জয়ন্ত দাস (৮ জুন, ১৯৬০ – ১৬ ডিচেম্বৰ, ২০২৩) অসমৰ এজন অভিনেতা আৰু বোলছবি পৰিচালক আছিল।[2] ৰামধেনু নামৰ অসমীয়া চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল।[3][4][5][6][7][8] ২০২৩ চনৰ ১৬ ডিচেম্বৰ তাৰিখে গুৱাহাটীত তেখেতৰ দেহাৱসান ঘটে[9], মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৩ বছৰ।[10]
মুকুতা ছবিত এজন শিশু শিল্পী হিচাপে জয়ন্ত দাসে অভিনয় কৰিছিল[9] যদিও এজন পেছাদাৰী অভিনেতা হিচাপে সেন্দূৰ নামৰ ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল।[11]
কটন মহাবিদ্যালয়ত পঢ়ি থকা সময়ত জয়ন্ত দাসে ক্ৰিকেট খেলিছিল। ৮০ৰ দশকত তেওঁ ভ্ৰাম্যমান নাট্য জগতত অভিনেতা হিচাপে প্ৰৱেশ কৰে।[9]
প্ৰথমতে জয়ন্ত দাসে বোলছবিৰ খলনায়ক হিচাপে অভিনয় কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ এজন হাস্যৰসিক অভিনেতা হিচাপে জনপ্ৰিয়তা লাভ কৰে। তেওঁ “পাপু-নিকু সংবাদ”, “ভাড়াঘৰ” আদি দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছিল।[9]
বোলছবি
তথ্য সংগ্ৰহ