শচীন তেণ্ডুলকাৰ

শচীন তেণ্ডুলকাৰ
{{{imagealt}}}
২০১৩ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এটা বঁটা বিতৰণী অনুষ্ঠানত তেণ্ডুলকাৰ।
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম শচীন ৰমেশ তেণ্ডুলকাৰ
জন্ম ২৪ এপ্ৰিল, ১৯৭৩ (৫১ বছৰ)[1]
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
উপনাম মাষ্টাৰ ব্লাষ্টাৰ, Tendlya, Maestro, God of Cricket, Genius, লিটল মাষ্টাৰ[2]
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া leg spin, off spin, medium pace
ভূমিকা বেটচমেন
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (কেপ ১৮৭) ১৫ নৱেম্বৰ ১৯৮৯ বনাম পাকিস্তান
অন্তিম টেষ্ট ১৪ নৱেম্বৰ ২০১৩ বনাম ৱেষ্ট ইণ্ডিজ
অ'ডিআই অভিষেক (কেপ ৭৪) ১৮ ডিচেম্বৰ ১৯৮৯ বনাম পাকিস্তান
অন্তিম অ'ডিআই ১৮ মাৰ্চ ২০১২ v পাকিস্তান
অ'ডিআই চোলা নং. ১০
Only T20I (কেপ ১১) ১ ডিচেম্বৰ ২০০৬ বনাম দক্ষিণ আফ্ৰিকা
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৮৮ ক্ৰিকেট ক্লাব অফ ইণ্ডিয়া
১৯৮৮-২০১৩ মুম্বাই
১৯৯২ Yorkshire
২০০৮-২০১৩ মুম্বাই ইণ্ডিয়ানচ
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা Test ODI FC LA
মুঠ খেল 200 463 310 551
ৰাণ 15,921 18,426 25,396 21,999
বেটিং গড় 53.79 44.83 57.92 45.54
শতক/অৰ্ধশতক 51/68 49/96 81/116 60/114
সৰ্বোচ্চ ৰাণ 248* 200* 248* 200*
বল 4,240 8,054 7,563 10,230
উইকেট 46 154 71 201
বলিং গড় 54.17 44.48 62.18 42.17
এটা ইনিংছত ৫টা উইকেট 0 2 0 2
এখন খেলত ১০টা উইকেট 0 n/a 0 n/a
শ্ৰেষ্ঠ বলিং 3/10 5/32 3/10 5/32
কেচ্চ/ষ্টাম্পিং 115/– 140/– 186/– 175/–
উৎস: http://www.espncricinfo.com/ci/content/player/35320.html Cricinfo, 15 November 2013

শচীন ৰমেশ তেণ্ডুলকাৰ (ইংৰাজী: Sachin Ramesh Tendulkar; জন্ম: ২৪ এপ্ৰিল ১৯৭৩) স্ব প্ৰজন্মৰ শ্ৰেষ্ঠ বুলি বিগণিত এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ।[3][4] ১১ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰা টেণ্ডুলকাৰে প্ৰথম টেষ্ট ক্ৰিকেট খেলে ১৬ বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে। পৰবৰ্তী প্ৰায় ২৪ বছৰলৈ জাতীয়ভাৱে তেওঁ মুম্বাইক আৰু আন্তৰ্জাতিকভাৱে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

তেণ্ডুলকাৰ এশ আন্তৰ্জাতীক শতক সম্পূৰ্ণ কৰা আৰু এদিনীয়া আন্তৰ্জাতীকত দ্বিশতক অৰ্জন কৰা প্ৰথম আৰু আন্তৰ্জাতীক ক্ৰিকেটত ৩৪,০০০ ৰাণ অৰ্জন কৰা (এতিয়ালৈকে - ২০১৩ নভেম্বৰ) একমাত্ৰ ক্ৰিকেট খেলুৱৈ।[5][6][7][8] ২০১৩ চনৰ ৫ অক্টোবৰ তাৰিখত তেওঁ সকলো ধৰণৰ মান্যতাপ্ৰাপ্ত (ইংৰাজী: First-class cricket), (ইংৰাজী: List A cricket) আৰু (ইংৰাজী: Twenty20) combined) ক্ৰিকেটত ৫০,০০০ ৰাণ অৰ্জন কৰা ষোড়শ (১৬শ) ক্ৰিকেটাৰ আৰু প্ৰথম ভাৰতীয়।[9][10][11]

