এই প্ৰবন্ধটো ভূপেন হাজৰিকা পৰিচালিত ছবিখনৰ বিষয়ে। একে নামৰ হিন্দু পৌৰাণিক চৰিত্ৰটোৰ বাবে
শকুন্তলা চাওক। কালিদাস ৰচিত কাব্যগ্ৰন্থৰ বাবে,
অভিজ্ঞানম শকুন্তলম চাওক।
শকুন্তলা (ইংৰাজী: Sakuntala) ভূপেন হাজৰিকা পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সঙ্গীত ভূপেন হাজৰিকাৰ। ছবিখনে মুক্তি পাইছিল ১৯৬১ৰ ১১ নবেম্বৰৰ দিনা। প্ৰয়োজক আছিল কলকাতাৰ কামৰুপ চিত্ৰ। ছবিখনে ৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পাইছিল। দুষ্মন্ত আৰু শকুন্তলাৰ ভূমিকাত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু অনিতা গুহই। ছয়বছৰীয়া বিদ্যা ৰাৱেও শিশু আশ্ৰম কন্যাৰ ভূমিকাত অভিনয় কৰিছে।[1][2]
মূল ছবিখন ক’লা-বগা আছিল যদিও “প্ৰথম প্ৰহৰ ৰাত্ৰি” শীৰ্ষক গীতটো ৰঙীন ফিল্মত চিত্ৰগ্ৰহণ কৰা হৈছিল। এইখন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি।[3][2][4]
কাহিনী
কালিদাস ৰচিত অভিজ্ঞানম শকুন্তলমৰ প্ৰখ্যাত দুষ্মন্ত-শকুন্তলাৰ প্ৰেমকথাৰ আধাৰত ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।[2][5]
হস্তিনাপুৰৰ ৰজা দুষ্মন্ত মৃগয়া কৰিবলৈ গৈ বাট হেৰুৱাই মহৰ্ষি কণ্বৰ আশ্ৰম ওলালগৈ। তাতে গৈ মহৰ্ষি কণ্বৰ তোলনীয়া জীয়ৰী শকুন্তলাক (ইভা আচাও) দেখা-সাক্ষাৎ হ’ল। দুয়োৰো মাজত অনুৰাগৰ জন্ম হ’ল আৰু দুয়ো গান্ধৰ্ব্য বিবাহ কৰি পেলালে। ইফালে ৰজা দুষ্মন্তৰো ৰাজধানীলৈ উভতিবৰ সময় হ’ল। তেওঁ আঙুঠি এটা শকুন্তলাক পিন্ধাই দিলে আৰু অচিৰেই ৰাজধানীলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দি উভতি গ’ল। এদিন কণ্ব ঋষিৰ আশ্ৰমলৈ ভিক্ষা মাগিবলৈ আহিল খঙাল বুলি প্ৰসিদ্ধি থকা ঋষি দুৰ্বাসা। দুষ্মন্তৰ কথা ভাবি তন্ময় হৈ থকা শকুন্তলাই দুৰ্বাসাৰ মাত নুশুনিলে। খঙতে ঋষিয়ে অভিশাপ দিলে যে যাৰ কথা ভাবি থাকি ঋষিক অৱজ্ঞা কৰিলে, সেইজনেই শকুন্তলাক পাহৰি যাব। শেষত মন কুমলাত দুৰ্বাসা ঋষিয়ে উপায় এটা দিলে যে দুষ্মন্তই প্ৰথমে শকুন্তলাক চিনি নাপাব, কিন্তু কিবা এটা স্মৃতিচিহ্ন দেখুৱাব পাৰিলে তেওঁৰ পূৰ্বৰ কথা মনত পৰিব।[5]
