১৮৭৯ চনৰ ১৪ মাৰ্চত সেইসময়ৰ জাৰ্মান সাম্ৰাজ্যৰ ওল্ম চহৰত এই মহান বিজ্ঞানীজনৰ জন্ম হয়।[3] আইনষ্টাইনৰ পিতৃ হাৰমেন আইনষ্টাইন আছিল এজন ব্যৱসায়ী। তেওঁৰ দেউতাকৰ এজন ইঞ্জিনিয়াৰ ভায়েক আছিল। এলবাৰ্টৰ দেউতাক আৰু এই খুৰাকজনে মিলি বৈদ্যুতিক আহিলাপাতি তৈয়াৰ কৰা কাৰখানা এটা চলাইছিল। কাৰখানাৰ কামৰ বাহিৰে আজৰি সময়খিনি খুৰাকে এলবাৰ্টৰ লগতে কটাইছিল-অংকৰ নানান খেলা কৰি। বয়স অলপ বুজন হোৱাৰে পৰা এলবাৰ্টেও খুৰাকৰ লগত এই অংকৰ খেলাত সমানে অংশ ল’ব পৰা হ’ল। এনেকৈয়ে নিচেই কম সময়তে এলবাৰ্টৰ মনত অংকৰ প্ৰতি এক গভীৰ অনুৰাগৰ সৃষ্টি হয়।[3]
ইহুদীধৰ্মী আইনষ্টাইনসকল গোড়া নাছিল। ৫ বছৰ বয়সৰ পৰা আইনষ্টাইনে এখন কেথেলিক প্ৰাথমিক বিদ্যালয়ত ৩ বছৰ শিক্ষাগ্ৰহণ কৰে। ইয়াৰ পাচত তেওঁ লুইপ'ল্ড জিমনেচিয়ামত মাধ্যমিক শিক্ষাগ্ৰহণ কৰে। [4]
এবাৰ দেউতাকে শিশু আইনষ্টাইনক এডাল চুম্বকশলা উপহাৰ দিছিল। তেওঁ এই কথা অনুভৱ কৰিব পাৰিছিল যে চৌদিশে শূন্য হ'লেও নিশ্চয় কিহবাই শলাডালক বান্ধি ৰাখিছে।
মিলানলৈ যাত্ৰা
১৮৯৪ চনত এলবাৰ্টৰ দেউতাকৰ কাৰখানাটো বন্ধ হৈ যোৱাত নতুন ভাগ্যৰ সন্ধানত তেওঁলোকৰ পৰিয়াল মিউনিখৰ পৰা ইটালিৰ মিলানলৈ যায়, তাৰ কিছুমাহৰ পিছত পাভিয়ালৈ গমন কৰে। তেতিয়া আইনষ্টাইনৰ বয়স আছিল ১৫ বছৰ। চুইজাৰলেণ্ডৰ জুৰিখত থকা এখন আন্তৰ্জাতিক নাম থকা পলিটেকনিক স্কুলত এলবাৰ্টে শিক্ষা গ্ৰহণ কৰে। এলবাৰ্টৰ পদাৰ্থ বিদ্যা আৰু অংকৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবে একে শ্ৰেণীৰে মিলেভা মেৰিক লাহে লাহে এলবাৰ্টৰ প্ৰতি আকৃষ্ট হয়। স্কুলৰ শ্ৰেণীসমূহ শেষ হোৱাৰ পিছতো যথেষ্ট সময়লৈ এলবাৰ্ট আৰু মিলেভাই গৱেষণাগাৰত তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা চলাই গৈছিল।
বিবাহ