২০০২ চনত উইজডেন ক্ৰিকেটাৰচ আলমানাকে শচীনক ডন ব্ৰেডমেনৰ পাচতে সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ টেষ্ট বেটচমেন আৰু ভিভ ৱিচাৰ্ডচৰ পাচতে সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটৰ বেটচমেন আখ্যা দিয়ে।[12] কেৰীয়াৰৰ পাচৰ দশাত শচীন ২০১১ ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অংশ আছিল। তেওঁ এই শৃংখলাসমূহত ভাৰতৰ হৈ ৬ বাৰ অংশ লৈছিল।[13] ইয়াৰ আগতে তেওঁ দক্ষিণ আফ্ৰিকাত হোৱা ২০০৩ ক্ৰিকেট বিশ্বকাপত "প্লেয়াৰ অফ ডা টুৰ্ণামেণ্ট" পদক লাভ কৰে। অক্টোবৰ ২০১৩ত তেওঁ উইজডেন ক্ৰিকেটাৰচ আলমানাকৰ ১৫০তম বৰ্ষপূৰ্তী উপলক্ষে নামকৰণ কৰা এক সৰ্বকালৰ শ্ৰেষ্ঠ বিশ্ব টেষ্ট ক্ৰিকেট একাদশ দলৰ একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ হিচাবে নিৰ্বাচিত কৰা হয়।[14][15][16][17] ক্ৰীড়াত উৎকৰ্ষৰ বাবে টেণ্ডুলকাৰক ১৯৯৪ চনত অৰ্জুন পুৰস্কাৰ, ১৯৯৯ চনত ভাৰতৰ ৪ৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম শ্ৰী, ২০০৮ত ২য় ভাৰতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰেৰে বিভূষিত কৰা হয়। তেওঁ ২০১০ চনত আই চি চি পুৰস্কাৰ সমাৰোহত বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ চাৰ গাৰফিল্ড চ'বাৰ্চ পুৰস্কাৰ লাভ কৰে।[18]

২০১২ চনত তেণ্ডুলকাৰক ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্য সভাৰ সদস্য মনোনীত কৰা হয়। .[19] ভাৰতীয় বায়ুসেনাৰ দ্বাৰাও তেখেতক কোনো উৰণ সম্পৰ্কীয় অভিজ্ঞতা নথকাকৈয়ে প্ৰথম ক্ৰীড়াবিদ হিচাবে সন্মানসূচক (honorary) গ্ৰুপ কেপ্টেইন পদত নিযুক্তি দিয়ে। ১০১২ চনত তেওঁক সন্মানসূচক মেম্বাৰ অফ অৰ্ডাৰ অফ অষ্ট্ৰেলীয়া উপাধি প্ৰদান কৰা হয়।[20].

ডিচেম্বৰ ২০১২ চনত টেণ্ডুলকাৰে এদিনীয়া আন্তৰ্জাতীক খেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।[21][22][23][24] মে ২০১৩ত তেওঁ টুৱেণ্টী20 বিধৰ (format) পৰা অৱসৰ লয়।

টেষ্ট খেলৰপৰা অৱসৰ লোৱাৰ ইচ্ছা তেওঁ ২০১৩ৰ অক্টোবৰত ঘোষণা কৰে।[25] ১৬ নবেম্বৰ ২০১৩ত তেওঁ ২০১৩-১৪ৰ ভাৰত ভ্ৰমণৰত ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেট দলৰ বিৰুদ্ধে ২য় আৰু স্বকীয় ২০০ তম টেষ্ট ক্ৰিকেটখন খেলি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেট জীৱনৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰে।[26][27][28]

খেলখন সম্পূৰ্ণ হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰপৰা টেণ্ডুলকাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হয়। এই সন্মান লাভ কৰা শচীনেই এতিয়ালৈকে (নভঃ ২০১৩) সৰ্বকনিষ্ঠ ভাৰতীয় আৰু প্ৰথম ক্ৰীড়াবিদ।[29][30]