ইফালে দুষ্মন্তই নিবলৈ নহাত গৰ্ভৱতী শকুন্তলা নিজে হস্তিনাপুৰলৈ ওলাল। যাওঁতে দুষ্মন্তই দিয়া আঙুঠিটো নৈত পৰি হেৰাই থাকিল। ৰজাই তেওঁক চিনি নাপালে আৰু অপমান কৰি ঘূৰাই পঠিয়ালে। শকুন্তলাই ভগ্ন হৃদয়ে উভতি আহিল আৰু এটা পুত্ৰসন্তান জন্ম দিলে। ঘটনাক্ৰমে আঙুঠিটো এজন মাছমৰীয়াই এটা মাছৰ পেটত পালে। ৰাজকীয় চিহ্নযুক্ত আঙুঠিটো মাছমৰীয়াজনে চুৰ কৰা বুলি তাক ৰাজসভালৈ ধৰি লৈ আহিল। আঙুঠিটো দেখি ৰজা দুষ্মন্তৰ সকলো কথা মনত পৰিল।[5]
পুত্ৰসন্তান সহ শকুন্তলাক দুষ্মন্তই হস্তিনাপুৰলৈ লৈ আহিল।[5]
শিল্পী আৰু কলা-কুশলী
- প্ৰযোজক- কাশী প্ৰসাদ বিহানী
- বেনাৰ- কামৰূপ চিত্ৰ, কলিকতা
- পৰিচালক, সঙ্গীত পৰিচালক, গীতিকাৰ- ভূপেন হাজৰিকা
- কেমেৰা- ৰাধা ফিল্মচ্, কলিকতা
- ষ্টুডিঅ'- ইন্দ্ৰপুৰী ষ্টুডিঅ', কলিকতা
- শব্দ- অৱণী চেতাৰ্জী
- মেকআপ- অনন্ত দাস
- পবিত্ৰ বৰকটকী (দুষ্মন্ত)
- অনিতা (শকুন্তলা)
- খগেন মহন্ত
- ইভা আচাও (শকুন্তলাৰ বান্ধৱী অনসূয়া)
- ফণী শৰ্মা (ঋষি দুৰ্বাষা)
- বিদ্যা ৰাও (শিশুশিল্পী)[6][2]
গীত
ছবিখনত মুঠ ৬টা গীত আছিল। গীতৰ সুৰ আৰু কথা আছিল ভূপেন হাজৰিকাৰ।[3]
ক্ৰমিক নং
|
গীতৰ শীৰ্ষক
|
গীতিকাৰ
|
কণ্ঠ
|
১ |
অলৌগুটি তলৌগুটি কোন ক’ত লটিঘটি কচুপাতৰ লাই, যিহাতে আঙুঠি নাই সেই হাতে কেনেকৈ পায় |
ভূপেন হাজৰিকা |
ভূপেন হাজৰিকা, ইলা বোস
|
২ |
প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছিল চম্পা, শুনা সখী শকুন্তলা তুলি বান্ধা খোপা |
ভূপেন হাজৰিকা |
কবিতা হাজৰিকা,ইলা বোস
|
৩ |
বিৰাজে কি সাজে প্ৰকৃতিৰে জীয়ৰী, জোনক দেখি হাঁসে সখী নিজকে পাহৰি |
ভূপেন হাজৰিকা |
ভূপেন হাজৰিকা
|
৪ |
নৱ মল্লিকাৰ হেঁপাহ জানো পলাব মালিনী নৈতে ৰূপ চাই চাই, শকুন্তলা আইৰ জানো দেহাটি শীতলিব পদুমৰে পৰশন পাই |
ভূপেন হাজৰিকা |
ইলা বোস, অনামিকা দেৱী
|
৫ |
পিতৃ গৃহ ত্যাগি আই মোৰ পতি গৃহে যায়, দুই পাৱ চলে যদি এক পিছুৱাই |
ভূপেন হাজৰিকা |
ভূপেন হাজৰিকা
|
৬ |
বনৰে পখিটি, তোমাৰ লগৰীয়া আমাৰে জোনটি পদুমৰে কলিটি |
ভূপেন হাজৰিকা |
ইলা বোস
|
বঁটা আৰু সন্মান
১৯৬১ৰ নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শকুন্তলাই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰূপৰ পদক লাভ কৰে।[5]
তথ্য উংস
|
---|
| দশক | | |
---|
| চলচ্চিত্ৰ পৰিচালক | |
---|
| সঙ্গীত পৰিচালক | |
---|
| অভিনেতা | |
---|
| অভিনেত্ৰী | |
---|
| অন্য বিষয় | |
---|
| |
|
|
---|
| ১৯৫৫–১৯৮০ |
|
---|
| ১৯৮১–২০০০ | |
---|
| ২০০১–বৰ্তমান | |
---|
|