শংখ ঘোষ (ইংৰাজী: Shankha Ghosh, জন্ম: চিত্তপ্ৰিয় ঘোষ, ৫ ফেব্ৰুৱাৰী ১৯৩২ – ২১ এপ্ৰিল ২০২১)[2][3] হ'ল এজন ভাৰতীয় কবি আৰু সমালোচক।[4] ১৯৫১ চনত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজৰপৰা পূৰ্ব স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বাবৰৰ প্ৰাৰ্থনা কাব্যগ্ৰন্থৰ বাবে তেওঁ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০১১ চনত পদ্মভূষণ আৰু ২০১৬ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটাৰে বিভূষিত হৈছিল। ‘গন্ধৰ্ব কবিতা গুচ্ছ’ কাব্য-সংকলনৰ বাবে কে কে বিৰলা ফাউণ্ডেচনে ১৯৯৮ চনত ঘোষক সৰস্বতী সন্মান প্ৰদান কৰিছিল।
জন্ম আৰু ব্যক্তিগত জীৱন
শংখ ঘোষৰ প্ৰকৃত নাম আছিল চিত্তপ্ৰিয় ঘোষ। তেওঁৰ দেউতাক মনীন্দ্ৰকুমাৰ ঘোষ আৰু মাতৃ অমলা ঘোষ। বৰ্তমান বাংলাদেশৰ অন্তৰ্গত চাঁদপুৰ জিলাত ১৯৩২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে শংখ ঘোষৰ জন্ম হৈছিল। পৈতৃক গৃহ আছিল বাংলাদেশৰ বৰিশাল জিলাত। কিন্তু তেওঁ ডাঙৰ হৈছিল পাবনাত। দেউতাকৰ চাকৰিসূত্ৰে পাবনাত থাকি তেওঁ তাৰ চন্দ্ৰপ্ৰভা বিদ্যাপীঠৰপৰা মেট্ৰিক পাছ কৰিছিল।
কেৰিয়াৰ
ঘোষে বংগভাষী কলেজ, চিটি কলেজ, যাদৱপুৰ বিশ্ববিদ্যালয়, জংগীপুৰ কলেজ, বঢ়হমপুৰ গাৰ্লচ কলেজ আদি কলিকতা আৰু পশ্চিমবংগৰ বহুকেইটা শিক্ষা প্ৰতিষ্ঠানত শিক্ষাদান কৰিছিল। ১৯৯২ চনত তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰপৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ আইৱাত অনুষ্ঠিত এখন আন্তৰ্জাতিক লেখক সন্মিলনত অংশগ্ৰহণ কৰিছিল। ঘোষে দিল্লী বিশ্ববিদ্যালয়, ছিমলাৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজ’ আৰু বিশ্ব-ভাৰতীতো অধ্যাপনা কৰিছিল।
কুন্তক আছিল তেওঁৰ ছদ্মনাম।[5] বঙালী সাহিত্যক এক নতুন পৰিচয় প্ৰদান কৰাৰ ক্ষেত্ৰত, শক্তি চট্টোপাধ্যায়, সুনীল গংগোপাধ্যায়, বিনয় মজুমদাৰ আৰু উৎপল কুমাৰ বসুৰ দৰে সমকালীন বঙালী সাহিত্যৰ আটাইতকৈ আদৰণীয় লিখকসকলৰ সৈতে শংখ ঘোষৰ নাম ‘পঞ্চ পাণ্ডৱ’ ৰূপে উল্লেখ কৰা হয়।
মৃত্যু
২০২১ চনৰ ১৮ এপ্ৰিল তাৰিখে ঘোষ ক'ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হয় আৰু ২১ এপ্ৰিলৰ দিনা কলিকতাৰ নিজা গৃহত তেওঁৰ মৃত্যু হয়।[6][7][8] তেওঁৰ মৃত্যুৰ ঠিক আঠ দিন পাছতে তেওঁৰ পত্নী প্ৰতিমা ঘোষো ক'ভিড আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।
কবিতাসমূহ
- দিনগুলি ৰাতগুলি (ফাৰ্ষ্ট ষ্ট'ৰি)
- নিহিত পাতাল ছাঁয়া
- পাঁজৰে দাঁৰেৰ শব্দ
- জল এ পাষাণ হয়ে আছে
- ধুম লেগেছে হৃদ কমলে
- গোটা দেশ জোৰা জৌঘৰ
- প্ৰতি প্ৰশ্নে কেঁপে উঠে ভিটে
- হাচি খুচি মুখে সৰ্বনাশ
- আদিম লতা-গুল্মময় (এঞ্চিয়েণ্ট ভাইনচ্ এণ্ড ট্ৰীজ)
- মূৰ্খ বৰ, সামাজিক নয় (বিগ ফুল, ন'ট ছ'চিয়েল)
- কবিৰ অভিপ্ৰায় (দ্য পয়েট্চ ইণ্টেনচন)
- মুখ ধেকে যায় বিজ্ঞাপনে (ফেচেচ আৰ হিডিন বাই এডভাৰটাইজমেণ্ট)
- বাবৰেৰ প্ৰাৰ্থনা (বাবৰ'চ্ প্ৰেয়াৰ)
- দ্য নীল মানুষ চিৰিজ (ষ্ট'ৰি অৱ দ্য ব্লু জিয়াণ্ট)
বঁটা
- নৰসিং দাস পুৰস্কাৰ, ১৯৭৭[9]
- সাহিত্য অকাডেমি বঁটা, ১৯৭৭[10]
- ৰবীন্দ্ৰ পুৰস্কাৰ, ১৯৮৯[9]
- সৰস্বতী সন্মান[11]
- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ১৯৯২
- সাহিত্য অকাডেমি অনুবাদ বঁটা, ১৯৯৯[10]
- বিশ্ব-ভাৰতীৰ দেশীকোট্টম, ১৯৯৯[12]
- বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ ডি-লিট উপাধি প্ৰদান, ২০১০
- পদ্মভূষণ, ২০১১
- ডব্লিউ এফ জে ডব্লিউৰ দ্বাৰা জীৱনজোৰা সাধনাৰ বাবে সাহিত্যব্ৰহ্ম উপাধি প্ৰদান, ২০১৫
- ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং চায়েঞ্চ এণ্ড টেকন’ল’জিৰ দ্বাৰা ২০১৫ চনত ডি লিট উপাধি প্ৰদান।
- জ্ঞানপীঠ বঁটা, ২০১৬[13]
তথ্য সংগ্ৰহ
|
---|
| ১৯৯১–২০০০ | |
---|
| ২০০১–২০১০ | |
---|
| ২০১১–২০২০ | |
---|
| ২০২১–বৰ্তমান | |
---|
|
|
---|
| ১৯৬৫–১৯৮৫ | |
---|
| ১৯৮৬–২০০০ | |
---|
| ২০০১–বৰ্তমান | |
---|
|