জন্ম আৰু শৈশৱ

১৯৭৩ চনৰ ২৪ এপ্ৰিল তাৰিখে নিৰ্মল নাৰ্চিং হোমত শচীন তেণ্ডুলকাৰে জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ ৰমেশ তেণ্ডুলকাৰ মাৰাঠী ভাষাৰ এজন ঔপন্যাসিক আছিল। তেখেতৰ মাতৃ ৰজনী তেণ্ডুলকাৰে বীমা কোম্পানিত কাম কৰিছিল।[31] শচীনৰ পিতৃ ৰমেশ তেণ্ডুলকাৰে বিখ্যাত ভাৰতীয় সুৰকাৰ শচীন দেববৰ্মণৰ নাম অনুসাৰি পুত্ৰৰ নাম শচীন ৰাখে। শচীনৰ দুজন ককাইদেউ নিতিন আৰু অজিত আৰু বাইদেউ সবিতা ৰমেশৰ প্ৰথমা স্ত্ৰীৰ সন্তান।[32] শৈশৱত শচীনে বান্দ্ৰা অঞ্চলৰ সাহিত্য সহবাস কো-ওপাৰেটিভ হাউছিং ছʼচাইটিত বসবাস কৰিছিল।[33]

ঘৰুৱা কেৰিয়াৰ

১৯৮৭ চনৰ ১৪ নৱেম্বৰ তাৰিখে তেণ্ডুলকাৰে ৰঞ্জি ট্ৰফী প্ৰতিযোগিতাত মুম্বই ক্ৰিকেট দলৰ হৈ সুযোগ লাভ কৰিলেও কোনো মেচত প্ৰথম একাদশৰহৈ খেলাৰ সুযোগ তেখেতৰ হোৱা নাছিল। নিউজিলেণ্ড জাতীয় ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণৰ সময়ত ৱাংখেড়ে ষ্টেডিয়ামৰ নেটত প্ৰশিক্ষণৰত ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ বলৰ বিৰুদ্ধে বেটিং কৰাৰ সুযোগ লাভ কৰি শচীন সহজেই সেয়া খেলি থাকিলে। মুম্বাই ক্ৰিকেট দলৰ অধিনায়ক দিলীপ ভেংচৰকাৰে তেখেতক মুম্বই ক্ৰিকেট দলৰ প্ৰথম একাদশত সুযোগ দিয়ে। ১৯৮৮ চনৰ ১১ ডিচেম্বৰৰ দিনা মাত্ৰ ১৫ বছৰ ২৩২ দিন বয়সত শচীনে এঘাৰজনীয়া প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মুম্বাই ক্ৰিকেট দলৰ হৈ গুজৰাট ক্ৰিকেট দলৰ বিৰুদ্ধে খেলিবলৈ সুযোগ লাভ কৰি অপৰাজিত ১০০ ৰাণ কৰি ভাৰতৰ কনিষ্ঠতম ক্ৰিকেটাৰ হিচাবে অভিষেক মেচত প্ৰথম শ্ৰেণী ক্ৰিকেট খেলত শতৰাণৰ ৰেকৰ্ড কৰে। [2] ইয়াৰ পিছত তেখেতে দেওধৰ ট্ৰফি আৰু দলীপ ট্ৰফিতো শতৰাণ কৰে।[34]

১৯৮৮-৮৯ বৰ্ষত শচীনে মুম্বই ক্ৰিকেট দলৰ সৰ্বোচ্চ ৰাণ সংগ্ৰাহক হয়।[note 1][35] ইয়াৰ বাহিৰেও তেখেতে ১৯৮৯-৯০ বৰ্ষৰ আৰম্ভণিত ইৰাণী ট্ৰফী প্ৰতিযোগিতাত অৱশিষ্ট ভাৰতৰ হৈ দিল্লী ক্ৰিকেট দলৰ বিৰুদ্ধে অপৰাজিত শতৰাণ কৰে।[36] ১৯৮৮ আৰু ১৯৮৯ চনত শচীনে দুবাৰ ইংলেণ্ড ভ্ৰমণ কৰে।[37][38] ১৯৯৮ চনত ভাৰত ভ্ৰমণলৈ আহা অষ্ট্ৰেলিয়া জাতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে মুম্বাই ক্ৰিকেট দলৰ হৈ প্ৰথম দ্বিশতৰাণ (২০৪*) কৰে।[2][39] ২০০০ চনৰ এপ্ৰিল মাহত ৰঞ্জি ট্ৰফী প্ৰতিযোগিতাৰ ছেমিফাইনেলত তামিলনাড়ু ক্ৰিকেট দলৰ বিৰুদ্ধে অপৰাজিত ২৩৩ ৰাণ কৰে।

