অৱধী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অৱধী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,৪৮২ টা প্ৰবন্ধ আছে।[1] ডিচেম্বৰ, ২০২৪ পৰ্যন্ত অৱধী সংস্কৰণত ১৯ জন সক্ৰিয় অৱদানকাৰী আৰু ১ জন প্ৰশাসককে ধৰি ৩,৭১০ জন অৱদানকাৰী আছে। অৱধী ভাষা হ'ল উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ অৱধ অঞ্চল আৰু পশ্চিম নেপালৰ তেৰাই অঞ্চলত প্ৰচলিত ভাৰত-আৰ্য ভাষা।