১৯০৩ চনৰ জানুৱাৰী মাহত এলবাৰ্টে তেওঁৰ একালৰ স্কুলৰ লগৰী মিলেভা মেৰিকক বিয়া কৰায়। পিছে গৱেষণাগাৰৰ চাৰিবেৰৰ বাহিৰত যে তেওঁলোকৰ কোনো কথাতে মিল নাই সেইটো অতি সোনকালেই প্ৰকাশ পালে। ১৯১৪ চনৰ পৰা পাঁচ বছৰ বেলেগে বেলেগে থকাৰ পাছত ১৯১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তাৰ কিছুদিন পিছতেই ১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা লৱেন্থেল নামৰ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়। ১৯৩৬ চনৰ ডিচেম্বৰ মাহত এলছা আইনষ্টাইন মৃত্যু হয়।
কৰ্মজীৱন আৰু গৱেষণা
পলিটেকনিকৰ পৰা পাছ কৰি এলবাৰ্টে বাৰ্ণ চহৰৰ এটা পেটেণ্ট অফিচত চাকৰি কৰি কৰ্মজীৱনৰ আৰম্ভণি কৰে। পেটেণ্ট অফিচত আইনষ্টাইনৰ বিশেষ ব্যস্ততা নাছিল। তেওঁৰ কামৰ ভিতৰত পৰিছিল কেৱল নতুন নতুন আৱিষ্কাৰ সমূহৰ তালিকা একোখন প্ৰস্তুত কৰি ৰখা। এই কাম কৰি তেওঁ অনেক আজৰি সময় পাইছিল। এই আজৰি সময়ত তেওঁ আত্মনিয়োগ কৰিছিল নিজৰ বৈজ্ঞানিক গৱেষণাত। ১৯০৫ চনত এলবাৰ্ট আইনষ্টাইনে পোহৰৰ উত্স আৰু পৰিৱৰ্তন সম্পৰ্কে এটি প্ৰবন্ধ প্ৰকাশ কৰে। এই নতুন তথ্য সম্বলিত প্ৰবন্ধটো প্ৰকাশ হোৱাৰ লগে লগে শিক্ষা জগতত এই বিষয়ে গভীৰ চিন্তা চৰ্চা হ’বলৈ ধৰে আৰু আইনষ্টাইনক জুৰিখ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হয়। জুৰিখ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ চাকৰিত অতি কম দৰ্মহাৰে তেওঁ বৰ কষ্টত চলিবলগীয়া হয়। আইনষ্টাইনে পিছৰ জীৱনত এইকেইটা দিনৰ কথা মনত পেলাই ৰসিকতা কৰি কৈছিল, “মই আপেক্ষিকতাবাদৰ গৱেষণা কালত অন্তৰীক্ষৰ প্ৰতিটো চুকতে একোটাকৈ ঘড়ী ওলোমাই লৈছিলোঁ; কিন্তু প্ৰকৃতপক্ষে মোৰ কোঠাটোৰ বাবে ঘড়ী এটা মই যোগাৰ কৰিব নোৱাৰিছিলোঁ। ”
১৯১১ চনত তেওঁ অধিক দৰ্মহাত প্ৰাগ বিশ্ববিদ্যালয়ত এটি চাকৰি পায়; কিন্তু ইয়াতো তেওঁ বেছি দিন থাকিব নোৱাৰিলে; কিয়নো ইতিমধ্যে ইহুদীসকলৰ প্ৰতি জাৰ্মান সকলৰ মনত ক্ৰোধ আৰু ঘৃণাৰ ভাৱ ক্ৰমাৎ বৃদ্ধি পাই আহিছিল। তাৰ ৩০ বছৰৰ পিছত জাৰ্মানিত হ’বলগীয়া ইহুদী নিধনযজ্ঞৰ সূত্ৰপাত ইতিমধ্যেই হৈছিল। এলবাৰ্টলৈ এনে সময়তে আমন্ত্ৰণ আহে চুইজাৰলেণ্ডৰ জুৰিখত থকা সেই পলিটেকনিকৰ পৰা য’ত তেওঁ এসময়ত ছাত্ৰ আছিল। মিলেভাইও এই কথাত মনে মনে বৰ ভাল পালে।