টোকা

  1. তেখেত ৬৭.৭৭ গড়ে মুঠ ৫৮৩ ৰাণ কৰি ষষ্ঠ সৰ্বোচ্চ ৰাণ সংগ্ৰাহক হয়।

তথ্যসূত্ৰ

  1. "Sachin Tendulkar: Bio, Facts". Celebrity Bio, Facts. http://www.celebsfacts.com/sachin-tendulkar/। আহৰণ কৰা হৈছে: 2017-05-30. 
  2. 2.0 2.1 2.2 Bal, Sambit. "Sachin Tendulkar—Cricinfo Profile". Cricinfo. http://content-usa.cricinfo.com/india/content/player/35320.html। আহৰণ কৰা হৈছে: 14 December 2007. 
  3. Boria Majumdar (19 October 2013). "Sachin's the greatest batsman of modern era: Clarke." Archived 2013-10-21 at the Wayback Machine The Times of India.
  4. Alex Brown (11 October 2013). "Cricket's greatest batsmen: Sachin Tendulkar v Don Bradman." Archived 2013-11-16 at the Wayback Machine News.com.au
  5. Shiva Jayaraman (10 October 2013). "34,273 runs and counting | Sachin Tendulkar's career in numbers". Cricinfo. http://www.espncricinfo.com/india/content/story/678563.html। আহৰণ কৰা হৈছে: 10 October 2013. 
  6. NDTV Correspondent (5 December 2012). "Sachin Tendulkar completes 34000 runs in international cricket | India vs England 2012 - News | NDTVSports.com". Sports.ndtv.com. Archived from the original on 8 December 2012. https://web.archive.org/web/20121208013323/http://sports.ndtv.com/india-vs-england-2012/news/item/200258-sachin-tendulkar-completes-34000-runs-in-international-cricket। আহৰণ কৰা হৈছে: 18 December 2012. 
  7. "Sachin's poor run continues. Should the Master Blaster call it a day? : SPORT – India Today". Indiatoday.intoday.in. 7 December 2012. http://indiatoday.intoday.in/story/sachin-tendulkar-retirement-india-vs-england-test-match-series/1/236646.html। আহৰণ কৰা হৈছে: 18 December 2012. 
  8. Firstpost. "Sachin Tendulkar completes 34000 international career runs! – Sachin Tendulkar Videos : Firstpost Topic – Page 1". Firstpost.com. http://www.firstpost.com/topic/person/sachin-tendulkar-sachin-tendulkar-completes-34000-international-career-runs-video-tDvYqJPRYHo-4607-1.html। আহৰণ কৰা হৈছে: 18 December 2012. 
  9. "Records / Combined First-class, List A and Twenty20 / Batting records; Most runs in career". Stats.espncricinfo.com. 27 September 2013. http://stats.espncricinfo.com/ci/content/records/284266.html। আহৰণ কৰা হৈছে: 27 September 2013. 
  10. "CLT20: Sachin Tendulkar first Indian to reach 50,000 runs in all formats". 5 October 2013. http://sports.ndtv.com/champions-league-twenty20-2013/news/215167-clt20-sachin-tendulkar-first-indian-to-reach-50000-runs-in-all-formats। আহৰণ কৰা হৈছে: 27 September 2013. 
  11. PTI Oct 5, 2013, 10.44PM IST (2013-10-05). "Sachin Tendulkar reaches 50,000-run landmark across all formats - Times Of India". Timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/sports/cricket/series-tournament/sachin-tendulkar-40-not-out--/top-stories/Sachin-Tendulkar-reaches-50000-run-landmark-across-all-formats/articleshow/23596977.cms। আহৰণ কৰা হৈছে: 2013-11-08. 
  12. "Tendulkar second-best ever: Wisden". Rediff.com. http://www.rediff.com/cricket/2002/dec/13wisden.htm। আহৰণ কৰা হৈছে: 27 November 2008. 
