এই প্ৰবন্ধটো পুলক গগৈ পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। একে নামৰ ৰঞ্জক পদাৰ্থবিধৰ বাবে
সেন্দূৰ চাওক।
সেন্দূৰ |
---|
সেন্দূৰ ছবিৰ এখন পোষ্টাৰ |
পৰিচালক |
পুলক গগৈ |
---|
ৰচনা |
ৰেণু গগৈ |
---|
প্ৰযোজক |
গৌৰাঙ্গপদ ঘোষ |
---|
অভিনয়ত |
তপন দাস বিদ্যা ৰাও |
---|
চিত্ৰগ্ৰহণকাৰী |
নলিন দুৱৰা |
---|
সম্পাদনা |
তৰুণ দত্ত |
---|
সংগীত পৰিচালক |
দশৰথ দাস আবহ সঙ্গীত- নয়ন |
---|
মুক্তি |
১৯৮৪ চন |
---|
দৈৰ্ঘ্য |
২ ঘণ্টা ৪০ মিনিট |
---|
দেশ |
ভাৰত |
---|
ভাষা |
অসমীয়া |
সেন্দূৰ (ইংৰাজী: Sendur) ১৯৮৪ চনত মুক্তি পোৱা প্ৰাগ ফিল্মচৰ বেনাৰত নিৰ্মিত, পুলক গগৈ পৰিচালিত এখন অসমীয়া ৰঙীন ড্ৰামা চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে তপন দাস, ব্ৰজেন বৰা আৰু বিদ্যা ৰাৱে।[1] ছবিখন চুপাৰ-ডুপাৰ হিট হৈছিল।[2]
কাহিনীৰ সাৰাংশ
অশেষ কষ্টেৰে নিজহাতে প্ৰতিষ্ঠা কৰা হাইস্কুলখনৰ হেডমাষ্টৰ বৰুৱা। ককায়েকৰ সপোন সাকাৰ কৰিবলৈ তেওঁৰ মেধাৱী ভায়েক ৰাজীৱেও অন্য কতো চাকৰি-বাকৰি নিবিচাৰি সেই স্কুলখনতে শিক্ষকতাৰ কামত সোমায়। স্কুলৰ মাটিটুকুৰা দান দিছিল জগত ঠিকাদাৰৰ ককায়েকে। কিন্তু মাটিখিনিত শেনচকু জগত ঠিকাদাৰৰ। মাটিখিনি হস্তগত কৰি তেওঁ তাত ধানকল আৰু সৰিয়হ পেৰা কল স্থাপন কৰিব বিচাৰে। জগত ঠিকাদাৰে এটা চৰ্ত দিয়ে যে যদি তেওঁৰ জীয়েক ঊষাক ৰাজীৱে বিয়া কৰাবলৈ সন্মত হব, তেন্তে মাটিটুকুৰা স্কুলক এৰি দিয়াত আপত্তি নাই। হেডমাষ্টৰ সেই চৰ্তত সন্মত নহয়।
ৰাজীৱে ভাল পায় মালাক। মালাৰ মাকে হেডমাষ্টৰৰ ঘৰত লাচনি-পাচনি কৰি কোনোমতে টুকটাককৈ চলি আছে। হেডমাষ্টৰৰ পত্নী অৰ্থাৎ ৰাজীৱৰ বৌয়েকৰ প্ৰথমে সেইখন ঘৰলৈ মালাক বোৱাৰী কৰি নিয়াত আপত্তি নাছিল যদিও টুটুকীয়া মন্থৰা বুঢ়ীৰ কুমন্ত্ৰণাত মন ঘূৰিল। ৰাজীৱে বৌৱেকৰ অসন্মতি সত্ত্বেও মালাক বিয়া কৰাই ঘৰলৈ আনিলে। যুগ্মজীৱনৰ সাক্ষী স্বৰূপে তেওঁলোকৰ ল'ৰা এটাও উপজিল।
জগত ঠিকাদাৰে হেডমাষ্টৰৰ কথাৰ পৰা গম পাইছিল যে স্কুলৰ মাটি দান কৰা চুক্তিত্ৰখন স্কুলৰ আলমাৰীত সংৰক্ষিত আছে। সেয়েহে চুক্তিপত্ৰখন নষ্ট কৰিবলৈ ঠিকাদাৰৰ মানুহে এদিন ৰাতি স্কুলঘৰটো জ্বলাই দিলে; যাতে পিছলৈ স্কুল কমিটি আদালতৰ কাষ চাপিব নোৱাৰে। দাওদাও জ্বলি উঠা স্কুলঘৰৰ আলমাৰীত থকা দানপত্ৰখন উদ্ধাৰ কৰিবলৈ গৈ ৰাজীৱ নিহত হ’ল। অকাল বৈধব্যক আকোৱালী লোৱা মালাৰ জীৱনত দুখ-যন্ত্ৰণাৰ অন্ত নোহোৱা হ’ল।
