ইতিহাস (ইংৰাজী: Itihaas) হৈছে ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অন্তিমখন অসমীয়া চলচ্চিত্ৰ।[1] ৰূপকমল প্ৰডাকচনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল লীনা বৰাই। ইতিহাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰিছিল।[2]
ছবিখনৰ কাহিনীভাগ
এই কাহিনী চহৰৰ উপকণ্ঠ অঞ্চলত বাস কৰা এটা দুখীয়া পৰিয়ালৰ কাহিনী। পৰিয়ালৰ মুৰব্বী সৰলা এগৰাকী বিধৱা মহিলা। তেওঁৰ দুজনী জীয়েক আৰু দুজন পুতেক। প্ৰকৃতিৰ ফ্লেটৰ ব্যৱসায়ী তেওঁলোকক প্ৰলোভন দিয়ে যে তেওঁলোকে বাস কৰা মাটিটুকুৰা যদি ব্যৱসায়ীজনক হস্তান্তৰ কৰে, তে্ন্তে তাত ফ্লেট নিৰ্মাণ কৰিব আৰু সৰলাহঁতে জুপুৰীৰ সলনি আধুনিক ফ্লেটত বাস কৰিব পাৰিব। সৰলাৰ পুতেক নেপাল আৰু ভোলা প্ৰলোভনৰ জালত বন্দী হয়। লোভৰ বশৱৰ্তী হৈ মাটিটুকুৰা তেওঁলোকে ব্যৱসায়ীজনক হস্তান্তৰ কৰি দিয়ে; কিন্তু ব্যৱসায়ীজনৰ উদ্যেশ্য আছিল বেলেগ।[2]
সংঘাত আৰম্ভ হয়। ছিন্ন-ভিন্ন হৈ পৰা পৰিয়ালটোৰ বাবে, জীয়াই থকাৰ তাড়নাত সৰলাৰ জীয়েক লখিমীয়ে ফ্লেটবোৰত ঘৰুৱা কাম কৰিবলৈ ল’লে। সুখে-দুখে পৰিয়ালটোক আৱৰি থকা তাইৰ প্ৰেমিক মধুও অৱশেষত তাইৰ ওচৰৰ পৰা আঁতৰি যাবলগীয়া হ’ল। তাই এক ভয়ঙ্কৰ জালত বন্দী হৈ পৰিল আৰু এদিন কুঁৱাত তাইৰ মৃতদেহ পোৱা গ’ল।[2]
চহৰৰ বিশাল ভৱনবোৰৰ আঁৰত যে লখিমীহঁতৰ দৰে এচাম শক্তিহীন ব্যক্তিৰ মৃত্যু আৰু স্থানচ্যূতিৰ অকথিত ইতিহাস লুকাই থাকে, তাকেই ছবিখনৰ যোগেদি বৰ্ণিত হৈছে।[3]
অভিনয়ত
কলা-কুশলী
- (তথ্যছ'কত নথকা)
- শব্দযন্ত্ৰী- অনুপ বন্দোপধ্যায়
জ্যোতি চট্টোপধ্যায়
এইচ পি ভট্টাচাৰ্য
- কলা- নুৰুদ্দিন আহমেদ
- সাজ-সজ্জা- প্ৰীতি শইকীয়া[2]
বঁটা আৰু স্বীকৃতি
ইতিহাস আছিল "চহৰীকৰণে জীৱনলৈ কঢ়িয়াই অনা জটিলতাৰ এক কুশলী চিত্ৰণ। " -যাৰবাবে ই ১৯৯৬ চনত অনুষ্ঠিত হোৱা ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাভ কৰিছিল শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা। বঁটা স্বৰূপে প্ৰযোজক লীনা বৰা আৰু পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়া উভয়লৈ নগত বিশহাজাৰ টকাকৈ আগবঢ়োৱা হৈছিল।[2]
তথ্যসূত্ৰ
|
---|
| ১৯৫৫–১৯৮০ |
|
---|
| ১৯৮১–২০০০ | |
---|
| ২০০১–বৰ্তমান | |
---|
|