মহাবলেশ্বৰ চৈল (ইংৰাজী: Mahabaleshwar Sail; জন্ম ৪ আগষ্ট ১৯৪৩)[1] এগৰাকী ভাৰতীয় লেখক। ২০১৬ চনত, তেওঁক তেওঁৰ উপন্যাস 'হাবটন' (हावटण)ৰ বাবে সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছিল। [2][3]
সংক্ষিপ্ত জীৱন
১৯৪৩ চনৰ ৪ আগষ্টত, কৰ্ণাটকৰ মাজালিৰ শ্বেজেবাগত, মহাবালেশ্বৰ চৈলৰ জন্ম হৈছিল। তেওঁ এটি কৃষিজীৱী পৰিয়ালৰ সন্তান আছিল। তেওঁৰ দেউতাকে ভাৰতীয় সেনাত কাম কৰিছিল। দেউতাকৰ মৃত্যুৰ পিছত, চৈলে পঢ়া সামৰি খেতিত জড়িত হ’ব লগা হৈছিল। তেওঁ ছয় বছৰ বয়সত বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছিল আৰু অষ্টম শ্ৰেণীত পঢ়া এৰিব লগাত পৰিছিল।[4] পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় সেনাবাহিনীত নাম ভৰ্তি কৰে। চৈলে ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰিছিল[5] আৰু হুছেইনিৱালা সীমান্তত সেনাত মকৰল আছিল।[6]
তেওঁ ১৯৬৪-১৯৬৫ চনৰ ভিতৰত, ৰাষ্ট্ৰসংঘৰ শান্তিদূত ৰূপে ইজৰাইল আৰু ইজিপ্তৰ সীমান্ত বিবাদৰ বাবে কাম কৰিছিল।[7] চেইলে বন বিভাগত চুপাৰভাইজাৰ হিচাপে কাম কৰিছে। তেওঁ গোৱা, দমন আৰু দিউ আৰক্ষীতো আছিল আৰু অৱসৰ গ্ৰহণ কৰাৰ আগলৈকে ইণ্ডিয়া পোষ্টত কাম কৰিছিল।[8][9]
সাহিত্য
চৈলে প্ৰথমতে মাৰাঠী ভাষাত লিখিছিল কিন্তু পিছত কোংকণী ভাষাতো লিখিবলৈ আৰম্ভ কৰিছিল।[10] তেওঁৰ প্ৰথম গল্পটো প্ৰলহাদ কেশৱ আত্ৰেৰ সাপ্তাহিক নৱয়ুগ ৱিকলিত প্ৰকাশ পাইছিল। [11] তাচকেণ্ট ঘোষণাপত্ৰৰ পিছত যুদ্ধ নিস্তব্ধতাক লৈ তেওঁৰ প্ৰথম কাহিনীটো আছিল।[12]
চৈলে কোংকণী ভাষাত গল্প, উপন্যাস আৰু শিশু সাহিত্য লিখিছে। তেওঁ মাৰাঠী ভাষাত উপন্যাস, গল্প আৰু নাটক লিখিছে।[13] ১৯৯৬ চনত লিখা তেওঁৰ প্ৰথমখন কোংকণী উপন্যাস আছিল কালি গংগা (काळी गंगा)। [14] ই কাৰৱাৰৰ কালী নদীৰ (কৰ্ণাটক) পাৰত থকা কৃষক সম্প্ৰদায়ৰ জীৱনক চিত্ৰিত কৰিছে।[15] ১৯৯৩ চনত চৈলে তেওঁৰ চুটি গল্প সংকলন তৰঙ্গা (तरंगा)ৰ বাবে কোংকণী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[16]
কোংকণী ভাষাৰ চৈলৰ গল্প-সংকলনসমূহ হৈছে; পলতডচে তাৰু, তৰংগা, বেয়নেট ফাইটিং, নিমাণো অশ্বত্থামা আৰু ডন মুলাঞ্চে ঝাড;[17] আনহাতে এই ভাষাত লিখা তেওঁৰ উপন্যাসসমূহ হৈছে; কালী গংগা, অদ্ৰুষ্ট, য়ুগ সংৱাৰ, খৌল খৌল মুলম, বিখাৰ বিলখৌ আৰু মাতী আনি মলব।[18]
তেওঁৰ শিশু উপন্যাসখন হৈছে; চৈম দেৱ। তাণ্ডৱ আৰু বন্দ দৰৱাজা হৈছে চৈলৰ মাৰাঠী ভাষাত লিখা দুখন উপন্যাস। মাৰাঠীত লিখা তেওঁৰ নাটকসমূহ হৈছে; নকো জালু মাঞ্জ ঘৰ্টা, চৰিত্ৰ্য়াহীন, শৰণাগতি আৰু য়াতনা চক্ৰ।[19]
স্বীকৃতি
ইয়াৰ উপৰিও চৈল [[সাহিত্য অকাডেমি], কৰ্ণাটক কোংকণী সাহিত্য অকাডেমি আৰু গোৱা কলা একাডেমীৰ দৰে বিভিন্ন চৰকাৰী আৰু সাহিত্য সংগঠনৰ সদস্য আছিল।[28] ২০০৫ চনত তেওঁ সদৌ ভাৰত কোংকণী পৰিষদৰ সভাপতি আছিল।[29]
তথ্যসূত্ৰ
|
---|
| ১৯৯১–২০০০ | |
---|
| ২০০১–২০১০ | |
---|
| ২০১১–২০২০ | |
---|
| ২০২১–বৰ্তমান | |
---|
|