এইচ ডি দেৱেগৌড়া (ইংৰাজী: Haradanahalli Doddegowda Deve Gowda; জন্ম: ১৮ মে' ১৯৩৩)[2] এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেখেতে ভাৰতৰ একাদশ প্ৰধানমন্ত্ৰী (১ জুন ১৯৯৬ – ২১ এপ্ৰিল ১৯৯৭) আছিল।[3] তেখেত ইয়াৰ আগতে ১৯৯৪ৰ পৰা ১৯৯৬লৈ কৰ্ণাটকৰ চতুৰ্দশ মুখ্যমন্ত্ৰী আছিল। তেখেত কৰ্ণাটকৰ হাচান লোকসভা সমষ্টিৰ পৰা ১৬তম লোকসভালৈ নিৰ্বাচিত হৈ আহিছিল। তেখেত জনতা দল (চেকুলাৰ)ৰ ৰাষ্ট্ৰীয় সভাপতি।[4][5]
ৰাজনৈতিক জীৱন
কংগ্ৰেছত যোগদান
এগৰাকী চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লোমাধাৰী গৌড়াই ২০বছৰ বয়সত ১৯৫৩ত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ১৯৬২লৈ দলটোৰ সদস্য হৈ থাকে।[6] এই সময়চোৱাতে তেখেত হ'লেনাৰাসিপুৰাৰ (Holenarasipura) অঞ্জনেয় সমবায় সমিতিৰ সভাপতি আৰু পিছলৈ হ'লেনাৰাসিপুৰাৰ তালুক উন্নয়ন বোৰ্ডৰ সদস্য হৈছিল। ১৯৬২ত গৌড়া হ'লেনাৰাসিপুৰা সমষ্টিৰ পৰা নিৰ্দলীয় সদস্য হিচাপে কৰ্ণাটক বিধানসভালৈ নিৰ্বাচিত হৈ আহে। এই বিধানসভা সমষ্টিটোৰ পৰা তেখেতে ১৯৬২ৰ পৰা ১৯৮৯লৈ একেৰাহে ছয়বাৰ নিৰ্বাচিত হৈ আহিছিল।
কংগ্ৰেছ দলৰ বিভাজন হোৱাৰ পাছত তেখেতে কংগ্ৰেছ (অৰ্গেনাইজেচন)ত যোগ দিয়ে আৰু ১৯৭২ৰ পৰা ১৯৭৬লৈ আৰু পুনৰ ১৯৭৬ৰ পৰা ডিচেম্বৰ ১৯৭৭লৈ বিধানসভাত বিৰোধীদলৰ দলপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।[7] জৰুৰীকালীন সময়চোৱাত (১৯৭৫-৭৭) তেখেতক বাংগালোৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰথা হয়।
জনতা পাৰ্টী সদস্যৰূপে
গৌড়াই দুবাৰকৈ জনতা পাৰ্টীৰ ৰাজ্যিক গোটৰ সভাপতি হৈছিল। তেখেতে ১৯৮৩ৰ পৰা ১৯৮৮লৈ ৰামকৃষ্ণ হেগৰে নেতৃতাধীন কৰ্ণাটকৰ জনতা পাৰ্টী চৰকাৰৰ মন্ত্ৰিত্ব লাভ কৰিছিল। তেখেতে ১৯৯৪ত জনতা পাৰ্টী আৰু অন্যান্য বহুকেইটা দলক চামিল কৰি গঠন কৰা জনতা দলৰ ৰাজ্যিক গোটৰ সভাপতি হৈছিল আৰু ১৯৯৪ৰ কৰ্ণাটক বিধানসভাৰ জয়ৰ ক্ষেত্ৰত চালিকা শক্তিৰূপে কাম কৰিছিল। তেখেতে সেই বছৰৰে ডিচেম্বৰত ৰামনগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ ৰাজ্যখনৰ চতুৰ্দশ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল।[6]
১৯৯৫ৰ জানুৱাৰীত চুইজাৰলেণ্ড ভ্ৰমণ কৰিছিল আৰু আন্তৰ্ৰাষ্ট্ৰীয় অৰ্থনীতিবিদসকলৰ ফোৰামত অংশগ্ৰহণ কৰিছিল।[2]
প্ৰধানমন্ত্ৰী ৰূপে
