বিছমিল্লা খান (ইংৰাজী: Bismillah Khan, উৰ্দু: استاد بسم اللہ خان صاحب; ১৯১৬-২০০৬) এগৰাকী ভাৰতীয় সংগীতজ্ঞ যি চেহনাইৰ জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। পৰম্পৰাগত ভাৰতীয় অনুষ্ঠানত চেহনাই বাদন পূৰ্বৰ পৰা কৰি অহা হৈছিল যদিও বিছমিল্লা খানে ইয়াৰ মান উচ্চ কৰি মঞ্চলৈ অনাত সহায় কৰিছিল।[1] ছিয়া সম্প্ৰদায়ী মুছলমান যদিও বিছমিল্লা খান আছিল শিৱ আৰু সৰস্বতীৰ একান্ত সাধক।[2] তেওঁ ১৯৯৬ চনত এছিয় সংগীতানুষ্ঠান ৰোস্তম বঁটা লাভ কৰিছিল। তেওঁ নেপাল একাডেমী বঁটাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণৰে সন্মানিত কৰিছিল।[3]
এইজনা শিল্পীক ভাৰত চৰকাৰে ২০০১ চনত দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰে।[4] এম এছ চুব্বালক্ষ্মী আৰু ৰবি শংকৰৰ পিছত ভাৰত ৰত্ন সন্মান লাভ কৰা বিছমিল্লা খান তৃতীয়জন ভাৰতীয় দ্ৰুপদী সংগীতজ্ঞ।[4]
জন্ম আৰু পৰিয়াল
বিছমিল্লা খানৰ জন্ম হয় ১৯১৬ চনৰ ২১ মে'ত বিহাৰৰ ডুমৰাও নামে ঠাইত।[5] বিছমিল্লাৰ পূৰ্বপুৰুষ বিহাৰৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল। পূৰ্বপুৰুষৰ বাটেৰে বিছমিল্লাইও সংগীত সাধনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে।[3]
শিক্ষা
বিছমিল্লা খানে সংগীত সাধনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। নিচেই সৰুকালতে শিল্পীগৰাকীয়ে নিজৰ খুৰাক আলী বক্স বিলায়াতুৰ খানৰ পৰা চেহনাইৰ আদি পাঠ গ্ৰহণ কৰিছিল। তেওঁ আহমদ হুছেইনৰ অধীনতো চেহনাই বাদনৰ শিক্ষা গ্ৰহণ কৰিছিল। বাৰাণসী বালজী মন্দিৰত চাৰে তিনিবছৰ বয়সত চেহনাই বাদনৰ শিক্ষাৰ পিছত তেওঁৰ জীৱনলৈ আহি পৰে এক বিশেষ পৰিৱৰ্তন। তেওঁ প্ৰায় সভা-সমিতিতে কৈছিল "মোৰ জন্ম হৈছে কেৱল চেহনাই সুৰৰ সৃষ্টি কৰিবলৈ।"[উদ্ধৃতিৰ প্ৰয়োজন] চেহনাইক তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ জীৱন জুৰি সংগ্ৰাম চলাই গৈছিল। ১৯৩৭ চনত কলিকতাত (এতিয়াৰ কলকাতা) অনুষ্ঠিত হোৱা এক সৰ্বভাৰতীয় সংগীত সন্মিলনত তেওঁ মঞ্চত চেহনাই পৰিবেশন কৰি মানুহৰ মাজত ন-কৈ চিনাকি কৰাই দিয়ে। ইয়াৰ আগলৈকে চেহনাই নামৰ বাদ্যবিধ এসময়ত বাৰাণসীৰ বিশ্বনাথ মন্দিৰৰৰ চৌহদতে সীমাবদ্ধ আছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ আমন্ত্ৰণক্ৰমে লালকিল্লাত অনুষ্ঠিত হোৱা দেশৰ প্ৰথম গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিছমিল্লা খানক চেহনাই বাদন পৰিবেশন কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল। সেইদিনা বিছমিল্লাই চেহনাই বাদন কৰি দেশী-বিদেশী বিদ্বান সমাজৰ আদৰৰ পাত্ৰ হৈ পৰিছিল। নিজৰ অন্তিমটো জন্মদিৱসত বিছমিল্লাই সংগীত পৰিবেশন কৰাৰ আশা কৰিছিল কিন্তু সেই আশা পূৰণ নহয়। বিশ্বৰ প্ৰায় ৫ হাজাৰ শ্ৰোতা-দৰ্শকক সমবেত কৰি দ্যা টিউন অৱ ইণ্ডিয়া শীৰ্ষক এক অনুষ্ঠানত বিছমিল্লাৰ চেহনাই বাদন কৰি অন্তিম আশা আছিল। সেই সময়ত মুম্বাইত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণ আৰু তেওঁৰ শাৰীৰিক অৱস্থা বেয়া হোৱাত, সেই অনুষ্ঠানত চেহনাই বাদনৰ আশা আশা হৈয়ে ৰল।[3]
