১৮৮০ দশকত নিৰ্মিত এই অতিথিশালাটো তিতাবৰৰ পৰা প্ৰায় পাঁচ কিঃমিঃ মান দূৰত্বৰ জালুকনিবাৰীত অৱস্থিত।[5] ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। এই ছপাশালটোৰ পৰাই ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ হৈছিল।[5][6]
তিতাবৰ চহৰৰ পৰা প্ৰায় ৫কিঃমিঃ আঁতৰত অৱস্থিত। ইয়াত বাস কৰা লোকসকল হৈছে থাইলেণ্ডৰ পৰা প্ৰব্ৰজন হোৱা লোকসকলৰ উত্তৰসূৰী। তেওঁলোকে ভাৱ বিনিময়ৰ বাবে দোৱান ব্যৱহাৰ কৰে। এই দোৱানৰ থাইলেণ্ডত ব্যৱহৃত হোৱা ভাষাৰ সৈতে মিল আছে। ইয়াৰোপৰি তেওঁলোকৰ নিজা লিপি আছে।
হামদৈ পথাৰ
হামদৈ পথাৰ হৈছে ধান খেতিৰ বাবে ব্যৱহৃত পথাৰ। প্ৰতিবছৰে ধান কটাৰ পাছত ভাৰতীয় বায়ু সেনাই এই পথাৰখনতে নতুনকৈ ভৰ্তি হোৱা পেৰাট্ৰ’পাৰ সকলক পেৰাছুটিঙৰ প্ৰশিক্ষণ দিয়ে। কিংবদন্তি মতে কছাৰী ৰজাৰ কণ্যা হেৰেমদৈৰ নাম অনুসাৰে এই ক্ষেত্ৰক হামদৈ হিচাপে নামকৰণ কৰা হয়। হামদৈ পথাৰত প্ৰায় দুহেজাৰ পুৰা মাটি থকাৰ কথা পোৱা যায়। এই পথাৰত প্ৰায় ৬-৭খন গাঁৱৰ ৰাইজে খেতি কৰে। ইয়াত জলসিঞ্চনৰ বাবে দাঁতিকাষৰীয়া জান, কাছজান নদীৰ ওপৰত এখন শ্লুইশ গেট ৰ কাম ২০০৭ চনৰ পৰা আৰম্ভ কৰা হৈছিল যদিও বিভিন্ন কাৰণত সেইখন সম্পূৰ্ণ হৈ নুঠিল।
সংবাদ সেৱা
১৯৩৫ চনৰ ১২ আগষ্টত ৰায়বাহাদুৰ শিৱ প্ৰসাদ বৰুৱাই ঠেঙাল ভৱনৰ পৰা দৈনিক বাতৰি প্ৰকাশ কৰি তিতাবৰত সাংবাদিকতাৰ ভেঁটি গঢ়ি তোলে। কিছুদিনৰ পাছতেই এই কাকতখন বন্ধ হৈ যায়। তথাপি প্ৰথমখন অসমীয়া দৈনিক বাতৰি কাকত ৰূপে ইয়াৰ নাম ইতিহাসত জিলিকি আছে। ১৯৪৭-৪৮ চনত প্ৰয়াত চক্ৰেশ্বৰ শইকীয়াৰ সম্পাদনাত ভোলাৰাম শইকীয়া ৰাজখোৱা প্ৰকাশক স্বৰূপে থাকি দ্বিতীয়খন পষেকীয়া কাকত ‘কৃষক’ তিতাবৰৰ পৰা প্ৰকাশ পায়। তিতাবৰ প্ৰেছ ক্লাব গঠন আৰু নিৰ্মাণ তিতাবৰ অঞ্চলৰ সাংবাদ জগতত এক উল্লেখযোগ্য উপকৰণ।[7]
শিক্ষা
কুৰি শতিকাৰ আৰম্ভণিতে তিতাবৰত কেইবাখন প্ৰাথমিক বিদ্যালয় গঢ় লৈ উঠিছিল। ১৯০৭ চনত প্ৰথমখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন হয়। ১৯৩৩ চনত মিহিৰাম শইকীয়া হাইস্কুল স্থাপন কৰা হয়। অশোক শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যজ্ঞেশ্বৰ শৰ্মা দৰে উল্লেখযোগ্য ব্যক্তি এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ আছিল। ১৯৪৪ চনৰ ১৬ আগষ্টত তিতাবৰত ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপিত হয়। ১৯৪৮ চনত তিতাবৰত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হয়। এই কেন্দ্ৰতে অভ্যাসন বিদ্যালয় স্থাপন কৰা হয়। ১৯৫৪ চনত তিতাবৰত বুনিয়াদী প্ৰশিক্ষণ মহাবিদ্যালয় আৰু ১৯৫৭ চনত স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় স্থাপন হয়। এই প্ৰশিক্ষণ মহাবিদ্যালয় ১৯৬৪ চন মানত একেবাৰে উঠি যায় আৰু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত (১৯৮৬) জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ ৰূপান্তৰ ঘটিল। ইয়াৰোপৰি তিতাবৰৰ মেলামাটিত ইছলামী শিক্ষাৰ বাবে দুখন শিক্ষানুস্থান গঢ়ি উঠিছে।[1]
কুৰি শতিকাৰ শেষ দশকত কেইবাখনো ইংৰাজী আৰু অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় তিতাবৰত গঢ় লৈ উঠে। ১৯৯০ চনত প্ৰাগজ্যোতিকা ইংৰাজী বিদ্যালয়, ১৯৯৮ চনত তিতাবৰ জাতীয় বিদ্যালয়, গ্ৰীণ ফিল্ড একাডেমী, ব্ৰাইট ফিউচাৰ, হলি হাৰ্ট আদি বিদ্যালয় গঢ় লৈ উঠে।
১৯৫৯ চনত তিতাবৰ তিনিআলিৰ মিহিৰাম শইকীয়া হাইস্কুল প্ৰঙ্গনত তিতাবৰ অঞ্চলৰ প্ৰথমখন স্নাতক পৰ্যায়ৰ কলেজ প্ৰতিষ্ঠা হয়। মিহিৰাম শইকীয়া হাইস্কুলত নৈশ শাখাৰে ‘তিতাবৰ কলেজ’ আৰম্ভ কৰা হয়। প্ৰথমে কলা শাখা আৰু পাছত কলা শাখাৰে সমৃদ্ধ হৈ বৰ্তমান পূৰ্ণ পৰ্যায়ৰ মহাবিদ্যালয় ৰূপে স্বীকৃতি লাভ কৰিছে। এই মহাবিদ্যালয়ে সমগ্ৰ তিতাবৰ মহকুমাৰে স্নাতক পৰ্যায়ৰ কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰি আহিছে।[1]