চাইৰাছ মিষ্ট্ৰী (ইংৰাজী: Cyrus Mistry ; জন্ম: ১১ মাৰ্চ ১৯৫৬[1]) এগৰাকী ভাৰতীয় লেখক আৰু নাট্যকাৰ। তেওঁ ২০১৪ চনত ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ গ্ৰন্থৰ বাবে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।[2][3] ২০১৫ চনত কিতাপখনে ইংৰাজী সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ লেখক ৰোহিণ্টন মিষ্ট্ৰীৰ ভাতৃ।[4]
মিষ্ট্ৰী মুম্বাই নিবাসী।[2] কম বয়সতে তেওঁ নাট্যকাৰ হিচাপে লিখিবলৈ আৰম্ভ কৰিছিল,[5] আৰু সাংবাদিক তথা চুটিগল্প লেখক হিচাপে নাম কৰিছিল। ১৯৭৯ চনত তেওঁৰ প্ৰথমটো চুটি গল্প প্ৰকাশ পাইছিল।[2] মিষ্ট্ৰীৰ চুটিগল্পৰ আধাৰত নিৰ্মিত পাৰ্চি নামৰ এখন ছবিয়ে ১৯৯১ চনৰ শ্ৰেষ্ঠ গুজৰাটী ছবিৰ ৰাষ্ট্ৰীয় বঁটা[6]ৰ লগতে মানহাইম চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ বঁটাও লাভ কৰিছিল।[7] এই চলচ্চিত্ৰখনৰ চিত্ৰনাট্য আৰু সংলাপও তেওঁ লিখিছিল।[7]
তেওঁৰ নাটক ডুংগাজী হাউছক “ইংৰাজীত সমসাময়িক ভাৰতীয় নাটকৰ এক গুৰুত্বপূৰ্ণ ৰচনা হিচাপে গণ্য কৰা হয়।”[2] তেওঁৰ প্ৰথম উপন্যাসখন আছিল দ্য ৰেডিয়েন্স অৱ এছেছ। কিতাপখন ২০০৫ চনত ক্ৰছৱৰ্ড বঁটাৰ বাবে মনোনীত হৈছিল। তেওঁৰ দ্বিতীয়খন উপন্যাস ২০১৩ চনত প্ৰকাশিত ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ। এই উপন্যাসখনত পাৰ্চি সম্প্ৰদায়ৰ ভিতৰৰ খান্দিয়াসকলৰ কাহিনী কোৱা হৈছে, যি মৃতকৰ মৃতদেহ টাৱাৰ অৱ চাইলেন্সলৈ লৈ যায় আৰু তাত এইবোৰ শগুণে ভক্ষণ কৰে।[2][8]
বঁটা আৰু স্বীকৃতি
সৃষ্টিশীল কাম
তথ্যসূত্ৰ