এই পলিটেকনিকত কাম কৰি থকা অৱস্থাতেই তেওঁ আৰু কেইটামান আলোড়নকাৰী বৈজ্ঞানিক তথ্য আৱিষ্কাৰ কৰে আৰু এইবোৰ প্ৰবন্ধ আকাৰে প্ৰকাশ পায়। এইবাৰ তেওঁলৈ প্ৰুচীয় ৰাজকীয় বিজ্ঞান একাডেমীৰ সদস্য পদৰ লগতে বাৰ্লিনত নতুনকৈ আৰম্ভ হোৱা কেইজাৰ উইলহেম ইনষ্টিটিউটৰ পৰিচালকৰ পদ আগবঢ়োৱা হয়। কোনো বিজ্ঞানীৰ পক্ষেই এই ধৰণৰ সুবিধা দলিয়াই পেলোৱাটো সম্ভৱ নহয়। এই চাকৰিৰ পৰা তেওঁৰ অৰ্থাভাৱ দূৰ হোৱাৰ লগতে গৱেষণাৰ কাৰণেও পৰ্যাপ্ত সময় ওলাব। গতিকে তেওঁ এই চাকৰি গ্ৰহণ কৰিলে; কিন্তু তেওঁৰ পত্নী মিলেভা বাৰ্লিনলৈ যাবলৈ ৰাজী নহ’ল। আইনষ্টাইনে তেওঁৰ দুই পুত্ৰ আৰু পত্নী মিলেভাক জুৰিখতে এৰি বাৰ্লিনলৈ যাত্ৰা কৰিলে।
দ্বিতীয় বিবাহ আৰু গৱেষণা
১৯১৯ চনৰ ২ জুনত আইনষ্টাইনে এলছা আইনষ্টাইন নামৰ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়। ইয়াৰ পিছত ১৯১৩ চনৰ পৰা ১৯৩৩ চনলৈ প্ৰায় কুৰি বছৰ কাল তেওঁ বাৰ্লিনত কটায় আৰু ইয়াতেই তেওঁ গৱেষণাৰ কাম শেষ কৰি পৃথিৱীৰ বিজ্ঞানী মহলৰ আগত ডাঙি ধৰে তেওঁৰ আলোড়নকাৰী আবিষ্কাৰ আপেক্ষিকতাবাদ তত্ত্বৰ। প্ৰায় ২৫ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে কৰা তেওঁৰ সাধনাৰ ফল তেওঁ লাভ কৰে আৰু সমগ্ৰ বিশ্বৰ বিজ্ঞানী মহলত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে নিউটনৰ সূত্ৰ সমূহৰ খুতি-নাটিৰ ওপৰত এক নতুন চিন্তাৰ জোৱাৰ আনি দিয়ে। সেইটো আছিল যুদ্ধোত্তৰ কাল। প্ৰথম বিশ্বযুদ্ধ ইতিমধ্যে শেষ হৈছে। পৃথিৱী জুৰি তেতিয়া কেৱল সদ্যসমাপ্ত হোৱা যুদ্ধখনৰে চৰ্চা; কিন্তু এই সকলোবোৰ চিন্তা তল পেলাই ১৯১৯ চনৰ ৭ নৱেম্বৰ তাৰিখে ইংলেণ্ডৰ ‘দ্য টাইমচ’ কাকতে লিখিলে, “It is the discovery of a whole continent of new scientific ideas. It is the greatest discovery in connection with gravitation since Newton enumerated his principles.”