  13. "Reliving a dream". The Hindu. 6 April 2011. http://www.thehindu.com/life-and-style/nxg/article1604713.ece। আহৰণ কৰা হৈছে: 6 April 2011. 
  14. "Don Bradman, Shane Warne in Wisden's XI". theaustralian.com. 23 October 2013. http://www.theaustralian.com.au/sport/cricket/don-bradman-shane-warne-in-wisdens-xi/story-e6frg7rx-1226745875416। আহৰণ কৰা হৈছে: 23 October 2013. 
  15. "WG Grace and Shane Warne in Wisden all-time World Test XI". BBC.co.uk. 23 October 2013. http://www.bbc.co.uk/sport/0/cricket/24640224। আহৰণ কৰা হৈছে: 23 October 2013. 
  16. "Sachin Tendulkar in Wisden's All-time World Test XI". NDTV. 23 October 2013. http://sports.ndtv.com/cricket/news/215990-sachin-tendulkar-in-wisdens-all-time-world-test-xi। আহৰণ কৰা হৈছে: 23 October 2013. 
  17. "Sachin Tendulkar named in Wisden all-time World Test XI". DNA India. 23 October 2013. http://www.dnaindia.com/sport/report-sachin-tendulkar-named-in-wisden-all-time-world-test-xi-1907777। আহৰণ কৰা হৈছে: 23 October 2013. 
  18. "Sachin Tendulkar named cricketer of the year". http://www.heraldsun.com.au/sport/sachin-tendulkar-named-cricketer-of-the-year/story-e6frf9if-1225935202839। আহৰণ কৰা হৈছে: 24 November 2010. 
  19. "Rajya Sabha stint". Hindustan Times. 4 June 2012. Archived from the original on 4 June 2012. https://web.archive.org/web/20120604140724/http://www.hindustantimes.com/India-news/NewDelhi/Sachin-starts-Rajya-Sabha-stint-seeks-help-to-bring-changes/Article1-865571.aspx। আহৰণ কৰা হৈছে: 4 June 2012. 
  20. "Tendulkar receives Order of Australia membership". Wisden India. 6 November 2012. http://www.wisdenindia.com/cricket-news/tendulkar-receives-order-australia-membership/33816. 
  21. "Tendulkar announces limited-overs retirement". Wisden India. http://www.wisdenindia.com/cricket-news/tendulkar-announces-limited-overs-retirement/41457। আহৰণ কৰা হৈছে: 23 December 2012. 
  22. "Sachin Tendulkar retires from ODIs – Times of India". Articles.timesofindia.indiatimes.com. 23 December 2012. Archived from the original on 27 August 2013. https://web.archive.org/web/20130827233430/http://articles.timesofindia.indiatimes.com/2012-12-23/top-stories/35982309_1_sachin-tendulkar-odi-format-international-tons। আহৰণ কৰা হৈছে: 2 August 2013. 
  23. "Sachin Tendulkar announces retirment from ODI format". Archived from the original on 2012-12-23. https://web.archive.org/web/20121223191830/http://www.hindustantimes.com/Cricket/CricketNews/Sachin-Tendulkar-announces-retirment-from-ODI-format/Article1-979692.aspx। আহৰণ কৰা হৈছে: 2013-11-17. 
  24. "Sachin Tendulkar retires from ODI cricket – Sport – DNA". Dnaindia.com. http://www.dnaindia.com/sport/report_breaking-news-sachin-tendulkar-retires-from-odi-cricket_1780865। আহৰণ কৰা হৈছে: 2 August 2013. 
  25. "Tendulkar to retire after 200th test - Cricinfo". espncricinfo.com. 10th October 2013. http://www.espncricinfo.com/india/content/story/678469.html. 
  26. "Tendulkar calls time on IPL career". Wisden India. 26 May 2013. http://www.wisdenindia.com/cricket-news/tendulkar-calls-time-ipl-career/63929. 
