ৰঘুনাথ দাস মহন্ত |
---|
জন্ম |
আনুমানিক ১৮শ শতিকা |
---|
ভাষা |
অসমীয়া |
---|
ধৰণ |
ৰামায়ণী সাহিত্য |
---|
উল্লেখনীয় কৰ্মৰাজি |
অদ্ভুত ৰামায়ণ, কথা ৰামায়ণ |
ৰঘুনাথ দাস মহন্ত ১৮শ শতিকাৰ এজন অসমীয়া লেখক। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য সতানন্দ বৰভকতৰ সপ্তম পুৰুষ।[1] ৰামায়ণক ভিত্তি কৰি তেওঁ শত্ৰুঞ্জয়, অদ্ভুত ৰামায়ণ আৰু কথা ৰামায়ণ নামৰ তিনিখন গ্ৰন্থ ৰচনা কৰিছিল।[2] ইণ্ডো-আৰ্য মূলৰ যিকোনো ভাষাত "কথা ৰামায়ণে"ই প্ৰথম গদ্যত ৰচিত ৰামায়ণ।[3]
বংশ পৰিচয়
তেওঁৰ পিতৃৰ নাম আছিল কৃষ্ণনাথ মহন্ত। ৰঘুনাথ মহন্তৰ জীৱন সম্পৰ্কে সঠিক সমল পোৱা নাযায়। বিভিন্ন পণ্ডিতে এই বিষয়ে মন্তব্য আগবঢ়াইছে, যদিও প্ৰকৃত সময় নিৰ্ণয় হোৱা নাই বুলিয়েই ক'ব পাৰি।
ৰঘুনাথ মহন্তৰ প্ৰথম কাব্যগ্ৰন্থ শত্ৰুঞ্জয়ত এনেদৰে আত্মপৰিচয় দাঙি ধৰিছে-
সতানন্দ নামে সুদামাৰ বংশজাত।
শংকৰক গুৰু মানি সেৱিলা সাক্ষাত॥
.........
.........
তানপুত্ৰ কৃষ্ণনাথ কৃষ্ণপাৱে ধৰি।
তেহো ভৈলা মহন্ত পণ্ডিত পিতৃ সৰি॥
তানপুত্ৰ ৰঘুনাথ ৰামপাৱে গতি।
ৰচিলা পয়াৰ ইটো যেন লৈল মতি॥
শংকৰদেৱৰ শিষ্য সতানন্দ বৰভকতৰ প্ৰথম পুত্ৰ জয়কৃষ্ণৰ নাতি হৰিকৃষ্ণই দৈয়াঙৰ এলেঙি সত্ৰ প্ৰতিষ্ঠা কৰিছিল। হৰিকৃষ্ণৰ পুত্ৰ কৃষ্ণনাথ, কৃষ্ণনাথৰ পুত্ৰ ৰঘুনাথ মহন্ত।[4]
অসমীয়া সাহিত্যৰ ইতিহাসকাৰ সত্যেন্দ্ৰনাথ শৰ্মাই শংকৰদেৱৰ লগত ৰঘুনাথ মহন্তৰ ব্যৱধান দুশ বছৰৰো অল্পাধিক বুলি মন্তব্য কৰিছে। শেষৰখন ৰচনা কথা ৰামায়ণৰ অযোধ্যাকাণ্ডৰ শেষত – “সমাপ্তোয়ং কাণ্ডংশকে ১৭০৩।।” উল্লেখ থকাৰ পৰা গ্ৰন্থখনৰ ৰচনাৰ শেষ সময়সীমা ১৭০৩ শকত, অৰ্থাৎ ১৭৮১ চন বুলি অনুমান কৰিব পাৰি। তাৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁ ১৭৮১ চনৰ সমসাময়িক সময়লৈকে জীয়াই আছিল।[4]
সাহিত্যকৃতি
ৰঘুনাথ মহন্তই তিনিখন গ্ৰন্থ ৰচনা কৰি গৈছে। গ্ৰন্থ কেইখনত মূলতঃ ৰামৰ কাহিনীৰ আধাৰ ৰচিত। তেওঁৰ তিনিখন গ্ৰন্থৰ ভিতৰত শত্ৰুঞ্জয় আৰু অদ্ভুত ৰামায়ণ কাব্যত আনহাতে কথা ৰামায়ণ গদ্যত ৰচিত।
ৰঘুনাথ মহন্তৰ প্ৰথম পুথি "শত্ৰুঞ্জয়"। কাব্যখনৰ ৰচনাৰ সময়-চন-তাৰিখ একো পোৱা নাযায়। কিন্তু হেমচন্দ্ৰ গোস্বামীয়ে কাব্যখনিৰ ৰচনাৰ সময় ১৬৬৮ শক অথাৎ ১৭৩৬ চন বুলি অসমীয়া পুথিৰ বিৱৰণাত্মক তালিকা (Descriptive Catalogue of Assamese Manuscripts) নামৰ গ্ৰন্থত উল্লেখ কৰিছে।[1] সত্যেন্দ্ৰনাথ শৰ্মাইও এই পুথিখন ১৬৬৮ শক অথাৎ ১৭৩৬ চনত সমাপ্ত হৈছিল বুলি মন্তব্য কৰিছে।[4] ইয়াৰ ছপা সংস্কৰণত দুহেজাৰ এশ ত্ৰিশটা চাৰি শৰীয়া পদ আছে।
ৰঘুনাথ মহন্তৰ দ্বিতীয় পুথি "অদ্ভুত ৰামায়ণ"। কাব্যখন ৰচনাৰ সঠিক সময় জ্ঞাত নহয়। বিৰিঞ্চি কুমাৰ বৰুৱা আৰু নবীন চন্দ্ৰ শৰ্মাৰ মতে শত্ৰুঞ্জয় কাব্য আৰু কথা ৰামায়ণ ৰচনাৰ মাজৰ সময়ছোৱাতে ১৭৩৬ চনৰ পৰা ১৭৭১ চনৰ ভিতৰত এইখন ৰচিত।[1] এই অদ্ভুত ৰামায়ণৰ কাহিনীৰ লগত সংস্কৃত 'অদ্ভুত ৰামায়ণ'ৰ কোনো সম্পৰ্ক নাই।[5]
তেওঁৰ একমাত্ৰ গদ্য পুথি "কথা ৰামায়ণ"।[6] এইখন তেওঁৰ শেষ বয়সৰ ৰচনা বুলি ধাৰণা কৰা হয়। আধুনিক প্ৰাদেশিক ভাষাত ৰচিত এইখনেই প্ৰাচীনতম গদ্য ৰামায়ণ।[4] ইয়াত তেওঁ আদিকাণ্ড, অয্যোধাকাণ্ড আৰু অৰণ্যকাণ্ড গদ্য ৰূপত উপস্থাপন কৰিছে। শিষ্ট নামৰ লেখক এজনে 'কিষ্কিন্ধ্যাকাণ্ড' ৰচনা কৰি এই ৰামায়ণত সংযোজন কৰে।[5] ৰঘূনাথ মহন্তৰ গদ্যৰ ভাষাত অংকীয়া নাট ব্ৰজাৱলীৰ প্ৰভাৱো পৰিছে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