আইনষ্টাইনৰ গৱেষণাৰ বিষয় কেৱল এটা নাছিল। তেওঁ পোহৰ, গতি, সময়, শক্তি আৰু পদাৰ্থ আদিৰ ওপৰত একে সময়তে গৱেষণা চলাইছিল। আইনষ্টাইনে প্ৰতিষ্ঠা কৰা সত্য সমূহৰ এটা হ’ল ‘পদাৰ্থ মাত্ৰেই শক্তি’ এটাক আনটোলৈ ৰূপান্তৰিত কৰিব পৰা যায়। ইয়াৰ আগতে মানুহে বিশ্বাস কৰিছিল যে পদাৰ্থ আৰু শক্তি দুটা সম্পূৰ্ণ বেলেগ বস্তু। ইটা এটুকুৰা পদাৰ্থ। উত্তাপ শক্তি। এই ইটা আৰু উত্তাপ দুটা ভিন্ন বস্তু, কিন্তু আইনষ্টাইনে এই ধাৰণা ভুল বুলি প্ৰমাণিত কৰে। সমসাময়িক পদাৰ্থবিদ সকলে চিন্তা কৰিলে যে আইনষ্টাইনৰ এই তথ্য সত্য হ’লে বহুতো অসম্ভৱ কথা সম্ভৱ হ’ব।
এই তত্ত্বৰ কেইবছৰমানৰ ভিতৰতে তৈয়াৰ কৰা হৈছিল পৰমাণু বোমা আৰু বৰ্তমান যুগৰ পৃথিৱীত পৰমাণু শক্তিৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। আইনষ্টাইনৰ এই তথ্য তেওঁৰ আপেক্ষিকতাবাদৰ এটা অংশহে মথোন। আইনষ্টাইনৰ আবিষ্কাৰ সমূহৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় ১৯২২ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বটা।
ইতিমধ্যে ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বক্তৃতা দিবৰ বাবে আইনষ্টাইনক অনেকবাৰ আমন্ত্ৰণ জনোৱা হয়। ১৯৩২ চনত আমেৰিকাত আন্তৰ্জাতিক উচ্চ বিজ্ঞান পৰিষদৰ পৰা এনে এক আমন্ত্ৰণ পাই তেওঁ আমেৰিকালৈ যায়। এই যাত্ৰাত আমেৰিকাৰ পৰা ঘূৰি অহাৰ পিছত তেওঁ জাৰ্মানিত প্ৰৱেশ কৰিব নোৱাৰিলে, কাৰণ এই সময়ছোৱাৰ ভিতৰত জাৰ্মানিত আৰম্ভ হৈছিল ইহুদী নিধন পৰ্ব।
অন্তিম জীৱন কাল
আইনষ্টাইনে ইয়াৰ পিছত বেলজিয়ামত থাকিবলৈ লয়। এখন সমুদ্ৰবৰ্তী গাঁৱত তেওঁ স্বেচ্ছাই নিৰ্বাসিত জীৱন গ্ৰহণ কৰে; কিন্তু আমেৰিকাৰ প্ৰিন্সটন কলেজত অধ্যাপনাৰ বাবে পোৱা আমন্ত্ৰণ গ্ৰহণ কৰি তেওঁ আমেৰিকালৈ যায় আৰু তাতেই থাকিবলৈ লয়। ১৯৩৬ চনৰ ১৫ জানুৱাৰীত তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে। জীৱনৰ শেষ কালছোৱাত তেওঁ আন এটা বৈজ্ঞানিক সত্য উদঘাটন কৰে যাৰ নাম ‘একত্ৰিত ক্ষেত্ৰ তত্ত্ব’ (The unified Field Theory)। এই তত্ত্বত তেওঁ দেখুৱায় যে গ্ৰহ, তৰা, অণু-পৰমাণু তড়িৎ এই সকলোবোৰ একেটা প্ৰাকৃতিক নিয়মৰেই অধীন।
Oppenheimer, J.R. (1971): "On Albert Einstein," p. 8–12 in Science and synthesis: an international colloquium organized by Unesco on the tenth anniversary of the death of Albert Einstein and Teilhard de Chardin, Springer-Verlag, 1971, 208 pp. (Lecture delivered at the UNESCO House in Paris on 13 December 1965.) Also published in The New York Review of Books, 17 March 1966, On Albert Einstein by Robert Oppenheimer
বাহ্যিক সংযোগ
Albert Einstein প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: