (ikhṓr) 'ইকৰ' মানে গ্ৰীক পৌৰাণিক কাহিনীত দেৱতাসকলৰ সিৰাত প্ৰবাহিত হোৱা তেজৰ দৰে ঐশ্বৰিক তৰল। এই দুই শব্দৰ সংমিশ্ৰণৰ পৰা ইংৰাজী পেট্ৰিকোৰ শব্দটোৰ সৃষ্টি হৈছে। ইয়াক বৰষুণৰ গোন্ধ বুলিও কোৱা হয়। বৈজ্ঞানিক উল্লেখ১৯৬৪ চনৰ মাৰ্চ মাহত অষ্ট্ৰেলিয়াৰ গৱেষক ইজাবেল বিয়াৰ আৰু ডিক থমাছে নেচাৰ পত্ৰিকাত প্ৰকাশিত এখন গৱেষণা পত্ৰত এই পৰিঘটনাটোৰ বিষয়ে প্ৰথম বৈজ্ঞানিকভাৱে বৰ্ণনা কৰিছিল।[2][3][4][5] থমাছে পূৰ্বতে "আৰ্জিলেচিয়াছ গন্ধ" বুলি জনাজাত গোন্ধক "পেট্ৰিকোৰ" নামেৰে নতুনকৈ নামকৰণ কৰে।[6] লেখাটোত উল্লেখ থকা বৰ্ণনা অনুসৰি শুষ্ক বতৰৰ সময়ত কিছুমান উদ্ভিদৰ পৰা নিৰ্গত হোৱা তেলৰ পৰা এই গোন্ধটোৰ উৎপন্ন হয়। তাৰ পিছত বোকা, মাটি আৰু শিলে এই জৈৱ পদাৰ্থ শোষণ কৰে। বৰষুণৰ সময়ত মাটিত অৱশোষিত তেল আন এটা যৌগ জিঅ'ছ্মিনৰ সৈতে বতাহত নিৰ্গত হয়। জিঅ'ছ্মিন কিছুমান এক্টিনোবেক্টেৰিয়া যেনে যেনে ষ্ট্ৰেপ্ট'মাইচিছ বিপাকীয় উপজাত যৌগ।[7] ভিজা মাটিৰ পৰা নিৰ্গত জিঅ'ছ্মিনৰ ফলত এই সুকীয়া গোন্ধ উৎপন্ন হয়। তদুপৰি বিজুলি-ঢেৰেকণি আৰু বজ্ৰপাত হ'লে বায়ুমণ্ডলৰ অক্সিজেন গেছৰ মাজত বিক্ৰিয়া ঘটি অ'জন গেছ উৎপন্ন হয়। বৰষুণৰ ঠিক আগে আগে অ'জন গেছৰ উৎপত্তিৰ বাবে এক বিশিষ্ট গোন্ধ নিৰ্গত হয়। উল্লেখযোগ্য যে অ'জন গেছৰ নাম গ্ৰীক ভাষাৰ óζειν (ozein) শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে গোন্ধ লোৱা। বৰষুণৰ সময়ত বতাহত নিৰ্গত অ'জন গেছ, জিঅ'ছ্মিন আৰু উদ্ভিদৰ পৰা উৎপত্তি হোৱা বিশেষ তেলৰ গোন্ধৰ সংমিশ্ৰণত ভিজা মাটিৰ বিশিষ্ট গোন্ধৰ সৃষ্টি কৰে।[8] ১৯৬৫ চনত প্ৰকাশিত বিয়াৰ আৰু থমাছৰ আন এটি অনুসৰণমূলক গৱেষণা পত্ৰত উল্লেখ কৰিছে ভিজা মাটিৰ গোন্ধৰ বাবে জগৰীয়া তেলে শুষ্ক বতৰত বীজৰ অংকুৰণ আৰু গছৰ প্ৰাৰম্ভিক বৃদ্ধিত বাধা প্ৰদান কৰে।[9] বৰষুণৰ পিছত এই তেল বতাহত মিহলি হোৱাৰ পিছত দ্ৰুত গতিত বীজৰ অংকুৰণ আৰু উদ্ভিদৰ বৃদ্ধি হয়। প্ৰক্ৰিয়ামাটিত ক্ষুদ্ৰ ক্ষুদ্ৰ অসংখ্য ছিদ্ৰ থাকে। বৰষুণৰ টোপাল এই ছিদ্ৰযুক্ত পৃষ্ঠত অৱতৰণ কৰাৰ পিছত ছিদ্ৰৰ পৰা বায়ুৰ সৰু সৰু বুদবুদ্ গঠন কৰে। এই সৰু বুদবুদ্বোৰ মাটিৰ পৃষ্ঠলৈ ওপঙিব ধৰে আৰু ইয়াৰ ফলত বতাহত এৰ'ছল মুক্ত হয়।[10] এৰ'ছল বায়ুত সৰু সৰু কণিকাযুক্ত তৰল বা গোটা পদাৰ্থৰ কলয়ডীয় মিশ্ৰণ। এনে এৰ'ছলে ভিজা মাটিৰ বিশিষ্ট গোন্ধ বতাহত কঢ়িয়াই নিয়ে। ইয়াৰ লগতে মাটিৰ পৰা বেক্টেৰিয়া আৰু ভাইৰাছ আদিও কঢ়িয়াই আনে।[10] লেহেমীয়া হাৰত গতি কৰা বৰষুণৰ টোপালবোৰে অধিক এৰ’ছল উৎপন্ন কৰাৰ প্ৰৱণতা থাকে। সেয়ে এজাক সৰু বৰষুণৰ পিছত মাটিৰ ভিজা গোন্ধ বেছি প্ৰবল হয়। এক্টিনোমাইচেটছৰ বৰ্গৰ সদস্য গ্ৰাম-পজিটিভ বেক্টেৰিয়াসমূহ এই এৰ'ছল উৎপাদনৰ বাবে দায়বদ্ধ।[10][7] মানুহৰ নাক জিঅ'ছ্মিনৰ প্ৰতি সংবেদনশীল আৰু প্ৰতি এশ কোটিত ০.৪ অংশৰ ঘনত্বত থাকিলেও ইয়াক ধৰা পেলাবলৈ সক্ষম হয়।[11] কিছুমান বিজ্ঞানীয়ে বিশ্বাস কৰে যে মানুহে বৰষুণৰ গোন্ধ ভাল পোৱাৰ কাৰণ হৈছে মানুহৰ পূৰ্বপুৰুষসকলে জীয়াই থকাৰ বাবে বৰষুণৰ ওপৰত ওতপ্ৰোত ভাৱে নিৰ্ভৰশীল আছিল।[12] মৰুভূমিত উটে মৰুদ্যানৰ দৰে পানীৰ উৎস বিচাৰি উলিয়াবলৈ ভিজা মাটিৰ গোন্ধৰ ওপৰত নিৰ্ভৰ কৰে।[13] ভৌগোলিক স্বীকৃতি লাভ কৰা উত্তৰ প্ৰদেশৰ কৌনোজ আতৰৰ অন্তৰ্ভুক্ত ভিজা মাটিৰ গোন্ধ বিশিষ্ট "মিট্টি আতৰ" গোটেই বিশ্বতে বিখ্যাত। তথ্য উৎস
|