মতিলাল নেহৰু (ইংৰাজী: Motilal Nehru; ৬ মে' ১৮৬১ – ৬ ফেব্ৰুৱাৰী ১৯৩১) আছিল এলাহাবাদৰ এজন বিখ্যাত উকীল। তেখেত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ আছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক কাৰ্যকৰ্তাসমূহৰ ভিতৰত এজন আছিল।
১৯২৮ চনৰ পৰা ১৯২৯ চনলৈ সম্পূৰ্ণ দুবছৰ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ সভাপতি আছিল।
জীৱনী
মতিলাল নেহৰুৰ জন্ম আগ্ৰাত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গংগাধৰ নেহৰু। পাশ্চাত্যত শিক্ষা লাভ কৰা গুণী-মানী ভাৰতীয় সকলৰ ভিতৰত তেখেতো আছিল। তেখেতে এলাহাবাদৰ মুইৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল যদিও বি.এ.ৰ অন্তিম পৰীক্ষা দিব নোৱাৰিলে। পাছলৈ তেখেতে কেম্ব্ৰীজৰ পৰা "বাৰ এট্ ল" উপাধি গ্ৰহণ কৰে আৰু ইংৰাজী ন্যায়ালয়সমূহত উকীল হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।
মতিলাল নেহৰুৰ পত্নীৰ নাম আছিল স্বৰুপ ৰাণী। জৱাহৰলাল নেহৰু তেখেতৰ একমাত্ৰ পুত্ৰ আছিল। তেখেতৰ দুজনী জীয়ৰীও আছিল। ডাঙৰজনীৰ নাম আছিল বিজয়লক্ষ্মী যি আগলৈ বিজয়লক্ষ্মী পণ্ডিত নামেৰে বিখ্যাত হয় আৰু সৰুজনীৰ নাম আছিল কৃষ্ণা, যি পাছলৈ কৃষ্ণা হঠীসিং নামেৰে পৰিচিত হয়।
কিন্তু আগলৈ গৈ তেখেতে নিজৰ ওকালতি বাদ দি ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যত মনোনিৱেশ কৰে। ১৯২৩ চনত তেখেতে দেশবন্ধু চিত্তৰঞ্জন দাসৰ সৈতে কংগ্ৰেছ দল ত্যাগ কৰি নিজে স্বৰাজ দলৰ স্থাপনা কৰিছিল। ১৯২৮ চনত কলকাতাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত সভাপতিৰূপে নিৰ্বাচিত হৈছিল। ১৮২৮ চনত কংগ্ৰেছৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধান আয়োগৰ সভাপতিও হৈছিল তেখেত। এই আয়োগেই নেহৰু ৰিপোৰ্ট প্ৰকাশ কৰিছিল।
মতিলাল নেহৰুৱে এলাহাবাদত এটা বিলাসী গৃহ নিৰ্মাণ কৰিছিল । যাৰ নাম আনন্দ ভৱন ৰাখিছিল। ইয়াৰ পাছত তেখেতে নিজৰ পুৰণি ঘৰ স্বৰাজ ভৱন কংগ্ৰেছ দলক প্ৰদান কৰিছিল।
মৃত্যু
১৯৩১ চনত এলাহাবাদত মতিলাল নেহৰুৰ মৃত্যু হৈছিল।
তথ্য সংগ্ৰহ
|
---|
| | | ইতিহাস | |
---|
| সংগঠন | |
---|
| প্ৰদেশ কংগ্ৰেছ কমিটি (PCC, TCC & RCC) | |
---|
| সভাপতি | |
---|
| প্ৰধানমন্ত্ৰী | |
---|
| লোকসভাৰ নেতা | |
---|
| ৰাজ্যসভাৰ নেতা | |
---|
| |
|