প্ৰথমে বিশ্বপ ৰ'ড প্ৰাইমেৰি স্কুল আৰু পিছলৈ অকল ল'ৰাবোৰে পঢ়িব পৰা মাৰ্ছেণ্ট ভেঞ্চাৰাৰ্ছ টেকনিকেল কলেজত (পিছত কথাম স্কুল নামেৰে পৰিচিত) ডিৰাকে শিক্ষা লাভ কৰিছিল। এইখন স্কুলতে দেউতাকে ফৰাচী ভাষা শিকাইছিল। এইখন এখন ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ লগত সংলগ্ন প্ৰতিষ্ঠান আছিল। ইয়াত আধুনিক ভাষাসমূহৰ উপৰি ইটা পৰা, জোতা নিৰ্মাণ, ধাতুৰ কাম আদি কাৰিকৰী কামবোৰত বেছি গুৰুত্ব দিয়া হৈছিল। ব্ৰিষ্টলত অৱস্থিত এখন মাধ্যমিক শিক্ষানুষ্ঠান হৈয়ো ধ্ৰপদী ক্ষেত্ৰখনত বেছি প্ৰাধান্য দিয়াটো সেই সময়ত খুব আচহুৱা কথাৰূপেই পৰিগণিত হৈছিল। কিন্তু ডিৰাকে বিদ্যালয়খনৰ এইটো প্ৰথাকলৈয়ে পিছলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছিল।[9]
পৰিয়াল
ডিৰাকে ১৯৩৭ চনত মাৰ্গিট ৱিগনাৰৰ (ইউজিন ৱিগনাৰৰ ভনী) সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ মাৰ্গিটৰ দুই সন্তান জুডিথ আৰু গেব্ৰিয়েলক তোলনীয়া সন্তানৰূপে মানি লৈছিল। পল আৰু মাৰ্গিটৰ দুজনী কন্যা সন্তান জন্ম হৈছিল- মেৰি এলিজাবেথ আৰু ফ্লোৰেঞ্চ মনিকা
ব্যক্তিত্ব
সহকৰ্মীসকলৰ মাজত ডিৰাক তেওঁৰ নিখুত আৰু স্বল্পভাষী স্বভাৱটোৰ বাবে পৰিচিত আছিল। কেম্ব্ৰিজত তেওঁৰ সহকৰ্মীসকলে ধেমালিকৈ "ডিৰাক" নামৰ একক এটা উলিয়াইছিল। তেওঁলোকৰ মতে ডিৰাকৰ মান এঘণ্টাত মাত্ৰ এটা শব্দ। যেতিয়া নিলছ্ ব'ৰে অভিযোগ কৰিছিল যে ডিৰাকে বৈজ্ঞানিক প্ৰবন্ধ লিখিলে বাক্য এটা কিদৰে সমাপ্ত কৰিব লাগে, সেইটো নাজানে; তেতিয়া ডিৰাকে প্ৰত্যুত্তৰ দিছিল, "মোক স্কুলত শিকোৱা হৈছিল যে বাক্য এটাৰ সামৰণিখিনি নাজানিলে বাক্যটো কেতিয়াও আৰম্ভই নকৰিবা"। তেওঁ জে. ৰবাৰ্ট অপেনহেইমাৰৰ কবিতাৰ প্ৰতি থকা আগ্ৰহক এইদৰে সমালোচনা কৰিছিল: "বিজ্ঞানৰ উদ্দেশ্য হৈছে কঠিন বিষয়ক সহজ পদ্ধতিৰে বুজাৰ প্ৰয়াস কৰা, কিন্তু কবিতাৰ লক্ষ্য হৈছে জনা-শুনা সহজ কথা এটাকে দুৰ্বোধ্য ভাষাত বৰ্ণনা কৰা। এই দুয়োটা বিষয় সামঞ্জস্যহীন"।[10]
ডিৰাক সম্পৰ্কে আন এটা কাহিনী শুনা যায়। যেতিয়া তেওঁ পোনপ্ৰথমবাৰৰ বাবে এখন সন্মিলনত যুৱ বিজ্ঞানী ৰিচাৰ্ড ফাইনমেনক লগ পাইছিল, বহুসময়ৰ মূৰত নীৰৱতা ভাঙি তেওঁ ফাইনমেনক কৈছিল, "মোৰ এটা সমীকৰণ আছে। তোমাৰো আছে নেকি বাৰু?"[11]
এবাৰ এখন সন্মিলনত ডিৰাকে এটা বক্তৃতা দিয়াৰ পিছত এজন সহকৰ্মীয়ে হাত দাঙিলে আৰু তেওঁক সুধিলে, "মই ব'ৰ্ডখনৰ ওপৰৰ সোঁফালে লিখা সমীকৰণটো বুজা নাই"। কোনো সঁহাৰি নাপাই দীৰ্ঘ সময়ৰ এটা বিৰতিৰ মূৰত সন্মিলনৰ আয়োজক মানুহজনে ডিৰাকক সুধিলে যে তেওঁ উত্তৰটো দিব নে নিদিয়ে। তেতিয়া ডিৰাকে ক'লে, "সেইটো এটা প্ৰশ্ন নাছিল, মন্তব্যহে আছিল" [12][13][14]