  27. "Sachin Tendulkar announces retirement from Test cricket". Times of India. 10 October 2013. http://timesofindia.indiatimes.com/sports/cricket/series-tournament/sachin-tendulkar-40-not-out--/top-stories/Sachin-Tendulkar-announces-retirement-from-Test-cricket/articleshow/23901410.cms. 
  28. "Sachin Tendulkar: India batting legend to retire from all cricket". BBC Sport. 10 October 2013. http://www.bbc.co.uk/sport/0/cricket/24476273। আহৰণ কৰা হৈছে: 11 October 2013. 
  29. "Sachin first sportsperson to win country’s highest civilian honour Bharat Ratna". Hindustan Times. 16 November 2013. Archived from the original on 17 January 2014. https://web.archive.org/web/20140117200437/http://www.hindustantimes.com/india-news/sachinretirement/sachin-first-sportsperson-to-win-country-s-highest-civilian-honour-bharat-ratna/article1-1151983.aspx। আহৰণ কৰা হৈছে: 16 November 2013. 
  30. "Bharat Ratna for Prof CNR Rao and Sachin Tendulkar". Prime Minister's Office (India). 16 November 2013. http://pmindia.nic.in/press-details.php?nodeid=1748। আহৰণ কৰা হৈছে: 16 November 2013. 
  31. Thani, L.; Mishra, R. (1999). Sensational Sachin. Diamond Pocket Books. পৃষ্ঠা. 113. ISBN 8128825739. "His mother Rajni Tendulkar worked in L.I.C." 
  32. Related Topics: cricket, india, sports, sports players. "Sachin Tendulkar". Mahalo.com. http://www.mahalo.com/sachin-tendulkar/। আহৰণ কৰা হৈছে: 18 December 2012. 
  33. "38 special facts about Sachin Tendulkar – 3". Sports.in.msn.com. 16 March 2012. Archived from the original on 6 June 2013. https://web.archive.org/web/20130606052152/http://sports.in.msn.com/cricket/sachincorner/article.aspx?cp-documentid=5132762&page=3। আহৰণ কৰা হৈছে: 18 December 2012. 
  34. "Sachin Tendulkar factfile". espnstar.com. Archived from the original on 20 October 2008. https://web.archive.org/web/20081020024933/http://www.espnstar.com/cricket/international-cricket/news/detail/item136972/Sachin-Tendulkar-factfile/। আহৰণ কৰা হৈছে: 3 August 2009. 
  35. "1988–89 Ranji season – Most Runs". Cricinfo. http://blogs.cricinfo.com/link_to_database/ARCHIVE/1980S/1988-89/IND_LOCAL/RANJI/STATS/IND_LOCAL_RJI_AVS_BAT_MOST_RUNS.html। আহৰণ কৰা হৈছে: 3 August 2009. 
  36. "Rest of India v Delhi in 1989/90". Cricketarchive. http://cricketarchive.com/Archive/Scorecards/52/52008.html। আহৰণ কৰা হৈছে: 3 August 2009. 
  37. "Remembering Sachin Tendulkar's first England tours". mid-day.com. http://www.mid-day.com/sports/2013/oct/181013-remembering-sachin-tendulkar-first-england-tours.htm। আহৰণ কৰা হৈছে: 3 August 2013. 
  38. "Who will bat at No. 4 after Sachin Tendulkar?". thehindu.com. http://www.thehindu.com/sport/cricket/who-will-bat-at-no-4-after-sachin-tendulkar/article5244716.ece। আহৰণ কৰা হৈছে: 3 August 2013. 
  39. "Australia in India, 1997-98-Mumbai v Australians-Brabourne Stadium, Mumbai-24,25,26 February 1998 (3-day match)". Cricinfo. http://static.espncricinfo.com/db/ARCHIVE/1997-98/AUS_IN_IND/AUS_BOM_24-26FEB1998.html। আহৰণ কৰা হৈছে: 1 June 2008. 

বাহ্যিক সংযোগ