এই কিংবদন্তি শিল্পীগৰাকীয়ে ইউৰোপ, আফগানিস্তান, কানাডা, ইৰাণ, ইৰাক, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, জাপান, হংকং আদি বিশ্বৰ হেজাৰ হেজাৰ শ্ৰোতাক মুগ্ধ কৰিছে। জীৱন কালত বিছমিল্লা খানে আনুষ্ঠানিকভাবে নানা সন্মান লাভ কৰিছে। বেনাৰছ হিন্দু বিশ্ববিদ্যালয় আৰু শান্তিনিকেতনৰ ফালৰ পৰা তেওঁক সন্মানীয় ডক্টেৰেট উপাধি প্ৰদান কৰা হৈছিল। তেওঁক ৰাষ্ট্ৰৰ সৰ্বশ্ৰেষ্ঠ সন্মান সংগীত-নাটক অকাডেমী বঁটাৰে বিভূষিত কৰা হৈছিল। মধ্য প্ৰদেশ চৰকাৰে তেওঁক প্ৰদান কৰিছে শ্ৰেষ্ঠ সন্মান তানসেন বঁটা। ১৯৯৬ চনত তেওঁ এছীয় সংগীতানুষ্ঠান ৰোস্তম বঁটা লাভ কৰে। তেওঁ নেপাল অকাডেমী বঁটা লাভ কৰাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ উপাধিৰে সন্মানিত কৰে।[3]
পুৰস্কাৰ প্ৰাপ্ত বঁটা
- ভাৰত-ৰত্ন বঁটা (২০০১)
- তানসেন বঁটা
- ৰোস্তম বঁটা
- নেপাল অকাডেমী বঁটা
- পদ্মশ্ৰী উপাধি
- পদ্মভূষণ উপাধি
- পদ্মবিভূষণ উপাধি
মৃত্যু
বিছমিল্লা খানৰ ২০০৬ চনৰ ২১ আগষ্টৰ দিনা পুৱতি নিশা ২-৪৫ বজাত বাৰাণসীৰ এখন চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৯০ বছৰ। বিশ্ববন্দীত ওস্তাদ বিছমিল্লা খানৰ বিয়োগত কেন্দ্ৰীয় চৰকাৰে ২১ আগষ্টৰ দিনা ৰাষ্ট্ৰীয় দিৱসৰূপে পালন কৰে। তেওঁৰ স্মৃতিত উত্তৰ প্ৰদেশ চৰকাৰে এক কোটি টকাৰে এখন সংগীত অকাডেমী স্থাপনৰ পৰিকল্পনা লৈ স্থাপন কৰে।[3]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
- জীৱনীমূলক গ্ৰন্থ
- Bismillah Khan: the shehnai maestro, by Neeraja Poddar. Rupa & Co., 2004. ISBN 81-291-0351-6.
- Monograph on Shehnai maestro Bismillah Khan, by Amar jyoti, Shivnath Jha, Alok Jain, Anjali Sinha. Pub. Neena Jha & Shivnath Jha, 2005. ISBN
8175256400.
- Bismillah Khan and Benaras: the seat of shehnai, by Rita Ganguly. Siddhi Books, 1994.
- Shahnai Vadak Ustad Bismillah Khan, by Murli Manohar Shrivastava. Prabhat Prakashan, 2009. ISBN 173157359.
- Bismillah Khan: The Maestro from Benaras, by Juhi Sinha. Niyogi Books, 2011. ISBN 978-81-89738-91-4.
|
---|
| ১৯৫৪–১৯৬০ | | |
---|
| ১৯৬১–১৯৮০ | |
---|
| ১৯৮১–২০০০ | |
---|
| ২০০১–বৰ্তমানলৈ | |
---|
|
|
---|
সাধাৰণ | |
---|
ৰাষ্ট্ৰীয় পুথিভঁৰাল | |
---|
অন্যান্য | |
---|