আহোম সকলৰ লগত সঘনে হোৱা সংঘৰ্ষৰ আৰম্ভণিৰ সময়তে কছাৰী সকলে এই কাছমাৰী স্থান এৰি ডিমাপুৰলৈ গৈছিল বুলি অনুমান কৰা হয় ।
বৰ্তমান এই কাছমাৰী অঞ্চলত (Kasomari pathar Monoliths) সেই সময়ৰ কিছুমান শৈলাস্তম্ভ , পুখুৰী দেখিবলৈ পোৱা যায় ।
ডিমাপুৰ
হিড়িম্বা নামৰ পৰাই ডিমাপুৰ নামটো হৈছে। ইয়াৰ প্ৰাচীন নাম হিড়িম্বাপুৰ। অপভ্ৰংশ হৈ ডিম্বাপুৰ আৰু শেষত ডিমাপুৰ নাম হয়গৈ। আন এক বিশ্বাস মতে ডিমাচা আৰু পুৰ (নগৰ)ৰ পৰা ডিমাপুৰ নামটো আহিছে। আহোম বুৰঞ্জীত ডিমাপুৰক "চে-ডিমা" অৰ্থাৎ ডিমাচাৰ নগৰ বুলি উল্লেখ কৰা হৈছে। ১৩শ শতিকাত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌৰ পৰা কলং নদীলৈকে বৰ্তমানৰ ধনশিৰী নৈৰ উপত্যকা আৰু ডিমা হাচাও জিলা সামৰি কছাৰী ৰাজ্য বিস্তাৰ হৈছিল।
আহোমৰ লগত সংঘাত
আহোমসকলে চুতীয়া আৰু কছাৰী ৰাজ্যৰ মাজৰ বৰাহী আৰু মটক লোক থকা অঞ্চলত ৰাজ্য স্থাপন কৰিলে। ১৪৯০ চনত প্ৰথমবাৰৰ বাবে আহোম-কছাৰীৰ সংঘাত হয় আৰু আহোমৰ পৰাজয় হয়। শান্তি স্থাপনৰ বাবে আহোম কুঁৱৰী এগৰাকী কছাৰী ৰজালৈ দিয়া হয় আৰু কছাৰীসকলে ধনশিৰীৰ সিপাৰৰ অঞ্চলো নিয়ন্ত্ৰণলৈ আনে। কিন্তু আহোমসকল শক্তিশালী হৈ উঠাৰ লগে লগে কছাৰীসকলক পশ্চিমলৈ ঠেলি দিয়ে। ১৫২৬ চনত ডিমাচা কছাৰীসকলে আহোমক এখন যুদ্ধত পৰাস্ত কৰিলেও সেই বছৰেই আন এখন যুঁজত হাৰ মানে। ১৫৩১ চনত আহোমসকলে ডিমাপুৰ আক্ৰমণ কৰি কছাৰী কোঁৱৰ ডেটচুঙক কৰতলীয়া ৰজা পাতে আৰু বছৰি ২০টা হাতী আৰু ১ লাখ টকাৰ কৰ আদায়ৰ চুক্তি কৰে। পাঁচবছৰ কৰতলীয়া হৈ থকাৰ পাছত ডেটচুঙে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত ১৫৩৬ চনত আহোমে পুনৰ ডিমাপুৰ আক্ৰমণ কৰি ডেটচুঙক হত্যা কৰে। ডিমাচা কছাৰীসকলে ডিমাপুৰ ত্যাগ কৰি দক্ষিণৰ ফালে মাইবঙত নতুন ৰাজধানী স্থাপন কৰে। ডিমাচা ভাষা মতে "মাই" মানে "ধাননি" আৰু "বং" মানে "বহুত"।
মাইবং
মাইবঙত ডিমাচা কছাৰীসকলৰ ওপৰত ব্ৰাহ্মণৰ প্ৰভাৱ পৰে। ডেটচুঙৰ পুত্ৰই নিৰ্ভয় নাৰায়ণ বুলি হিন্দু নাম লয় আৰু তেওঁৰ ব্ৰাহ্মণ গুৰুক ধৰ্মাধি উপাধি দিয়ে। হিড়িম্বাৰ নামৰ পৰা ৰাজ্যখনৰ নাম হেৰম্ব আৰু শাসকসকলক হেৰম্বেশ্বৰ বুলিও জনা যায়।
মাইবঙৰ ব্ৰাহ্মণ কিংবদন্তি মতে বনবাসৰ সময়ত পাণ্ডৱসকল কছাৰী ৰাজ্যলৈ আহিছিল। ভীম আৰু কুঁৱৰী হিড়িম্বাৰ প্ৰেম হৈ গন্ধৰ্ব বিবাহ হয়। তেওঁলোকৰ ঘটোৎকচ নামৰ এজন পুত্ৰৰ জন্ম হয় যি বহু বছৰ কছাৰী ৰাজ্য শাসন কৰিছিল। তেওঁৰ বংশই চতুৰ্থ শতিকালৈকে "ডিলাও" নদী (অৰ্থ ""দীঘল নদী"") বা এতিয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বৃহৎ অঞ্চল শাসন কৰিছিল। বিশ্বাস কৰা হয় যে কছাৰীসকলে মহাভাৰতৰ যুদ্ধতো অংশ লৈছিল।
খাচপুৰৰ অঞ্চল পূৰ্বতে ত্ৰিপুৰা ৰাজ্যৰ অন্তৰ্গত আছিল। ১৬শ শতিকাত চিলাৰায়ে অধিকাৰ কৰা এই অঞ্চল চিলাৰায়ৰ ভায়েক কমলনাৰায়নে শাসন কৰিছিল। কোচ ৰাজ্যৰ শক্তি টুটি অহাৰ পাছত খাচপুৰ স্বাধীন হৈ পৰে। ১৮ শ শতিকাৰ মাজভাগত শেষ কোচ শাসকজনৰ উত্তৰাধিকাৰী অবিহনে মৃত্যু হোৱাত এই অঞ্চল যৌতুক হিচাপে কছাৰী ৰজাৰ অধীনলৈ যায়। একত্ৰীকৰণৰ পাছত ডিমাচা কছাৰী ৰাজ্যৰ ৰাজধানী বৰ্তমান শিলচৰৰ ওচৰৰ খাচপুৰলৈ স্থানান্তৰিত কৰা হয়।
ব্ৰিটিছৰ আগমণ
১৯শ শতিকাৰ আৰম্ভণিত আহোম ৰাজ্যৰ লগতে ডিমাচা কছাৰী ৰাজ্য মানৰ অধীনলৈ যায়। শেষ ৰজা গোবিন্দচন্দ্ৰক ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছসকলে পুনৰ স্থাপন কৰে। কিন্তু তেওঁ পাৰ্বত্য অঞ্চল শাসন কৰি থকা তুলাৰাম সেনাপতিক বশ কৰাত অসমৰ্থ হ'ল। সেনাপতি তুলাৰাম থাউচেনয়ে দক্ষিণত মাহুৰ নদী আৰু নগা পাহাৰ, পশ্চিমে দৈয়াং নদী, পূবে ধনশিৰি নদী আৰু উত্তৰে যমুনা আৰু দৈয়াং নদীৰ অঞ্চল ৰাজত্ব কৰিছিল। ১৮৩০ চনৰ ২০ এপ্ৰিলত মণিপুৰৰ ৰাজকুমাৰ গম্ভীৰ সিঙৰ প্ৰৰোচনাত কেইজনমান মণিপুৰী লোকে গোবিন্দচন্দ্ৰক হত্যা কৰে। ১৮৩২ চনত সেনাপতি তুলাৰাম থাউচেনক পেঞ্চন দি ব্ৰিটিছে তেওঁৰ শাসিত অঞ্চল অধিগ্ৰহণ কৰে (উত্তৰ কাচাৰ জিলা); আৰু ১৮৩৩ চনত গোবিন্দচন্দ্ৰ অঞ্চলো কাচাৰ জিলা হিচাপে অধিগ্ৰহণ কৰা হয়।[4]
বেণুধৰ শৰ্মা ৰচিত'কছাৰী বীৰ তুলাৰাম সেনাপতি থাউচেন বংশধৰ হয়।
তথ্যসূত্ৰ
Bose, Manilal (1985), Development of Administration in Assam, প্ৰকাশক Assam: Concept Publishing Company
Gait, Edward A. (1906), A History of Assam, প্ৰকাশক Calcutta
Barpujari, S. K. (1997), History of the Dimasas (from the earliest times to 1896 AD), প্ৰকাশক Haflong
Bhattacharjee, J. B. (1992), "The Kachari (Dimasa) state formation", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 391–397
Gogoi, Padmeshwar (1968), The Tai and the Tai kingdoms, Gauhati University, Guwahati
Rhodes, Nicholas G.; Bose, Shankar K. (2006), A History of the Dimasa-Kacharis As Seen Through Coinage, Mira Bose, Library of Numismatic Studies, Kolkata and Guwahati
Dundas, W. C. M., An Outline Grammar And Dictionary Of The Kachari (Dimasa) Language (based on Barman, Mani Charan, Kachari Grammar).