১৯৯৬ৰ সাধাৰণ নিৰ্বাচনত পি ভি নৰসিংহ ৰাও নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ফলাফল বেয়া হৈছিল; কিন্তু অন্য দলেও চৰকাৰ গঠন কৰিবলৈ প্ৰযোজনীয় সংখ্যক আসন পোৱা নাছিল। সেয়েহে যেতিয়া কংগ্ৰেছৰপৰা বাহিৰৰ পৰা সমৰ্থন লৈ সংযুক্ত মৰ্চাই (কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় পাৰ্টীক বাদ দি গঠন কৰা মৰ্চা) চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত ললে, দেৱে গৌড়াক অভাৱনীয়ভাবে চৰকাৰৰ নেতা বাছনি কৰা হ'ল আৰু তেখেতে ভাৰতৰ একাদশ প্ৰধানমন্ত্ৰীৰূপে শপত ল'লে। তেখেতে ১৯৯৬ৰ ১ জুনৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে আৰু ১৯৯৭ৰ ১১ এপ্ৰিললৈ প্ৰধানমন্ৰীৰ দায়িত্বভাৰ চলাই যায়। তেখেত সংযুক্ত মৰ্চাৰ ষ্টিয়েৰিং কমিতিৰ সভাপতিও আছিল।[4]
জনতা দল (চেকুলাৰ)
জনতা দল (চেকুলাৰ)ৰ শিপা আছিল জনতা পাৰ্টী। জয়প্ৰকাশ নাৰায়ণে ১৯৭৭ৰ সাধাৰণ নিৰ্বাচনত সকলো বিৰোধী ৰাজনৈতিক দলকে একেখন পতাকাৰ তললৈ আনি জনতা পাৰ্টীক জন্ম দিছিল। ১৯৮৮ত জনতা পাৰ্টী আৰু কিছুমান সৰু সৰু বিৰোধী ৰাজনৈতিক দলক একগোট কৰি জনতা দল গঠন কৰা হৈছিল। ১৯৮৯ত জনতা দলৰ নেতৃত্বত ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰ গঠন হয়। জনতা দল তথা মৰ্চাৰ নেতা স্বৰূপে বিশ্বনাথ প্ৰতাপ সিং প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৯৬ আৰু ১৯৯৭ত জনতা দল নেতৃত্বাধীন ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰৰ ক্ৰমে দেৱে গৌড়া আৰু ইন্দৰ কুমাৰ গুজৰাল প্ৰধানমন্ত্ৰী হৈছিল।[6]
১৯৯৯ চনত যেতিয়া দলৰ কেইজনমান জ্যেষ্ঠ নেতাই ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাত জনতা দল বিভাজিত হ'ল। মধু দণ্ডাৱতে, সিদ্ধাৰামায়াকে ধৰি বহুকেইজন নেতাই জনতা দল (চেকুলাৰ)ত অংশগ্ৰহণ কৰিলে, যিটো দলৰ প্ৰধান হ'ল দেৱে গৌড়া। তেখেত দলটোৰ ৰাষ্ট্ৰীয় সভাপতিও আছিল।[6]
তেখেত ১৯৯৯ৰ সাধাৰণ নিৰ্বাচনত পৰাজিত হৈছিল যদিও ২০০২ৰ উপ-নিৰ্বাচনত কনকপুৰাৰ পৰা জিকি আহিছিল।[6]
২০০৪ চনত সিদ্ধাৰামায়াৰ নেতৃত্বত জনতা দলে (চেকুলাৰ) ৫৮খন আসনত জয়লাভ কৰি জোঁটবন্ধন চৰকাৰৰ অংশীদাৰী হৈছিল। ২০০৬ চনত দলটোৱে বিজেপিৰ লগ হৈ এখন বিকল্প চৰকাৰ গঠন কৰে আৰু তেওঁৰ পুত্ৰ এইচ ডি কুমাৰস্বামী ২০ মাহৰ বাবে বিজেপি-জনতা দল (চেকুলাৰ) জোঁটবন্ধন চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ থাকে। ২০০৮ চনৰ নিৰ্বাচনত দলে বেয়া ফল দেখুৱায় আৰু মাত্ৰ ২৮খন আসনহে লাভ কৰে।[8][9]
কৰ্ণাটকৰ সংখ্যালঘু, পিছপৰা আৰু দলিত লোকক প্ৰতিনিধিত্ব কৰা আহিন্দা আন্দোলন চলোৱাৰ পৰিপ্ৰেক্ষিতত দেৱেগৌড়াই সিদ্ধাৰামায়া আৰু চি এম ইব্ৰাহিমক দলৰ পৰা বহিষ্কাৰ কৰে। পিছত দুয়োজনে কংগ্ৰেছত যোগদান কৰি ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হয় আৰু সিদ্ধাৰামায়া মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হয়।[10][11][12]
২০০৮ত ক্ষমতাকেন্দ্ৰিক খোৱা-কামোৰাত কুমাৰাস্বামী চৰকাৰৰ পতন হয়। এই বিধানসভা নিৰ্বাচনত জে.ডি.এচে ২৮খন আসনহে পায়।[13][14][15] বিজেপিৰ দলপতি বি এচ য়েদ্যুৰাপ্পা লিংগায়েত সম্প্ৰদায়ৰ আছিল। জে.ডি.এচৰ এম.পি. প্ৰকাশ আদিকে ধৰিবহুকেইজন লিংগায়েত সম্প্ৰদায়ৰ নেতা দলত্যাগ কৰিলে। যেদিযুৰাপ্পা মুখ্যমন্ত্ৰী হয়।[16][17][18][19][20]
দেৱেগৌড়াই ২০১৯ৰ সাধাৰণ নিৰ্বাচনত টুমকুৰ লোকসভা সমষ্টিত বি.জে.পি. প্ৰাৰ্থী জি.এচ. বাসৱৰাজৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও ১৩,৩৩৯টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে। [20]
অধিষ্ঠিত পদ
- ১৯৬২-৮৯ :কৰ্ণাটক বিদানসভাৰ সদস্য-৭ বাৰ
- ১৯৭২- ৭৬ : কৰ্ণাটক বিধানসভাৰ বিৰোধী দলৰ নেতা
- ১৯৮৩-৮৮ :কৰ্ণাটক চৰাকৰৰ গড়কাপ্তানী আৰু জলসিঞ্চন মন্ত্ৰী
- ১৯৯১ : ১০ম লোকসভালৈ নিৰ্বাচিত
- ১৯৯১-৯৪ :সদস্য, বাণিজ্য কমিটি
- সদস্য, যুটীয়া সংসদীয় কমিটি,সাৰ
- সদস্য, পৰামৰ্শদাতা কমিটি, কৃষি মন্ত্ৰালয়
- ১৯৯৪ : সভাপতি, জনতাদল, কৰ্ণাটক
- ১৯৯৪-৯৬ : মুখ্যমন্ত্ৰী, কৰ্ণাটক
- জুন ১৯৯৬- এপ্ৰিল ১৯৯৭ :ভাৰতৰ প্ৰধানমন্ত্ৰী
- ১৯৯৬- ৯৮ : সদস্য, ৰাজ্যসভা
- নবেম্বৰ ১৯৯৬- এপ্ৰিল ১৯৯৭ : উচ্চসদনৰ দলপতি (ৰাজ্যসভা)
- ১৯৯৮ : ১২তম লোকসভালৈ নিৰ্বাচিত
- ৰাষ্ট্ৰীয় সভাপতি, জনতা দল (চেকুলাৰ)
- ১৯৯৯ :হাচান সমষ্টিত কংগ্ৰেছৰ জি পুট্টাস্বামীৰ বিৰুদ্ধে ত্ৰয়োদশ লোকসভা নিৰ্বাচনত পৰাজিত[21]
- ২০০২ : ত্ৰয়োদশ লোকসভাৰ উপনিৰ্বাচনত বিজয়ী
- ২০০৪ : চতুৰ্দশ লোকসভাত দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা, কনকপুৰাত তৃতীয় স্থান পাই পৰাজিত[22]
- হাচান সমষ্টিৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত
- ২০০৬-২০০৮ : সদস্য, ৰেল কমিটি
- ২০০৯ : পঞ্চদশ লোকসভালৈ নিৰ্বাচিত
- ৩১ আগষ্ট ২০০৯: সদস্য, প্ৰতিৰক্ষা কমিটি
- ২০১৪ : ১৬তম লোকসভালৈ নিৰ্বাচিত
- ১ চেপ্তেম্বৰ ২০১৪ - : সদস্য, ষ্টেণ্ডিং কমিটি, প্ৰতিৰক্ষা
- ২৩ মে' ২০১৯: ১৭তম লোকসভা নিৰ্বাচনত টুমকুৰ সমষ্টিৰ পৰা পৰাজিত।[23] এয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী হিচাপে দেৱেগৌড়াৰ ১৯৯৯ আৰু ২০০৪ৰ পিছত তৃতীয় বাৰৰ বাবে পৰাজয়।
তথ্য উৎস