ওলন্দাজ ভাষা
ওলন্দাজ ভাষা মূলতঃ ইউৰোপৰ নেডাৰলেণ্ডচ আৰু বেলজিয়াম দেশত প্ৰচলিত ইণ্ডো-ইউৰোপীয়ান ভাষা পৰিয়ালৰ অন্তৰ্গত পশ্চিম জাৰ্মানীয় মূলৰ এক ভাষা। প্ৰায় ২.৩ কোটি লোকৰ ই মাতৃভাষা আৰু প্ৰায় ৫০ লাখ লোকৰ দ্বিতীয় ভাষা। ওলন্দাজ ভাষা নেডাৰলেণ্ডচৰ একমাত্ৰ চৰকাৰী ভাষা[3] হোৱাৰ লগতে বেলজিয়াম, ছুৰিনাম, আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত অধিকাৰীক স্থিতি লাভ কৰিছে।[4] ইংৰাজী ভাষা আৰু জাৰ্মান ভাষাৰ পাছতে ওলন্দাজ ভাষা বহুলভাৱে প্ৰচলিত তৃতীয় জাৰ্মানীয় মূলৰ ভাষা। ইংৰাজী ভাষাত ইয়াক ডাটচ্ (Dutch) নামেৰে আৰু ওলন্দাজ ভাষাত ইয়াক নেডাৰ্লাণ্ট্চ্ (Nederlands) নামেৰে জনা যায়।
প্ৰচলন
নেডাৰলেণ্ডচৰ মূল ভূখণ্ডৰ বাহিৰে ওলন্দাজ ভাষাৰ প্ৰচলন বেলজিয়ামৰ উত্তৰাঞ্চলত আছে। বেলজিয়ামত প্ৰচলিত ওলন্দাজ ভাষাৰ এই উপভাষাটো ফ্লেমিচ্ নামেৰে জনা যায়। বৃহত্তৰ নেডাৰলেণ্ডচ সাম্ৰাজ্যৰ অন্তৰ্গত আৰুবা, কুৰাকাঅ’, আৰু ছিণ্ট মাৰ্টেনত ওলন্দাজ ভাষাৰ প্ৰচলন আছে। দক্ষিণ আমেৰিকাৰ দেশ ছুৰিনামতো এই ভাষাৰ বহুল প্ৰচাৰ আছে। নগণ্য পৰিমাণৰ ওলন্দাজ ভাষিক সংখ্যালঘু ফ্ৰান্স,[5] জাৰ্মানী আৰু ইণ্ডোনেছিয়াত বাস কৰে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু অষ্ট্ৰেলিয়াত প্ৰায় ৫০ লাখ ওলন্দাজ ভাষী প্ৰবাসীয়ে বাস কৰে। দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ প্ৰায় ১.৬ কোটি লোকৰ মাতৃভাষা আফ্ৰিকান্স ভাষা ওলন্দাজ ভাষাৰ পৰা বিকশিত এক কন্যা ভাষা। এই দুই ভাষাৰ ভাষিকসকলে ইজনে সিজনৰ কথা বুজিব পাৰে।
লিপি
ওলন্দাজ ভাষা ৰোমান লিপিত লিখা হয়। ইংৰাজী আৰু জাৰ্মান ভাষাৰ সৈতে ইয়াৰ যথেষ্ট সাদৃশ্য আছে। ভাষাটোৰ শব্দকোষৰ প্ৰায় ২০% জাৰ্মানীয় মূলৰ[6] আৰু প্ৰায় ৬.৮% ফৰাচী মূলৰ।
লগতে চাওক
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
পৃথিৱীৰ প্ৰধান ভাষাসমূহ |
---|
| ইণ্ডো-আৰ্য / ইন্দো-ইউৰোপীয় |
- অসমীয়া,
- উৰ্দু,
- ওড়িয়া,
- কাশ্মিৰী,
- কোংকণী
- গুজৰাটী,
- ডোগ্ৰী,
- দিভেহী,
- নেপালী,
- পঞ্জাবী,
- ফিজি হিন্দী,
- বাংলা,
- ভোজপুৰী,
- মাৰাঠী,
- মৈথিলী,
- সংস্কৃত,
- সিংহল,
- সিন্ধী,
- হিন্দী।
|
---|
| অন্যান্য ইন্দো-ইউৰোপীয় | |
---|
| দ্ৰাবিড় | |
---|
| পূৱ এছিয় | |
---|
| দক্ষিণ-পূৱ এছিয় |
ইন্দোনেছীয়,
খামেৰ,
ছামোৱান,
ছেবুয়ানো,
জাভানীয়,
তাগালোগ,
থাই,
ভিয়েটনামীয়,
মান (বাৰ্মীজ),
মাৱৰী,
মালাগাছি,
মালয়,
লাও,
সুন্দানীয়,
হাৱাইয়ান। |
---|
| আফ্ৰো-এছিয় | |
---|
| ইৰানীয় | |
---|
| তুৰ্কীয় | |
---|
| জাৰ্মানীয় | |
---|
| ৰোমান | |
---|
| স্লাভীয় |
আলবেনিয়ান,
ইউক্ৰেনীয়,
ক্ৰোয়েছীয়,
চাৰ্বীয়,
চেক,
পোলীয়,
বচনীয়,
বেলাৰুছীয়,
বুলগেৰীয়,
মেচিডোনীয়,
ৰুছ,
স্লোভাক,
স্লোভেনীয়। |
---|
| কেল্টীয় | |
---|
| নাইজাৰ-কঙ্গো |
ইগবো,
ইয়োৰুবা,
ৱল্ফ,
খোসা,
গবে,
চিচেওয়া,
ছোথো,
জুলু,
তিগ্ৰিনিয়া,
ফুলা,
বাণ্টু (স্বাজী),
ভেণ্ডা,
মান্দিং,
লিংগালা,
সুয়ানা,
স্বাহিলী,
সোনিনকে
হাউচা। |
---|
| ককেছিয় | |
---|
| উৰালীয় | |
---|
| নীল-চাহাৰা | |
---|
| আমেৰিকাৰ আদিবাসী | |
---|
| নিৰ্মিত ভাষা | |
---|
|
|
|