ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ |
---|
|
লেখক |
চাইৰাছ মিষ্ট্ৰী |
---|
দেশ |
ভাৰত |
---|
ভাষা |
ইংৰাজী ভাষা |
---|
প্ৰকাৰ |
কল্প-কাহিনী নাটক |
---|
প্ৰকাশক |
আলেফ বুক কোম্পানী |
---|
প্ৰকাশ |
২০১২ |
---|
মিডিয়া প্ৰকাৰ |
ছপা (পেপাৰবেক, হাৰ্ডকভাৰ) |
---|
পৃষ্ঠা সংখ্যা |
২৪৭ |
---|
আই.এচ.বি.এন. |
৯৭৮৮১৯২৩২৮০৫৮ |
ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ হৈছে ২০১২ চনত প্ৰকাশ হোৱা, ইংৰাজী ভাষাৰ লেখক তথা নাট্যকাৰ চাইৰাছ মিষ্ট্ৰীৰ এখন ইংৰাজী ভাষাৰ উপন্যাস। এই গ্ৰন্থখনত লেখকে মৃতদেহ কঢ়িওৱা পাৰ্চী সম্প্ৰদায়ৰ বিষয়ে লিখিছে, যি সম্প্ৰদায়ে বম্বেত সমাধিস্থ কৰিবলৈ মৃতদেহসমূহ কঢ়িয়াই লৈ গৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগৰ সময়খিনিৰ ওপৰত ভিত্তি কৰি উপন্যাসখন লিখা হৈছে।[1][2] এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে এই বিষয়ত গৱেষণা কৰি থকাৰ সময়ত এই বিষয়ক উপন্যাসখন লিখাৰ কথা মিষ্ট্ৰীৰ মনলৈ আহে। চলচ্চিত্ৰকাৰজনে চেনেল ফৰৰ বাবে এই বিষয়ত এখন তথ্যচিত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। কিন্তু পৰিকল্পনা মতে তথ্যচিত্ৰখন হৈ নুঠিলত মিষ্ট্ৰীয়ে ইয়াক উপন্যাস ৰূপ দিয়াৰ সিদ্ধান্ত লয়।[3][4]
ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰে ২০১৪ চনত দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰে আৰু ২০১৫ চনত উপন্যাসখনে ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ উপন্যাস শিতানত সাহিত্য অকাডেমি বঁটা পায়।[3][5]
কাহিনী
ফিৰোজ এলচিডানা এগৰাকী পাৰ্চী মৃতদেহ বাহক অৰ্থাৎ খাণ্ডিয়াজ; যাৰ কাম হ’ল মৃতদেহ সংগ্ৰহ কৰা আৰু মৃতদেহবোৰ পচিবলৈ ধৰাৰ আগতে বা শগুনে ভক্ষণ কৰাৰ আগতে শেষৰ ৰীতি-নীতি আৰু কৰ্মসমূহ সম্পূৰ্ণ কৰা। পঢ়া-শুনাত বেয়া ফিৰোজে নিজে এগৰাকী পুৰোহিতৰ পুত্ৰ হৈও খাণ্ডিয়াৰ কন্যা চেপিদেহৰ প্ৰেমত পৰি নিজৰ পৰিয়ালক নিৰাশ কৰিছিল আৰু পিছত তেওঁ তাইকে বিয়া কৰাই এগৰাকী খাণ্ডিয়াজ মৃতদেহ বাহক হৈ পৰিছিল। এদিন ফিৰোজ আৰু তেওঁলোকৰ ছোৱালীজনীক অকলশৰীয়া কৰি চেপিদেহৰ মৃত্যু হয়।
স্বীকৃতি
ডেইলী নিউজ এণ্ড এনালাইছিচ অৰ্থাৎ ডিএনএৰ কাৰণে লিখোঁতে অদিতি শেষাদ্ৰীয়ে এই উপন্যাসখনক এক আকৰ্ষণীয় আৰু অসামান্য বিৱৰণ বুলি কৈ কৈছে যে; ই প্ৰেম আৰু ক্ষতিৰ এক চিত্তাকৰ্ষক, নাটকীয় আৰু গভীৰভাৱে ব্যক্তিগত কাহিনী হব পাৰিলেহেঁতেন, কিন্তু নহল।[1] ডনৰ মহবেজ মুৰাদে লিখিছে; ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ নিখুঁত নহৈও এখন গুৰুত্বপূৰ্ণ কিতাপ।[6] অৰ্জুন সিঙে তেওঁৰ পৰ্যালোচনাত কৈছে যে উপন্যাসখন পঢ়িলে ইয়াক এখন সুগতিশীল, আভ্যন্তৰীণভাৱে সামঞ্জস্যপূৰ্ণ উপন্যাসৰ দৰে অনুভৱ হোৱাতকৈ অত্যধিক কথাৰ ওপৰত বেছিকৈ ক’বলৈ চেষ্টা কৰা খণ্ডিত সামাজিক-ইতিহাসৰ দৰেহে ভাৱ হয়।[7] আউটলুকৰ বখতিয়াৰ কে দাদাভোয়ে ধূসৰ হাস্যৰস, বিদ্ৰুপ আৰু ট্ৰেজেডীৰ মছলাৰে তৈয়াৰী এখন সু-নিৰ্মিত গ্ৰন্থ ৰূপে ইয়াৰ জয় হৈছে বুলি কৈছে।[8]
তথ্যসূত্ৰ