জগত ঠিকাদাৰে কৰি থকা চৰকাৰী ঠিকাৰ কাম পৰিদৰ্শন কৰিবলৈ ৰাজীৱৰ বন্ধু ইঞ্জিনিয়াৰ সত্যজিৎ আহি হেডমাষ্টৰৰ ঘৰত কেইদিনমানৰ বাবে থকাৰ বন্দোৱস্ত কৰিলে। সত্যজিতে ঠিকাদাৰৰ কামত অসন্তুষ্ট হোৱাত বিভিন্ন উপায়ে তেওঁক প্ৰলোভিত কৰাৰ চেষ্টা কৰিলে। কিন্তু কোনো প্ৰকাৰে সৈমান কৰিব নোৱাৰি মালাৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক থকা বুলি ঠিকাদাৰৰ পুতেক গৌতমে ৰাইজ গোটাই সত্যজিতক আক্ৰমণ কৰিলে। কপাল ফাটি তেজে তুমৰলি হ'ল। মিছা অপবাদৰ পৰা মালাক ৰক্ষা কৰিবলৈ তাইৰ শিৰত তেজৰ সেন্দূৰৰে ৰেঘা আঁকি দিবলৈ সত্যজিৎ আগবাঢ়ি আহিল। কিন্তু বাধা দিলে মালাই। স্কুলখন পুনৰ্নিমাণ কৰিবলৈ তাই অনুৰোধ জনালে। এই স্কুলখনৰ মাজতে চিৰদিন জীয়াই থাকিব তাইৰ স্বামী ৰাজীৱ।[3]
অভিনয় শিল্পী
কলা-কুশলী
সঙ্গীত
সেন্দূৰৰ সঙ্গীত পৰিচালনা কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ আগশাৰীৰ সঙ্গীত পৰিচালক দশৰথ দাসে। আবহ সঙ্গীত ৰচনা কৰিছিল নয়নে।[1][4]
|
|
1. |
"এই বৃষ্টি ৰিমঝিম কঢ়িয়াই আনিলে ৰিমঝিম ৰিমঝিম ৰিমঝিম সুৰৰ মায়া" | দশৰথ দাস | দশৰথ দাস, মিনু শইকীয়া |
|
2. |
"আহে যেন চিৰ জনমলে’ এই সেন্দূৰীয়া দিন" | দশৰথ দাস | দশৰথ দাস, মিনু শইকীয়া |
|
3. |
"এই মৰম নদীৰ গাভৰু ঘাট মোৰ যৌৱনৰ নাও চপালো তাত" | শ্ৰীনাথ দাস | কুল বৰুৱা, মিনু শইকীয়া |
|
4. |
"আদৰে উতলা খেলাৰ এয়েনে পাতনি, বুজিও নুবুজা ভাবৰ অদেখা আমনি" | হেমন্ত দত্ত | দশৰথ দাস, সৰ্বাণী পুৰকায়স্থ |
|
5. |
"জয় জয় যাদৱ জলনিধিজাধৱ ধাতা, শ্ৰুতমাত্ৰাখিল ত্ৰাতা (বৰগীত)" | শ্ৰীমন্ত শংকৰদেৱ | মিনু শইকীয়া |
|
6. |
"হে বনমালী দয়াময় হৰি প্ৰণতি জনালোঁ মই, দেখা কিয় দিয়া নাই" | | মিনু শইকীয়া |
|
7. |
"ৰং ৰঙে ৰাঙলী হ’ল মন উৰণীয়া হ’ল, উৰি গ’ল নাচি নাচি, নাচি নাচি বাউলি হ’ল" | | দশৰথ দাস, মিনু শইকীয়া, সন্ধ্যা মেনন, তৃষাৰাণী শইকীয়া |
|
তথ্য উৎস
|
---|
| দশক | | |
---|
| চলচ্চিত্ৰ পৰিচালক | |
---|
| সঙ্গীত পৰিচালক | |
---|
| অভিনেতা | |
---|
| অভিনেত্ৰী | |
---|
| অন্য বিষয় | |
---|
| |
|